এটা বন্দুকৰ গুলীয়ে কোনো সৃষ্টিশীল সৌন্দৰ্য পিপাসূ মনক আনন্দ দিয়াটো সম্ভৱ নে? অথবা ভগা বটল, পেললীয়া পলিথিন আদি পেলনীয়া সামগ্ৰীয়ে কাৰোবাৰ মনত বিৰক্তি জন্মোৱাৰ সলনি অনাবিল আনন্দ প্ৰদান কৰিব বুলি ভাবিব পাৰেনে? এই অসম্ভৱ যেন লগা কামটো সম্ভৱ কৰিছে গুৱাহাটীৰ বৰপথাৰৰ এটা পৰিয়ালে। ভাস্কৰ্য শিল্পী অলক জ্যোতি পাঠকৰ পৰিয়ালটোৰ উদ্যোগত বহুতো দেশী-বিদেশী শিল্লীয়ে পেলনীয়া বস্তুক ৰূপ দিছে একো একোটা শিল্প-কৰ্মৰ। বন্দুকৰ গুলিৰ দৰে হিংসা, সন্ত্ৰাসৰ প্ৰতীকো পৰিণত হৈছে সৌন্দৰ্যৰ প্ৰতীকত আৰু শান্তিৰ বাণীৰ লগতে বাৰ্ত্তা বিলাইছে পৰিবেশ সংৰক্ষণৰ।
সচৰাচৰ আপুনি বা আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বস্তুবোৰ অলপ পুৰণা হ’লেই পেলাই দিওঁ, অদৰকাৰী বুলি ভাবোঁ। কিন্তু সেইবোৰ বস্তুকো অনন্য ৰূপ দিছে এই শিল্পীসকলে । এটা সৰু উদাহৰণ দিও, পুৰণি দাঁত চাফা কৰা ব্ৰাছ, বাচন ধোৱা লিকুইদ ডিটাৰজেন্টৰ বটল, ডিচ্পোজেল চামুচ, পানীৰ টেপৰ অংশৰে নিৰ্মাণ কৰা হৈছে এটা চৰাই।
উল্লেখযোগ্য যে অলক জ্যোতি পাঠকে ইতিমধ্যে কলা, সংস্কৃতি, প্ৰকৃতিৰ সুৰক্ষাৰ আগত ৰাখি ঘৰতে “পৰিবৰ্ত্তন” নামৰ এটা বে-চৰকাৰী সংগঠন জন্ম দিছে।
ব্যতিক্ৰমী মানসিকতাৰ সন্ধান বিচাৰি-
সৰুৰে পৰা অলক জ্যোতি পাঠকৰ পৰিবেশ সংৰক্ষণ তথা সুৰক্ষা কৰাটো একপ্ৰকাৰৰ ৰাপ আছিল। সেয়েহে তেওঁ মহানগৰীৰ আৰ্য কলেজৰ পৰা কলেজীয়া শিক্ষা সমাপ্ত কৰি বৰোদা ইউনিভাৰচিটিৰ পৰা ফাইন আৰ্টৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পিছৰ পৰ্যায়ত ইজৰাইলত শিল্পকলাৰ ওপৰত বহুতো কাম কৰে। ইয়াৰ পৰবৰ্ত্তী পৰ্য্যায়ত স্বগৃহলৈ আহি নিজা মূলধন আৰু পৰিয়ালৰ সমূহ সদস্যৰ সহযোগত “পৰিৰ্বত্তন” নামৰ এটা সামাজিক সাংস্কৃতিক পৰিবেশ সম্পৰ্কীয়া এটা সংগঠনৰ ২০০৮ চনত জন্ম দিয়ে। এই সম্পৰ্কে অলক জ্যোতি পাঠকৰ মাতৃ নলিনী পাঠকে কয়, 'মোৰ ল’ৰা আলকে বৰোদা ইউনিভাৰচিটিত পঢ়ি থাকোতে মোলৈ চিঠি লিখে - মা মোৰ প্ৰকৃতি ওপৰত কাম কৰাৰ প্ৰবল ইচ্ছা আছে। প্ৰথমে আমি আচৰিত হৈছিলো। কিয়নো সকলো মাক দেউতাকে নিজৰ সন্তানে এটা ভাল চাকৰি কৰাৰ কথা ভাবে, আমিও ইয়াৰ ব্যতিক্ৰম নাছিলো। কিন্তু তাৰ ধাউতি ব্যতিক্ৰম দেখি তেনেকৈয়ে পিছৰ পৰ্য্যয়ত আমি হাত উজান দিছিলো। পোন প্ৰথমে পাহাৰ ধবংস যজ্ঞৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিছিল। মানুহবোৰে প্ৰথমৱস্থাত বুজি পোৱা নাছিল অথৱা বিৰুদ্ধাচৰণ কৰিছিল যদিও বৰ্ত্তমান সময়ত বহু ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে।'
“পৰিৰ্বত্তন”ৰ ফালৰ পৰা বৃক্ষ ৰোপণ, প্ৰকৃতি সুৰক্ষা, সম্বলিত কৰ্মশালা, চিত্ৰংকন প্ৰতিযোগিতা আৰু বশিষ্ঠ নদী চাফা আদিবোৰ কাৰ্য্য সমাপণ হৈছে । “পৰিবৰ্ত্তনৰ” প্ৰতিটো অনুষ্ঠানত বিদেশী শিল্পীয়ে প্ৰতিটো খোজত খোজ মিলাইছে।
বিদেশী শিল্পীৰ আগমনৰ উহঁ বিচাৰে
য়'ৰ ষ্ট'ৰীৰ ফালৰ পৰা যেতিয়া অলক জ্যোতি পাঠকৰ ঘৰলৈ গৈছিলো তাত লগ পাইছিলো বহু বিদেশী শিল্পীক । বিদেশী শিল্পীৰ কিদৰে আগমন হ’ল? 'বৰোদা ইউনিভাৰচিটিত পঢ়ি থকা সময়তে বহুকেইজন বিদেশী বন্ধু লগ পাইছিলো, সেইসুত্ৰে বিদেশী বন্ধুৰ চিনাকীয়েই এজন এজনকৈ বিদেশী শিল্পী আহিল। আৰু সেইয়াই বিদেশী শিল্পীয়ে ঘৰ ভৰি পৰা আৰম্ভণী। মইও ভাস্কৰ্য শিল্পৰ লগত জড়িত হৈ পৰোঁ । ইতিমধ্যে কলাক্ষেত্ৰত মই নিজে বনোৱা ভাস্কৰ্য শিল্প দান কৰিছো।'
অলক জ্যোতি পাঠকৰ সৃষ্টিৰ আত ধৰি
কোনো এটা শুভ কামৰ আৰম্ভণী নিশ্চয়কৈ শুভ ঠাইৰ পৰাই হয়। অলক জ্যোতি পাঠকৰ যাত্ৰা সাংস্কৃতিৱান পৰিয়াল পৰাই আৰম্ভ হৈছিল। বৰপেটাৰ সত্ৰৰ দহাটীৰ নামৰ ঠাই ৰে এই পৰিয়ালটো গুৰি আছিল। অলক জ্যোতি পাঠকৰ মাক নলিনী পাঠকে য়'ৰ ষ্ট'ৰীক এনে দৰে কয়- 'সমগ্ৰ দেশৰে বহু দেশ-বিদেশী শিল্পী, পৰ্যটকে আমাৰ ঘৰত আহি থাকে, তেওঁলোক অসমৰ প্ৰকৃতি, সংস্কৃতি পৰম্পৰা, খাদ্যসম্ভাৰ আৰু পৰ্যটনৰ সম্পৰ্কে আমাৰ পৰা জানিব বিচাৰে, আমি যিমান পাৰোঁ জনাবৰ চেষ্টা কৰোঁ আৰু আমি তেওঁলোকৰ সংস্কৃতি খাদ্য সম্ভাৰৰ বিষয়ে শিকি আছো। সম্পৰ্ণ ঘৰুৱা ধৰনে তেওঁলোকক আতিথ্য প্ৰদান কৰো। থকা –খোৱাৰ বাবদত কোনো ধৰণৰ মূল্য নলও। মোৰ দুখন হাতেৰে যিমান পাৰি পাৰ্যমানে অসমীয়া আহাৰে অতিথি আপ্যায়ন কৰিব চেষ্টা কৰোঁ।'
উল্লেখযোগ্য যে আৰ্জেন্টিনা, মেক্সিকো, ব্ৰাজিল, লণ্ডন, ফ্ৰান্স, আমেৰিকা, জামাৰ্নী আদি কৰি বহু দেশৰ বিভিন্ন বিদেশী শিল্পী আৰু পৰ্যটক পাঠকৰ বৰপথাৰৰ ঘৰ খনত থাকে। এক কথাত ক’বলে গ’লে, পাঠকৰ ঘৰৰ পৰাই এখন দেশৰ প্ৰতিনিধিত্ব হৈ আছে। লগতে প্ৰকৃতিৰ সুৰক্ষা, সাংস্কৃতিক শিল্পীৰ বিকাশ আৰু পৰ্যটনৰ বিকাশ পাঠকৰ ঘৰখনৰ পৰা হৈ আছে। উল্লেখযোগ্য যে এনে গঠনমূলক কামৰ প্ৰতি সহাঁৰি জনাই বন বিভাগে বিভিন্ন গছ পুলি ৰোপণৰ বাবে বিনামুলীয়াকৈ প্ৰদান কৰি আহিছে। অলক পাঠক আৰু তেওঁ ঘৰখনৰ প্ৰতিটো শুভকামৰ সংগী প্ৰতিজন ব্যক্তিয়েই হওক।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই
উদ্যোগশীলতাৰ যাত্ৰা পথৰ কাঁইট সমূহ
বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে