কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

Thursday September 01, 2016,

3 min Read

এটা সাধাৰণ চখেই তিনি সহপাঠী অংকিতা কাকতি, অনুভা গোস্বামী আৰু বিভাস বৰমেধিৰ বাবে হৈ পৰিছিল এটা ব্যৱসায়ৰ ভেটি। বন্ধু-বন্ধৱৰ জন্মদিন বা অন্যান্য অনুস্থানৰ বাবে কেক, বিস্কুট বনোৱাটো আছিল অংকিতা আৰু অনুভাৰ চখ । অৱশ্যে এই চখক ব্যৱসায়ৰ ৰূপ দিয়াৰ কথা প্ৰথমে ভবা নাছিল দুয়ো । কিন্তু লাহে লাহে তেওঁলোকে বনোৱা কেকৰ জনপ্ৰিয়তা বন্ধুমহলত বাঢ়ি অহাৰ লগতে তেওঁলোকক এই কাম ব্যাৱসায়িকভাৱে কৰাৰ পৰামৰ্শও বন্ধু বন্ধৱৰপৰা সঘনাই আহিবলৈ ধৰিলে । এমবিএ ডিগ্ৰীধাৰী দুই বান্ধৱীৰ মনলৈ আহিল সচাকৈয়ে নিজৰ চখটোকে পেছাত পৰিণত কৰা যাওক । কিন্তু চখৰ কাৰণে এটা কাম কৰা আৰু পেছা হিচাপে একেটা কাম কৰাৰ মাজত থাকে আকাশ পাতাল পাৰ্থক্য । আনে বুজক নুবুজক মেনেজমেন্টৰ ছাত্ৰী অংকিতা আৰু অনুভাই ঠিকেই বুজিছিল । সেয়েহে এইবাৰ দুয়ো আৰম্ভ কৰিলে বেকাৰী ব্যৱসায়ৰ খুটিনাটি শিকাৰ প্ৰচেষ্টা । কেকৰ আইচিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণৰ লগতে চলি থাকিল ব্যৱসায় আৰম্ভ কৰাৰ প্ৰস্তুতি । অংকিতা আৰু অনুভাই বিবিএ পাঠ্যক্ৰম কৰাৰ সময়ত তেওঁলোকৰ সহপাঠী আছিল বিভাস বৰমেধি । এমবিএ সম্পুৰ্ণ কৰাৰ পাছত বিভাস এনে এটা ব্যৱসায়ৰ সন্ধানত আছিল যিটোত তেওঁ জড়িত হ'ব পাৰে । অংকিতা আৰু অনুভাৰ বেকাৰী ব্যৱসায়ৰ আঁচনিৰ কথা শুনি তেৱোঁ এইবাৰ প্ৰস্তুত হ'ল নিজৰ দক্ষতা এই ব্যৱসায়ত প্ৰয়োগ কৰিবলৈ । তেওঁ দায়িত্ব ললে বিক্ৰী আৰু বিপণনৰ । এইদৰেই আৰম্ভণী টিক্-টক্ বেকহাউছৰ ।

image


বৰ্তমান গুৱাহাটী মহানগৰীতে সেৱা সীমিত ৰখা টিক্-টক্ বেইকহাউছে গ্ৰাহকৰ চাহিদা অনুসৰি কেক আৰু অন্যান্য বেকাৰী সামগ্ৰী প্ৰস্তুত কৰি ঘৰতে যোগান ধৰে । "সামান্য মূলধনেৰে আমি এই ব্যৱসায়টো আৰম্ভ কৰিছো যদিও আমাৰ লক্ষ্য হৈছে আমাৰ বস্তুৰ মান উন্নত কৰি ৰখা । আৰম্ভণীতে আমি বস্তু যোগান ধৰিবলৈ কোনো ডেলিভাৰী বয় বিচাৰি নোপোৱা পৰ্যন্ত আনৰ ওপৰত নিৰ্ভৰ নকৰি নিজেই ঘৰে ঘৰে গৈ বস্তু দি আহিছিলো । কাৰণ আপোনাৰ ব্যৱসায়টোৰ প্ৰতিটো স্তৰত আপুনি নিজেই জড়িত থাকিবই লাগিব ।" অংকিতাই কয় ।

image


নিজৰ ব্যৱসায়টো সফল কৰিবলৈ সকলো প্ৰত্যাহ্বানৰ মূখামূখী হবলৈ প্ৰস্তুত তিনিওগৰাকী যুৱ উদ্যোগী । "এবাৰ এজন গ্ৰাহকে আমাৰপৰা কিছুমান সামগ্ৰী ব্চাৰিছিল এটা নিৰ্দিষ্ট দিনৰ সন্ধিয়া সময়ত । কিন্তু শেষ মুহুৰ্তত তেওঁ সেইদিনা ৰাতিপুৱাই সামগ্ৰীখিনি দিব পৰা হ'ব নেকি জানিবলৈ বিচাৰিলে । এই কাম সহজ নাছিল কিন্তু আমি যিকোনো প্ৰকাৰে ইয়াক সম্ভৱ কৰি তুলিলো । এই ঘটনাই আমাৰ আত্মবিশ্বাস বঢ়াই তুলিলে ।" অংকিতাই বেচ উৎসাহেৰে আমাক জানিবলৈ দিয়ে । 

অংকিতাই কয় যে ইতিমধ্যে তেওঁলোকে গ্ৰাহকৰ যথেষ্ট সঁহাৰি পাবলৈ সক্ষম হৈছে আৰু অনাগত দিনত টিক্-টক্ বেইকহাউছ এটা আগশাৰীৰ ডাঙৰ ব্ৰেণ্ডত পৰিণত হব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস । অংকিতাহঁতৰ পৰৱৰ্তী লক্ষ্য এই ব্যৱসায়ক বিশাল ৰূপ দিবৰ বাবে পুঁজি সংগ্ৰহ কৰা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'

গধূৰ স্কুলবেগৰ বিৰুদ্ধে ১২ বছৰীয়া ছাত্ৰৰ সংবাদমেল

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন