বিহু আৰু বিয়াৰ বতৰত ডিজাইনাৰ বুটিকে বুটিকে

বিহু আৰু বিয়াৰ বতৰত ডিজাইনাৰ বুটিকে বুটিকে

Thursday April 14, 2016,

3 min Read

মানৱ সমাজ আৰু প্ৰকৃতিৰ মাজৰ সৰ্ম্পক অতি নিবিড়। বসন্ত ঝতুত মানে ব’হাগত প্ৰকৃতিয়ে ন সাজ সলায়। আৰু আমাৰ জীৱনলৈ বিহুৰ আগমন হয়। বিহু বুলিলেই ৰং উৎসাহ হাঁহি- আনন্দ, হেপাঁহৰ বতৰ । ধনী দুখীয়া সকলোৱে নকৈ এসাজ কিনে অথবা কিনিব খোজে। আপুনি চাগে ইতিমধ্যে কিনিছেই । পিছে ব’হাগক অকল বিহুৰে বতৰ বুলি কলে ভুল হ’ব। কিয়নো ব’হাগ বিয়াৰো বতৰ । বিহু আৰু বিয়াৰ বতৰত আপোনালোকৰ সুবিধাৰ অৰ্থে কেইগৰাকীমান ডিজইনাৰৰ আৰ্হি আগবঢ়ালো।


যোৰহাটৰ জে’ইল ৰডৰ জনপ্ৰিয় ডিজাইনাৰ লেখা গোস্বামী। তেখেতৰ আঁচল নামৰ বুটিক খনে গ্ৰাহকৰ পৰা বিশেষ সহাঁৰি লাভ কৰিছে । যোৰহাটৰ লগতে গুৱাহাটীত এই বুটিকে সমাদৰ লাভ কৰিছে । পৰম্পৰাগত ডিজাইনক নতুনত্ব আনি এৰি, মুগা, পাটৰ চাদৰ মেখেলা, শাৰী, ইণ্ডো ৱেষ্টাৰ্ন ড্ৰেছ প্ৰস্তুত কৰে । বিশেষকৈ বৰ্ত্তমান সময়ত গৰমৰ উপযোগী কাপোৰ বনোৱাত প্ৰাধান্য দিয়াৰ কথা লেখা গোস্বামীয়ে আমাক জানিবলৈ দিয়ে । উল্লেখযোগ্য যে অসমীয়া বিয়াৰ সমস্ত সা- সামগ্ৰী উপলব্ধ Wedding Boutique নামেৰে এখন দোকান ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা গুৱাহাটীত আৰম্ভ কৰিছে । স্মৰ্তব্য যে নিজকে ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ পূৰ্বে ১০ বছৰ বিভিন্ন ক্ষেত্ৰৰ চাকৰিত কৰ্মৰত আছিল । বিভিন্ন ঠাইৰ ডিজাইনৰ আৰ্হিক নতুনত্ব প্ৰদান কৰাটো লেখা গোস্বামী ডিজাইনৰ বৈশিষ্ট্য। তেখেতে ডিজাইন কৰা কাপোৰৰ মূল্য ২০০০ টকাৰ পৰা ৪০,০০০ টকা পৰ্যন্ত। গোস্বামীৰ মতে হালধীয়া ৰং বৰ্ত্তমান ফেশ্বনত ইন হৈ আছে ডিজাইনত। গোস্বামীৰ কেইটামান আৰ্হি আগবঢ়োৱা হ’ল।

image


নতুন প্ৰজন্মৰ অন্যতম জনপ্ৰিয় ডিজাইনাৰ দেৱযানী বৰা । তেখেত গুৱাহাটীৰ কাহিলীপাৰাৰ বাসিন্দা । তচ্, মুগা, কেচা পাট, পশ্চিমীয়া যিকোনো ধৰণৰ কাপোৰ তেখেত ডিজাইন কৰে । পেপাৰ চিল্ক, আৰ্ট চিল্ক, হেণ্ডলুম, কটন কাপোৰত বেছি কৈ তেখেতে ডিজাইন কৰে। সৰুৰে পৰা ডিজাইনাৰ হোৱাটো এক প্ৰকাৰৰ নিচা আৰু লক্ষ্য আছিল আৰু পৰৱৰ্তী সময়ত নিজকে ডিজাইনাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয়। Assam Silk Centreত Online যোগে বৰাই ডিজাইন কৰা কাপোৰ বিক্ৰীৰ কৰা হয়। তেখেতে এম্ব্ৰইদাৰী অথবা ষ্টনৱৰ্কত কাপোৰ ডিজাইন কৰে। ভবিষ্যতে Fashion Institute খোলাৰ পৰিকল্পনা আছে |বৰাৰ বুটিকৰ নাম ডিজাইন আইদিয়াজ।

image


image



অজন্তা আহমেদ প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ । চৰকাৰি চাকৰিয়াল যদিও তেখেতৰ নিজৰ চখৰ বাবে ডিজাইনিঙৰ নিচিনা পেচাৰ লগত জড়িত হৈ আছে । তেখেতে বিশেষকৈ বিয়াৰ কইনাৰ সাজপাৰ আৰু বিভিন্ন ধৰনৰ চাদৰ মেখেলা খাদী, হেণ্ডলুমৰ , হাতৰ জাৰ্দজী ৱৰ্ক কৰে। লেহেঙ্গাৰ লগতে মুগা, পশ্চমীয়া সাজপাৰ ডিজাইন কৰে । তেখেতৰ মতে বৰ্ত্তমান Pink, Magenta ফেশ্বনৰ ট্ৰেণ্ডত আছে । আহমেদৰ বুটিকৰ নাম পাটমাদৈ, বুটিকখন গনেশগুৰিত অৱস্থিত ।

বিভিন্ন ডিজাইনাৰৰ ফেশ্বন টিপচে্ নিশ্চয়কৈ আপোনাক নিজকে প্ৰস্তুত কৰিবলৈ কিছু হ’লেও সকাহ দিছে। ইচ্ছুক সকলে - আঁচল বুটিকৰ যোগাযোগ নং- ৯৫৭৭১৩২৯৯৯, ডিজাইন আইদিয়াজ বুটিকৰ যোগাযোগ নং-৯৯৫৭৪১৫০৩৫ আৰু পাটমাদৈ বুটিকৰ যোগাযোগ – ৯৮৫৪০৯৩৩৩৩ নম্বৰত কৰিলে নিজে বিচৰা মতে কাপোৰ পাব অথবা অৰ্ডাৰ দিব পাৰিব ।

পিন্ধি ভাল পোৱা আৰু পিন্ধাই ভাল পোৱা প্ৰতিগৰাকী ব্যক্তিলৈ এই চেগতে বিহুৰ শুভকামনা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

বিভিন্ন গহণা আৰু সাজ-পাৰেৰে ৰঙালী বিহুৰ বাবে কেইগৰাকীমান ডিজাইনাৰৰ প্ৰস্তুতি

জাপিসঁজীয়াৰ নাৰায়ণ কেওঁটৰ ঐকান্তিক প্ৰচেষ্টাত জীয়াই আছে সাতামপুৰুষীয়া ফুলাম শিল্প

ৰঙালীৰ ৰং - ডুখৰীয়া ছৱি