Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল

গুৱাহাটীৰ বজাৰত উবেৰৰ নতুন কৌশল

Wednesday August 17, 2016,

3 min Read

পুনৰবাৰ প্ৰমাণিত হ'ল যে আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানবোৰে ভাৰতত নিজৰ সেৱা সমূহ পুনৰবাৰ সংজ্ঞাবদ্ধ কৰিবলগীয়া হয় ।ভাৰতৰ দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ মহানগৰ সমূহৰ দুৰ্বল ইন্টাৰনেট সেৱালৈ লক্ষ্য ৰাখি উবেৰে এইবাৰ প্ৰৱৰ্তন কৰিছে এক নতুন সেৱা যাৰ সহায়ত এপ অবিহনে উবেৰৰ সহায়ত চলা টেক্সি বুক কৰিব পৰা যাব । স্মাৰ্ট ফ'নৰপৰা dial.uber.comত লগ ইন কৰি পোনে পোনে টেক্সি বুক কৰিব পৰা যায় । 

বৰ্তমান এই সুবিধা গুৱাহাটী, নাগপুৰ, কোচি আৰু যোধপুৰত প্ৰৱৰ্তন কৰা হৈছে । অৱশ্যে পৰৱৰ্তী সময়ত এই সুবিধা আন চহৰলৈ প্ৰসাৰিত কৰা হ'ব নে নহয় সেই সম্পৰ্কে কোনো কথা স্পষ্ট কৰা হোৱা নাই । 

মেট্ৰ' চহৰ সমূহৰ উন্নত ইন্টাৰনেটে সেৱাই উবেৰ বা অ'লাৰ দৰে সেৱা সমূহ গাড়ীচালক আৰু গ্ৰাহকৰ মাজত বিপুলভাৱে জনপ্ৰিয় হোৱাত সহায় কৰিছে । কিন্তু ২য় আৰু ৩য় শ্ৰেণীৰ চহৰ সমূহত মবাইল ইন্টাৰনেট সেৱা যথোপযুক্ত নোহোৱা আৰু আন্তঃগাঁঠনিৰ অভাৱে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । 

[email protected]’ৰ মতে ব'ষ্টন কনচeল্টিং গ্ৰুপ আৰু ইন্টeৰনেট এণ্ড মবাইল মাৰ্কেটিং এছচিয়েচন অৱ ইণ্ডিয়াৰ ২০১৫ চনৰ এক প্ৰতিবেদনত ২০১৮ৰ ভিতৰত গ্ৰাম্যাঞ্চলৰ ইন্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ২৮০ নিযুতলৈ বৃদ্ধি পাব বুলি কোৱা হৈছে। বিশেষকৈ ২য়, ৩য় আৰু ৪ৰ্থ শ্ৰেণীৰ চহৰ সমূহত এই সংখ্যা প্ৰচুৰ পৰিমাণে বাঢ়িব বুলি কোৱা হৈছে । 

ভাৰতত উবেৰৰ শেহতীয়া প্ৰসাৰ

ব্যৱসায়, প্ৰযুক্তি আৰু যোগাযোগৰ ক্ষেত্ৰত প্ৰসাৰৰ বাবে উবেৰে ভাৰতত তিনিজন নতুন শীৰ্ষ বিষয়াক নিযুক্তি দিছে । আৰবান লেডাৰৰ প্ৰাক্তন মূখ্য প্ৰযুক্তি বিষয়া অপূৰ্ব দালালে ইতিমধ্যে কাৰিকৰী দলৰ মূৰব্বী হিচাপে যোগদান কৰিছে । 

কেইবাটাও দেশী বিদেশী প্ৰতিষ্ঠানৰ অভিজ্ঞতাপুষ্ট মহেশ ভাল্লাই ব্যাৱসায়িক মূৰব্বী হিচাপে যোগদান কৰিছে । আনহাতে ছাংহাইত ফৰ্ড মটৰ্ছত কৰ্মৰত অভিষেক মহাপাত্ৰই উবেৰ ইণ্ডিয়াৰ কমিউনিকেচন হেড হিচাপে যোগদান কৰিছে । 

লক্ষ্যণীয়ভাৱে ভাৰতৰ বজাৰখনত উবেৰৰ কাৰ্যপ্ৰণালী আন ঠাইতকৈ বেলেগ । ভাৰতত প্ৰথমবাৰৰ বাবে উবেৰে নগদ ধনেৰে ভাৰা পৰিশোধ কৰাৰ সুবিধা প্ৰৱৰ্তন কৰিছিল । আনকি অট'ৰিক্সা আৰু বাইক টেক্সিও প্ৰৱৰ্তন কৰিছিল উবেৰে । ভাৰতীয় প্ৰতিদ্বন্দী অ'লাৰ সৈতে ফেৰ মাৰিবলৈ উবেৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে । ভাৰতৰ বজাৰখনৰ ৪০ শতাংশ নিয়ন্ত্ৰণ কৰাৰ দাবী কৰে উবেৰে । 

ৰাজ্য চৰকাৰ সমূহৰ সৈতে উবেৰৰ সংঘাত

মূলতঃ ছাৰ্জ প্ৰাইচিঙক লৈ ৰাজ্য চৰকাৰ সমূহৰ সৈতে সংঘাতত লিপ্ত হৈছে উবেৰ । দিল্লী আৰু বাঙ্গালুৰুত ছাৰ্জ প্ৰাইচিঙক লৈ চৰকাৰৰ তীব্ৰ অসন্তুষ্টিৰ সন্মূখীন হৈ আহিছে উবেৰ । 

আনহাতে উবেৰৰ বাইক টেক্সি সেৱা কৰ্ণাটক চৰকাৰে বন্ধ কৰিবলা বাধ্য কাৰইছিল এইবুলি যে আইনত ইয়াৰ উল্লেখ নাই । লগতে ইয়াৰ বাবে উবেৰে প্ৰয়োজনীয় অনুমতি লোৱা নাছিল বুলিও প্ৰশাসনে অভিযোগ কৰে । 

বিনিয়োগ 

ভাৰতৰ বাজাৰত উবেৰৰ ১০০ কোটি মাৰ্কিন ডলাৰ পৰিমাণৰ বিনিয়োগ কৰা কথাটোৱে ইয়াকে স্পষ্ট কৰে যে উবেৰে ভাৰতৰ ১৩০ কেটিৰ বজাৰখন দখল কৰিবলৈ আগ্ৰহী । চীনত উবেৰৰ বিনিয়োগ আছিল ১২০ কোটি মাৰ্কিন ডলাৰৰ আৰু দিদিৰ আছিল ১০০০ কোটিৰ বিনিয়োগ যি চীনৰপৰা উবেৰক ওলাই আহিবলৈ বাধ্য কৰিলে । আনহাতে উবেৰৰ ভাৰতীয় প্ৰতিদ্বন্দী অ'লাই ইতিমধ্যে ছফটবেংকৰ সহায়ত নিজৰ বিনিয়োগ ১২০ কোটি মাৰ্কিন ডলাৰলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । আনহাতে ৩০০-৪০০ নিযুত মাৰ্কিন ডলাৰ পুনৰ বিনিয়োগ কৰাৰ কথা চলি আছে । 

এই বছৰৰপৰা অ'লাই ইয়াৰ মূল ব্যৱসায়ৰ এপৰত গুৰুত্ব প্ৰদান কৰিবলৈ সিদ্ধান্ত লৈছে আৰু ইতিমধ্যে খাদ্য আৰু শাকপাচলি যোগানৰ ব্যৱসায় অ'লা কেফে আৰু অ'লা ষ্ট'ৰ তেওঁলোকে বন্ধ কৰি দিছে । 

বিহঙ্গম দৃষ্টিত

বৰ্তমান চলি থকা প্ৰতিদ্বন্দীতাৰ পটভূমিত এই কোম্পেনীকেইটাৰ ভৱিষ্যৎ সম্পৰ্কে কোনো কথা কোৱা টান । থলুৱা কোম্পেনী সমূহক নিশ্চিতভাৱে অধিক সহযোগৰ প্ৰয়োজন হ'ব । কিন্তু বিনিয়োগ বা অধিগ্ৰহণৰ বাদে যিটো কথাই এই কোম্পেনীবোৰৰ ভৱিষ্যৎ নিৰ্দ্ধাৰণ কৰিব সেয়া হৈছে গ্ৰাহক । 

মূল- সংঘমিত্ৰা কৰ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিৰক্তিকৰ সহকৰ্মীৰ সৈতে কিদৰে কাম কৰিব

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

বিশেষজ্ঞৰ দৃষ্টিৰে যুৱচামৰ বিত্তীয় জিজ্ঞাসাৰ উত্তৰ