আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com

আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com

Monday January 09, 2017,

2 min Read

আইন কানুনৰ মেৰপেচ বেচিভাগ মানুহৰ বাবে ভয়ৰ কাৰণ । আনকি দৈনন্দিন জীৱনৰ আইনী প্ৰয়োজন সম্পৰ্কেও বেচিভাগ মানুহ জ্ঞাত নহয় । আদালত, অধিবক্তা এই সকলোবোৰ বিষয় সৰ্বসাধাৰণৰ বাবে এক জটিল বিষয় । তদুপৰি প্ৰয়োজন অনুসৰি আইনী পৰামৰ্শ লাভ কৰিবৰ কাৰণেও তেওঁলোকে কাৰ কাষ চাপিব তাক লৈও দোমোজাত পৰা দেখিবলৈ পোৱা যায়।

image


আইনী পৰামৰ্শৰ লগতে আইনী কাম-কাজৰ বাবে উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এটা অনলাইন ব্যৱস্থা গঢ়ি তোলা হৈছে । চনৰ ১ জানুৱাৰীত মুকলি কৰা হৈছে আছাম লয়াৰ্ছ ডট কম নামৰ এই সেৱা । ই-বজাৰ নামৰ অনলাইন বিক্ৰয় প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাতা নভজ্যোতি ঠাকুৰীয়াই এই সেৱা আৰম্ভ কৰিছে ।

আছামলয়াৰ্ছ ডট কমৰ যোগেদি যিকোনো লোকে সকলো ধৰণৰ আইনী কাম-কাজ কৰিব পাৰিব । লগতে যি ক্ষেত্ৰত অধিবক্তাৰ প্ৰয়োজন থাকিব সেই ক্ষেত্ৰত অধিবক্তাৰ সোৱাও ব্যক্তিজনক প্ৰদান কৰিব আছামলয়াৰ্ছ ডট কমে ।

বিশেষকৈ ষ্টাৰ্টআপ কৰিব খোজা সকলক পঞ্জিয়ন আদিৰ ক্ষেত্ৰত সহায় কৰিব আছাম লয়াৰ্ছ ডট কমে ।

এই বিষয়ে নভজ্যোতি ঠাকুৰীয়াই কয়, সাধাৰণ মানুহৰ বাবে আইনজ্ঞ বা আইন সম্পৰ্কীয় যিকোনো কথা ভয়ৰ কাৰণ । সেই ভয় আতঁৰাবৰ বাবে assamlawyers.comএ সহায় কৰিব । আমি সকলোবোৰ বিষয় দুটা ভাগত ভাগ কৰোঁ - "গোচৰ সম্পৰ্কীয় আৰু আন আইনী সহায় । সাধাৰণ আইনী সহায়ৰ ক্ষেত্ৰত এজন ব্যক্তিয়ে যেতিয়া ঘৰতে বহি সমস্যআ এটাৰ সমাধান নিজে উলিয়াই ল'ব পৰা হয় তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস বহুগুণে বাঢ়ি যায় ।"

অতি সোনকালে এই সেৱাই দ্ৰুত প্ৰসাৰ লাভ কৰিব বুলি বিশ্বাস কৰে নভজ্যোতি আৰু গিতালীয়ে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য