কৰ্মক্ষেত্ৰত পুৰুষতকৈ নাৰীয়েহে আনক অধিক সহায় কৰে : শচী ইৰ্ডে,কাৰ্যবাহী সঞ্চালক, কেটেলিষ্ট ইন ইণ্ডিয়া

কৰ্মক্ষেত্ৰত পুৰুষতকৈ নাৰীয়েহে আনক অধিক সহায় কৰে : শচী ইৰ্ডে,কাৰ্যবাহী সঞ্চালক, কেটেলিষ্ট ইন ইণ্ডিয়া

Sunday November 08, 2015,

5 min Read

শচী ইৰ্ডে। কৰ্মক্ষেত্ৰত মহিলাৰ বিকাশৰ ক্ষোত্ৰত কাম কৰি থকা কেটেলিষ্ট ইন ইণ্ডিয়া( Catalyst in India) নামৰ সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক হৈছে শচী। Microland, Spice Mobile, Wipro আৰু Infosys আদিৰ দৰে বিভিন্ন কোম্পেনীত প্ৰায় ১৭বছৰ কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট শচী ইৰ্ডে। কেটেলিষ্ট ইন ইণ্ডিয়া( Catalyst in India)ৰ নেতৃত্ব বহন কৰি জীৱনৰ বাকীচোৱা সময় মহিলাৰ উত্তৰণ আৰু স্বাৰ্থৰ বাবে কাম কৰি যাবলৈ সংকল্প লোৱাৰ প্ৰাক মুহুৰ্তত শচী ইৰ্ডে আছিল Infosysৰ Head of Diversity and Inclusion। আমি আজি আমাৰ HerStory শিতানত এইগৰাকী প্ৰতিভাসম্পন্ন উদ্যোগী মহিলাৰ সৈতে আপোনালোকক চিনাকী কৰাই দিবলৈ ওলাইছো।

image


HerStory: শৈশৱৰে পৰা শিকি অহা এনেকুৱা কিছুমান শিক্ষাৰ কথা কওকচোন, যিয়ে আপোনাক এতিয়াও প্ৰেৰণা দিয়ে ।

শচী ইৰ্ডে : মোৰ জন্ম হৈছিল এক ঔদ্যোগীক চহৰত। ডাঙৰ দীঘলো তাতেই হৈছিলো। শৈশৱত বিভিন্ন কৰ্মক্ষেত্ৰৰ লোকৰ মাজত উমলি-জামলি ডাঙৰ হলোঁ। শৈশৱতে বিভিন্ন ভাষা,ধৰ্ম,সংস্কৃতি,খাদ্যসম্ভাৰ আদিৰ প্ৰতি এক শ্ৰদ্ধা সোমাই গৈছিল। বন্ধুবৰ্গৰ মাজত আছিল দেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা লৰা-ছোৱালী । আমি শৈশৱতে দেশৰ বৈচিত্ৰৰ উমান পাইছিলো আৰু সেই বিবিধতাৰ মহত্ব আৰু গুৰুত্বক সন্মান দিবলৈ শিকিছিলো। সেইবাবেই আমি চবেই বিভিন্ন উৎসৱ-পাৰ্বন, বিভিন্নজনৰ সুখ-দুখ অনুভুতি আদি ভালকৈয়ে বুজি উঠিছিলো। এক এনাজৰিয়ে আমাক স্কুলৰ সময়ছোৱাৰে পৰা বান্ধি ৰাখিছিল। আমাৰ বাবে শিক্ষা আছিল যথেষ্ট গুৰুত্বপূৰ্ণ আৰু শ্ৰেণীত প্ৰথম হোৱাৰ বাবে আমাৰ আছিল এক অঘোষিত প্ৰতিযোগীতা। Computer Science বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত মই MBA in Marketing কৰিবলৈ সিদ্ধান্ত ললোঁ। কাৰণ দিনৰ ৮ৰ পৰা ১০ঘন্টালৈ একেলেথাৰিয়ে এটা কম্পিউটাৰৰ সমুখত মই নিজকে বহুৱাই ৰাখিব নোৱাৰিলোহেতেন বুলি জানিছিলো। নিজৰ শিক্ষা আৰু কৰ্মক্ষেত্ৰ নিৰ্বাচন কৰাৰ স্বাধীনতা মোক মোৰ দেউতাই দিছিল। আমাৰ শৈশৱৰ আন এটা গুৰুত্বপূৰ্ণ দিশ আছিল আমি এক নিৰাপদ ,মুক্ত আৰু স্বাধীন পৰিবশত নিজকে ৰাখি প্ৰকৃতিৰ সৈতে নিজকে সংপ্ৰৃক্ত কৰি নতুন কথা নতুন চিন্তা আহৰণৰ সুবিধা পাইছিলো। এই পৰিবেশটোৱে মোক স্বাধীনভাৱে, নিৰ্ভিকভাৱে বিভিন্ন সম্পৰিক্ষাৰে জীৱনত risksলবলৈ আৰু প্ৰত্যাহ্বান গ্ৰহন কৰিবলৈ শিকাইছিল। আনকি আজিও।

HerStory: আপোনাৰ কৰ্মময় জীৱনটোৰ বিষয়ে কিছু কথা কওকচোন।

শচী ইৰ্ডে : মোৰ চাকৰি জীৱন আৰম্ভ হৈছিল ১৯৯৪চনত marketing managerহিচাপে । ১৯৯৬চনত মই Spice Telecom ৰ Senior Manager for marketing and sales পদত যোগদান কৰিলো। ৭ বছৰ মই তাতেই কাম কৰিছিলো। সেইসময়ত মই সেইসকল মহিলাৰ ভিতৰত আছিলো,যিয়ে salesত চাকৰি এটা লাভ কৰি আনন্দিত হৈছিল। .মই মোৰ কাম,যেনে client meetings, making proposals, negotiating আৰু finally winning orders/contractsআদি প্ৰতিটো কামেই যঠেষ্ট আনন্দেৰে কৰিছিলো। তাৰ পিছত মই যোগদান কৰিলো Wipro ৰ HR হিচাপে। তাতো ৩ বছৰ সেৱা আগবঢ়োৱাৰ পিছত মই আহিলো Infosysলৈ। মই মাৰ চাকৰি জীৱনত কোম্পেনীৰ পৰা কোম্পেনীৰ লৈ যোৱাৰ পৰিৱৰ্তে এটা কামৰ পৰা আন এটা কামলৈহে গৈছিলো। কৰ্মক্ষেত্ৰত বা বিভিন্ন সংস্থানত থকা কামৰ সুবিধা আৰু প্ৰত্যাহ্বান সম্পৰ্কে জানিবলৈ থকা মোৰ একান্ত হেঁপাহটোৱেই মোক বিভিন্ন কৰ্মক্ষেত্ৰ আৰু বিভিন্ন পদ নিৰ্বাচনত আগুৱাই লৈ গৈছিল। মই মোৰ চাকৰি জীৱনত মোৰ কৰ্মক্ষেত্ৰসমুহত line salesপৰা আৰম্ভ কৰি retail channel sales, advertising and marketing, backend customer service – loyalty programme, business partner HR, employee relations and internal communications, diversity and inclusion (D&I)আদি সকলো কথা শিকিলো।

HerStory: বাৰু, Infosysৰ দৰে এটা কোম্পেনীত এটা ভাল স্থানত চাকৰি কৰি থকাৰ সময়ত নিজাকৈ কিয় এটা নন-প্ৰফিট সংস্থা খোলাৰ কথা ভাবিলে বাৰু ?

শচী ইৰ্ডে : Infosysত মই যেতিয়া diversity and inclusion (D&I) পদত কাম কৰি আছিলো তেতিয়া মই এটা কৰ্মক্ষেত্ৰত এগৰাকী মহিলাই সমুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত হলো। মোৰ চকু খোল খাই গ’ল আৰু ভাবিবলৈ বাধ্য হলো মহিলাৰ সচা প্ৰতিভাক একোটা সংস্থানে নো কিমান প্ৰাধান্য আৰু গুৰুত্ব দিয়ে। Catalystত মই সচা অৰ্থতে এগৰাকী “catalyst” । মই শেহতীয়াভাবে মহিলাসকলৰ মাজত ব্যৱসায়ীক সমাজ গঠন আৰু সম্ভাৱনা, কৰ্ম-সংস্কৃতি আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰি “catalyst”ৰ যিটো মূল উদ্দেশ্য- ‘expanding opportunities for business and women’ অৰ্থাত মহিলা আৰু ব্যৱসায়ত সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰাপ তাক আগুৱাই নিয়াত মনোনিবেশ কৰিছো। মই সদায়েই মোৰ পথত দেখা দিয়া প্ৰতিটো প্ৰত্যাহ্বানৰ সাহসেৰে মুখামুখী হওঁ আৰু প্ৰতি ৩চেকেণ্ডত ১০টা কাম একেলগে কৰিবলৈ সদায়েই সাজু থাকো। নিজৰ ১৭বছৰীয়া কৰ্প’ৰেট কৰ্মজীৱনত বিভিন্ন চিৰি বগাই যোৱাৰ অন্তত মই এটা কথাই অনুধাৱন কৰিছো যে Catalystত মোৰ কৰ্ম দায়িত্ব হৈছে মোৰ ব্যক্তিত্বতকৈয়ো বিশাল আৰু পৃথিৱীত এক চানেকী ৰাখি যাব পৰা কিছু কাম কৰা।

HerStory: Catalystত কাম কৰা এই দিনসমুহত আপুনি কোনো উল্লেখযোগ্য আৰু গুৰুত্বপূৰ্ণ দিশৰ সন্ধান পাইছেনে?

শচী ইৰ্ডে :আমি Catalyst এ প্ৰস্তুত কৰি উলিওৱা প্ৰতিবেদন Leaders Pay It Forwardঅনুসৰি যিসকল প্ৰতিভাধৰ নাৰীয়ে নিজৰ কৰ্মক্ষেত্ৰত নিজৰ নিৰৱিচ্ছিন্ন প্ৰচেষ্টা,শিক্ষা,জ্ঞান আৰু প্ৰজ্ঞাৰে নিজকে দক্ষ হিচাপে প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছে,তেওঁলোকে কিন্তু নিজৰ যোগ্যতাৰ ভিত্তিত তাৰ উচিত মূল্য লাভ কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে উচ্চ পদ বা নেতৃস্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰু এটা আমোদজনক তথ্য আমাৰ অধ্যয়ন আৰু প্ৰতিবেদন Good Intentions, Imperfect Execution?,ত পোহৰলৈ আহিছে যে তুলনামুলকভবে পুৰুষতকৈ বেছি মহিলাই অন্য কাৰোবাক উচ্চ শীখৰ আৰোহন কৰাত সহায় কৰে আৰু কৰি আহিছে। দুৰ্ভাগ্যজনকভাবে সফলতাৰ শিখৰত খুৱ কমহে মহিলাই আৰোহণ কৰিবলৈ সক্ষম হৈছে। মহিলাসকলে খুব কমেইহে লোভনীয় পদত অধিস্থিত হবলৈ সক্ষম হয়। আমাৰ প্ৰতিবেদন Catalyst 2013 Census of Fortune 500 ৰ মতে লোভনীয় পদসমুহ লাভ কৰাৰ ক্ষেত্ৰত মহিলাসকল পিচ পৰি থকাৰ কাৰণ হৈছে জ্যেষ্ঠ আৰু উচ্চ স্থানত থকা লোকসকলৰ মাজত থকা লিংগ বিভেদ। আমাৰ এই প্ৰতিবেদনত স্পষ্ট হৈ পৰিছে যে ২০১৩চনত কেৱল ১৬.৯শতাংশ মহিলাইহে দেশৰ কৰ্প’ৰেট জগতত ব’ৰ্ড পৰ্যায়ত স্থান পাইছে আৰু ১০শতাংশ কোম্পেনীৰ ব’ৰ্ডত কোনো মহিলাই কাম কৰি থকা নাই। আমাৰ শেহতীয়া অধ্যয়ন high potential women in technology in India ত প্ৰমাণিত হৈছে যে লিংগভিত্তিক উপাৰ্জন বৈষম্য বিগত ১২বছৰত ৬০০০ ডলাৰলৈ বৃদ্ধি পাইছে

HerStory: আপোনাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওকচোন এগৰাকী নাৰীয়ে নিজৰ কৰ্মক্ষেত্ৰৰ প্ৰত্যাহ্বান কিদৰে নেওচি যাব ?

শচী ইৰ্ডে : মই ভাবোঁ যে এক সুস্থিৰ, সুস্থ আৰু সুন্দৰ সম্পৰ্ক প্ৰথম দিনৰ পৰাই প্ৰত্যেকৰে লগত গঢি তুলিব লাগে। মোৰ চাকৰি জীৱনত মই যেতিয়াই কোনো প্ৰত্যাহ্বান অথবা সমস্যাৰ সমুখীন হৈছিলো মোৰ সম্পৰ্কবোৰেই মোক সকলো সমস্যা সমাধানক সমাধান কৰিছিল। গতিকে মই প্ৰতিগৰাকী নাৰীকে চাকৰিৰ প্ৰথমটো দিনৰেই পৰা এটা সুস্থিৰ, সুস্থ আৰু সুন্দৰ সম্সপৰ্ক সকলোৰে লগত গঢ়ি তুলিবলৈ পৰামৰ্শ দিম। সকলো কথা মুকলিলৈ আলোচনা কৰা উচিত। যদি কিবা কথাই আপোনাক আমনি কৰিছে তেনেহলে উপযুক্ত কাৰোবাৰ সৈতে আলোচনা কৰক । কোম্পেনীৰ গোপনীয়তা আৰু অখণ্ডতাৰ স্বাৰ্থজৰিত কোনো তথ্যৰ ক্ষেত্ৰত কিন্তু সাৱধানতা অৱলম্বন কৰাটো প্ৰয়োজন। সদায়েই নিজৰ কৰ্মময় জীৱনযাত্ৰাত পথ প্ৰদৰ্শক, অভিভাৱক আৰু বন্ধুৰ এটা দল নিজৰ লগত ৰখাটো দৰকাৰ।

HerStory: আপোনাৰ প্ৰেৰণা কি ?

শচী ইৰ্ডে : মই আচলতে বৰ সোনকালে হাৰ নামানো। ‘যদি তেওঁ পৰে ,মইনো নোৱাৰিম কিয়?’ এই কথাটোৱেই মোৰ প্ৰোৰণাৰ উৎস। মই সদায়ে এগৰাকী অনুসন্ধিতসূ ব্যক্তি। মই সদায়েই নতুনত্বৰ সন্ধানত থাকোঁ। নতুন নতুন মানুহৰ পৰা নতুন নতুন কাম শিকিব আৰু কৰিব বিচাৰোঁ।