মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

মণিপুৰৰ ৬৩ বছৰীয়া পটশ্বাংবাম দেবকান্তই ১৬৫ বিধ ধানৰ খেতিৰে লাভ কৰিছে দেশজোৰা প্ৰসিদ্ধি

Thursday June 29, 2017,

2 min Read

ধানখেতিৰ বাবে অতি অনুকূল স্থান হ'ল মণিপুৰ । সেয়েহে ইয়াত ধানখেতি কৰাটো সহজ কিন্তু যিটো কথাই পটশ্বাংবাম দেবকান্তক আন এশজন খেতিয়কৰ পৰা পৃথক কৰিছে সেয়া হ'ল তেওঁ কৰা ধানখেতিৰ বৈচিত্ৰ ।

মণিপুৰৰ ৬৫ বছৰীয়া পটশ্বাংবাম দেবকান্তই আজিৰপৰা পাঁচবছৰ আগতে ইম্ফলৰ নিজৰ ঘৰত চাৰি প্ৰকাৰৰ ধানৰ খেতি আৰম্ভ কৰিছিল । লাহে লাহে তেওঁৰ এই চখ নিচালৈ পৰিণত হয় আৰু তেওঁ গাৱেঁ-ভূঞে বিভিন্ন ধৰণৰ পাৰম্পৰিক ধানৰ সন্ধান কৰিবলৈ ধৰে । আজি তেওঁ ১৬৫ বিধ ধানৰ খেতি কৰে । ইয়াৰে কিছুমান ধান ঔষধি গুণসম্পন্ন । উদাহৰণ স্বৰূপে মণিপুৰৰ বিশেষ ধান চাক-হাও পৈৰেইটন নামৰ এবিধ ক'লা চাউল যি ভাইৰেল ফিভাৰ, ডেংগু আৰু কৰ্কটৰোগ আৰোগ্য কৰাত সহায় কৰে । তথাপি তেওঁ অব্যাহত ৰাখিছে বিভিন্ন নতুন প্ৰজাতিৰ সন্ধান । 

Image Source: Rediff

Image Source: Rediff


ৰাষ্ট্ৰীয় বীজ বৈচিত্ৰতা মহোৎসৱ ২০১৭ত তেওঁ তেওঁৰ বীজসমূহ প্ৰদৰ্শন কৰে । তেওঁ কয়-

"মই হাতত লোৱা কামটো অত্যন্ত প্ৰত্যাহ্বানপূৰ্ণ আছিল আৰু বিভিন্ন ধৰণৰ পাৰম্পৰিক বীজ সংগ্ৰহ কৰাটো আৰু কঠিন আছিল । কিন্তু মি আশাবাদী আছিলো । কেইজনমান কৃশকৰ সহায়ত মই এনেকুৱা বিৰল প্ৰজাতিৰ ধানবোৰ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিলো আৰু মই ঘূৰি চাবলগীয়া হোৱা নাছিল । কিন্তু এইবোৰ বিচাৰি উলিওৱাটো আছিল প্ৰথম খোজ । এইবোৰ উৎপাদনক্ষম কৰি তোলাটো আছিল মূল কাম ।" 

এই সঁচবোৰ দেশৰ অন্য ঠাইতো ৰূব পাৰি । পটশ্বাংবামক তেওঁ আগবঢ়োৱা অৱদানৰ বাবে ২০১২ চনৰ প্ৰটেকশ্বন অৱ প্লান্ট ভেৰাইটিজ এণ্ড ফাৰ্মাৰ্ছ ৰাইটছ এক্ট বঁটা প্ৰদান কৰা হৈছিল । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এ পি জে আব্দুল কালামৰ এসময়ৰ গাড়ীচালক এতিয়া ইতিহাসৰ অধ্যাপক

মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই

৬ বছৰীয়া মিনি ব্ৰুচ লী ৰিয়ুজি ইমা