অনন্ত অম্বানিৰ ফিটনেছ ট্ৰেইনাৰ বিনোদ চান্নাই এদিন দৈনিক এসাজহে খাবলৈ পাইছিল
Monday August 08, 2016,
2 min Read
মুকেশ অম্বানিৰ পুত্ৰ অনন্ত অম্বানিৰ পুত্ৰই ১৮ দিনত ১০৮ কিলো ওজন হ্ৰাস কৰাৰ বিষয়টোৱে যথেষ্ট চৰ্চিত এটা বিষয় । নিশ্চিতভাৱে ই এক আকৰ্ষণীয় তথ্য কিন্তু তাতোকৈ আকৰ্ষণীয় তথ্য হ'ল তেওঁল ফিটনেছ প্ৰশিক্ষক আৰু শৰীৰচৰ্চাবিদ বিনোদ চান্নাৰ কাহিনী । মুম্বাইৰ এটা সধাৰণ পৰিয়ালৰ বিনোদৰ জীৱন সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰমৰ জীৱন । এটা সময় আছিল যেতিয়া তেওঁলোকৰ দুবেলা দুমুঠি খোৱাটো অসম্ভৱ হৈ পৰিছিল । তেওঁ ইমানেই ক্ষীণ আছিল যে তেওঁৰ নামেই হৈ পৰিছিল 'শুকড়া' (মাৰাঠী ভাষাত শুকান আৰু ক্ষীণ )।
কলেজীয়া দিনত ইটো সিটো কাম কৰি নিজৰ খৰচ উলিয়াইছিল । যিহেতু শৰীৰচৰ্চৰ প্ৰতি তেওঁৰ আগ্ৰহ আছিল সেয়ে মাহে ৫০ টকা মাচুল দি তেওঁ এটা ব্যায়ামাগাৰত নামভৰ্তি কৰে । সেই সময়তে তেওঁ এজন পেছাদাৰী প্ৰশিক্ষক হোৱাৰ প্ৰশিক্ষণো গ্ৰহণ কৰে । বৰ্তমান তেওঁ মুম্বাইৰ খাৰ অঞ্চলত ভিচি ফিচনেছ নামৰ এটা ফিটনেছ চেন্টাৰ চলায় ।
বিনোদে জন আব্ৰাহাম, শিল্পা শেট্টিকে ধৰি বহু চেলিব্ৰিটিক প্ৰশিক্ষণ দিছে । তেওঁৰ অন্যতম সফলতা হ'ল অনন্ত অম্বানি । তেওঁৰ তত্বাৱধানতে অনন্তে ১৮ দিনত ১০৮ কেজি ওজন কমাবলৈ সক্ষম হয় । অনন্তৰ দৈনন্দিন জীৱনৰ অংশ হ'ল ২১ কিলোমিটাৰ খোজকঢ়া, যোগাসন, ভাৰোত্তোলন আৰু অন্নান্য ব্যায়াম । আনহাতে অনন্তৰ খাদ্য তালিকাখনো সম্পূৰ্ণৰূপে শৰ্কৰা বিহীন, চৰ্বি আৰু প্ৰ'টিন নিয়ন্ত্ৰিত খাদ্য নিৰ্ভৰশীল ।
এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কিছুমান কাহিনী
জিএছটিয়ে ষ্টাৰ্টআপক কিদৰে লাভাম্বিত কৰিব
কাশ্মীৰী পণ্ডিত পৰিয়ালক সহায়ৰ বাবে নিজৰ জীৱন বিপন্ন কৰা এক কাশ্মীৰী মুছলমান দম্পতি