১৩বছৰীয়া অক্ষত মিট্টলে নিজৰ কাৰ-পুলিং ৱেব প্লেটফৰ্মটো কিদৰে গুৰগাঁৱৰ Orahi.comক বিক্ৰী কৰিলে

১৩বছৰীয়া অক্ষত মিট্টলে নিজৰ কাৰ-পুলিং ৱেব প্লেটফৰ্মটো কিদৰে গুৰগাঁৱৰ Orahi.comক বিক্ৰী কৰিলে

Sunday April 24, 2016,

3 min Read

যি সময়ত তেওঁৰ সমনীয়াসকলে টি২০ বিশ্বকাপত ৱেষ্ট ইণ্ডিজৰ বিজয়ৰ সম্পৰ্কত আলোচনা কৰি আছিল, সেই সময়ত ১৩ বছৰীয়া অক্ষত মিট্টলে তাতকৈ বহু ডাঙৰ কাম কৰি পেলালে। গুৰগাৱৰ কাৰপুল কোম্পানী Orahi.comক তেওঁ এক অপ্ৰকাশিতব্য দামত তেওঁৰ ৱেব প্লেটফৰ্ম Odd-even.com টো বিক্ৰী কৰিলে।

দিল্লী চৰকাৰে বিগত বৰ্ষৰ শেহৰ ফালে ক্ৰমবৰ্ধমান ট্ৰেফিকৰ সমস্যা আৰু প্ৰদুষণৰ নিয়ন্ত্ৰণৰ বাবে ৰাজধানীৰ ভিতৰত ব্যক্তিগত বাহনৰ চলাচলৰ ক্ষেত্ৰত যুগ্ম-অযুগ্ম সংখ্যাৰ নম্বৰৰ নিয়মটো গ্ৰহণ কৰিছে।


image


কিন্তু এইগৰাকী বুদ্ধিমান কিশোৰে ইতিমধ্যেই এইক্ষেত্ৰত নিজৰ পদক্ষেপ গ্ৰহণ কৰি পেলাইছিল। এক সাক্ষাৎকাৰত তেওঁ কয়ঃ

“যেতিয়া মুখ্যমন্ত্ৰীয়ে যুগ্ম-অযুগ্ম সংখ্যাৰ নম্বৰৰ গাড়ীৰ চলাচলৰ নিয়মটো ঘোষণা কৰিলে মই লগে লগে চিন্তা কৰিলো, এই নতুন নিয়মৰ ফলত সৰ্বসাধাৰণ ৰাইজে ভুগিব লগীয়া সংস্যাৰ কথাটো। মই চিন্তা কৰিলো যে বহু মানুহে একেটা আৱাসিক এলেকাতেই বাস কৰে আৰু নিতৌ কামৰ বাবে একে স্থানলৈ যায় কিন্তু ইজনে আনজনক নাজানে।মোৰ ৱেবচাইটটোৱে তেনেকুৱা লোকসকলৰ মাজৰ দুৰত্বটো কমাই আনিব আৰু নতুন নতুন যোগাযোগ বৃদ্ধিটো সহায়তা কৰিব।”

অক্ষতৰ চিন্তাটোৰ যুক্তি-যুক্ততা আছে। যুগ্ম-অযুগ্ম সংখ্যাৰ গাড়ী চলোৱা এই নিয়মটোৰ পৰিপ্ৰেক্ষিতত ই এক সাধাৰণভাবেই উত্তম উপায়। যুগ্ম সংখ্যাৰ নম্বৰৰ গাড়ী চলোৱা দিনটোত তেওঁৰ প্লেটফৰ্মটোত যুগ্ম সংখ্যাৰ নম্বৰৰ গাড়ীবোৰ দেখুৱাব আৰু অযুগ্ম সংখ্যাৰ দিনটোতত অযুগ্ম সংখ্যাৰ নম্বৰৰ গাড়ীবোৰ।

অক্ষত মিট্টলনো কোন?

অক্ষত হৈছে নয়ডাৰ এমিটি ইন্টাৰনেশ্বনেল স্কুলৰ নৱম শ্ৰেনীৰ ছাত্ৰ । তেওঁ TiE Delhi-NCR Young Entrepreneur (TYE) programmeতো অংশগ্ৰহন কৰিছিল। অক্ষতে কয় যে সমাজত বৃহত পৰিষৰত প্ৰভাৱ পেলাব পৰাকৈ কিবা এটা উপায় উলিয়াবলৈ তেওঁ সদায়েই বিচাৰি আছিল।. এইহেন কম বয়সতেই তেওঁ তেওঁৰ আইটি উদ্যোগী পিতৃৰ সহযোগত ৱেবচাইট কোডিং কৰিবলৈ শিকি পেলাইছে। তেওঁ কয়ঃ

“মই HTML, CSS আৰু JAVA কোডিংখিনি কৰিছো আৰু দেউতাই মোক PHP কোডিঙত সহায় কৰি দিছে।”

Odd-even.comৰ আঁৰত কি আছে?

ৱেবচাইটটোৰ জৰিয়তে একেস্থানলৈ যাব লগা একেস্থানতে বাস কৰা লোক সকলৰ মাজত যোগসূত্ৰ স্থাপন কৰাৰ যি ব্যৱস্থা, সেয়া গড় হৈ উঠিছে বিভিন্ন স্তৰ আৰু গৱেষণাৰ অন্তত। তেওঁ লগতে কয়ঃ

“মই বয়স,লিংগ,বৃত্তি আৰু যাতায়াতকাৰীৰ যাত্ৰাৰ সময়ৰ ওপৰত ভিত্তি কৰি ৱেবচাইটটোৰ কামখিনি কৰিছো। আপুনি কেৱল লগ ইন কৰি আপোনাৰ নাম,গাড়ীৰ পঞ্জীয়ন নম্বৰ, লক্ষ্যস্থান আদি তথ্য ভৰাই গলেই হ'ল।”

তদুপৰি, এই ৱেবচাইটটো ব্যৱহাৰ কৰা কোনো লোকৰ যদি গাড়ী নাই, তেনেহলে তেওঁ তাৰ পৰাই গাড়ী এখন ভাৰালৈও লব পৰা সুবিধা আছে। ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ চৰকাৰৰ দ্বাৰা স্বীকৃত পৰিচয়পত্ৰ, যেনে ধৰক আধাৰ কাৰ্ড আদি, আপলোড কৰি নিজৰ ফেচবুক বা লিংকডিন একাউন্টৰ পৰাও লগ ইন কৰি এই ৱেব প্লেটফৰ্মটোৰ সুবিধা গ্ৰহণ কৰিব পাৰে।

ব্যৱসায়িক সম্পৰ্কটো-

অৰাহি.ডট কমে অক্ষতৰ পৰা নগদ ধনৰ বিনিময়ত ৱেবচাইটটো ক্ৰয় কৰিছে আৰু তেওঁ এতিয়া তাৰ পৰামৰ্শদাতা ব'ৰ্ডৰ সদস্য হৈ থাকিব।

অৰাহিৰ সৈতে হোৱা ব্যৱসায়িক সম্পৰ্কৰ পিছত পৰামৰ্শদাতা হিচাপে এবছৰৰ বাবে বোৰ্ডৰ সদস্য হৈ থাকিব লগা হোৱাত অক্ষত মিট্টল উৎসাহী হৈ পৰিছে। অৰাহিৰ চিইও অৰুণ ভাৰতীয়ে কয় যে অড-ইভেন ডট কমৰ বৰ্তমান ৩০,০০০ ব্যৱহাৰকাৰী আছে। এই ব্যৱসায়টো সম্পৰ্কত ভাৰতীয়ে কয়,

“আমি এই ৱেবচাইটোৰ নামটোৰ বাবেই সম্পৰ্কটো কৰিছো। কাৰণ নামটো বৰ আকৰ্ষনীয় আৰু মনত ৰাখিবলৈ সহজ। ১৫এপ্ৰিলৰ পিছত অড-ইভেনৰ দ্বিতীয় পৰ্যায়ৰ কামৰ পিছত আমি ব্যৱহাৰকাৰী আৰু অধিক বৃদ্ধি হোৱাৰ আশা কৰিছো।”

অড-ইভেন ডট কমে ব্যৱহাৰকাৰীসকলক প্ৰত্যক্ষভাবে অৰাহিৰ সৈতে সংযুক্ত কৰিব । 

মূলঃতৰুছ ভাল্লা

অনুবাদঃপ্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আপোনাৰ চাকৰিটো এৰি উদ্যোগ আৰম্ভ কৰাৰ সঠিক সময় কেনেকৈ চিনিব

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

বানে গৰকা বালিময় মাটিত সপোন ৰচিছে মতালেব, কাচেম, শোৰহাব, শোভানহঁতে

পৰিৱৰ্তনৰ বাহক হোৱাৰ ক্ষেত্ৰত মহিলাৰ বাবে 'ক্ৰোধ' প্ৰথম আহিলা হ'ব পাৰে নেকি?