১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

১৬মাহত হেৰুৱাইছিল শ্ৰৱণ আৰু বাক শক্তি, আজি দেশে চিনি পায় এঞ্জেলা লাহনক

Monday April 25, 2016,

4 min Read

জন্মতে সাধাৰণ শিশুৰ দৰে আছিল ছোৱালীজনী । হাঁহিছিল, কলকলাইছিল, আনকি সকলো কথা শুনি অনুভৱৰ আদান প্ৰদানো কৰিছিল। পিতৃ মাতৃৰ বহু সপোন আছিল ছোৱালীজনীক লৈ । কিন্তু তেওঁলোকৰবাবে ৰা আছিল এক প্ৰচণ্ড আঘাত। মাত্ৰ ১৬ মাহ বয়সতে এক দুৰাৰোগ্য বেমাৰত আক্ৰান্ত হৈ হেৰুৱাই পেলাইছিল শ্ৰৱণ আৰু বাকশক্তি। চিন্তাত বিচলিত হৈ পৰিছিল তাইৰ পিতৃ–মাতৃ । দিকবিদিক হেৰুৱাই ঘুৰি ফুৰিছিল একমাত্ৰ ছোৱালীজনীক আৰোগ্য কৰাৰ উদ্দেশ্যে। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। কোনো চিকিৎসাৰে ফল নধৰিল । 

দিন বাগৰিল । দিনৰ পিচত মাহ আৰু মাহৰ পিচত বছৰ বাগৰিল। ছোৱালীজনী মুকবধিৰ হৈ ৰ’ল। পিতৃ-মাতৃয়েও মনতে পণ কৰিল যে যিমানে পৰ্বতসম সমস্যা নাহক কিয় তেওঁলোকে শিশুটিক উপযুক্তভাবে গঢ় দিব, সমাজত প্ৰতিষ্ঠা কৰি এদিন বিশ্বৰ আগত দাঙি ধৰিব । পিতৃ- মাতৃৰ আবদাৰ, উৎসাহ আৰু প্ৰেৰণাৰ তাগিদাত এদিন সচাকৈয়ে ছোৱালীজনী নৱ পৰিচয়ৰে উদ্ভাষিত হৈ উঠিল । নিজৰ লগতে জাতি আৰু দেশৰ নাম জিলিকাই তুলিবলৈ সক্ষম হ’ল । চিনেমাৰ কাহিনী যেন লগা সচা ঘটনাৰ নায়িকা গৰাকী হ’ল এঞ্জেলা লাহন । যিগৰাকী মুকবধিয়ে সমগ্ৰ দেশ জিনি চলিত বৰ্ষত জানুৱাৰী মাহত আজুৰি আনিলে DEAF MISS INDIA খিতাপ । উল্লেখযোগ্য যে সমগ্ৰ বিশ্বতে বিশেষ ভাবে সক্ষম সকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰা ধাৰা অব্যাহত ৰাখিছে, যাতে সেই সকলৰ মাজত থকা প্ৰতিভাবান সকলো পিছপৰি নাথাকে ।

এঞ্জেলা লাহনৰ পিতৃ কুশল লাহন আৰু মাতৃ ৰীতা লাহন দুয়ো ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈ। কৰ্মসুত্ৰে গুৱাহাটীৰ নাৰেঙ্গীৰ ONGC ৰ কলনীৰ বাসিন্দা । সেয়েহে দুয়োগৰাকীয়ে এঞ্জেলাক ক্ৰীড়াৰ প্ৰতি অগ্ৰসৰ কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও ক্ৰীড়াৰ প্ৰতি তাইৰ অলপো আগ্ৰহ নাছিল । কিন্তু সৰুৰে পৰা এঞ্জেলা মডেলিঙৰ প্ৰতিহে আগ্ৰহী আছিল । গামোচাক চাদৰ হিচাপে পিন্ধি টি. ভিৰ ফেশ্বন শ্ব’ চাই চাই কেটৱাক কৰাটো তাইৰ এক প্ৰকাৰৰ হবি আছিল। অৱশেষত সেই হবি, সেই চখেই জীৱনৰ টাৰ্নিং পইণ্ট হিচাপে ধৰা দিলে। এই ভাষ্য এঞ্জেলাৰ মাতৃ ৰীতা লাহনৰ ।

image


এঞ্জেলা লাহনে মহানগৰীৰ সৰস্বতী বাকধ্বনি স্কুলৰ পৰা শিক্ষা জীৱন আৰম্ভ কৰিছিল। সম্প্ৰতি দুলিয়াজান কলেজৰ স্নাতক শাখাত প্ৰথম বৰ্ষত অধ্যয়নৰত এঞ্জেলা । উল্লেখযোগ্য যে এঞ্জেলা লাহন খুব সুন্দৰ হাতৰ আখৰৰ গৰাকী। আজৰি সময়ত টি. ভি চাই, গান শুনি, নৃত্য কৰি আৰু ছবি আঁকি ভাল পায়।

আচলতে এঞ্জেলা লাহনৰ এই যে আকাশ চুব খোজাৰ মনটোৰ গুৰিতে তাইৰ অভিভাৱক । তাইৰ পিতৃ- মাতৃয়ে কেতিয়াও তাইৰ মাজত কি নাই সেইটো নিবিচাৰি, তাইৰ মাজত কি আছে তাৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰিছিল। তাইক কেতিয়াও নিজৰ চখ, পচন্দ পৰা বিচলিত কৰা নাই । তাই যি দৰে আগবাঢ়িব খোজে সেই দৰে অভিভাৱকে প্ৰধান্য দিছিল। মডেলিঙৰ ক্ষেত্ৰত খোজ পেলাব বিচৰা প্ৰাৰম্ভিক সময়ৰ ফটো শ্বুট কৰাৰ আদিৰ পৰা বধিৰ স্কুলত ১৫ দিনীয়া প্ৰশিক্ষণৰ আদিলৈকে পিতৃ- মাতৃ শিক্ষক সকলৰ ভুমিকা অতুলনীয় আছিল । যাৰ ফলস্বৰূপে আজি এঞ্জেলাই DEAF MISS INDIA খিতাপ লাভ কৰিবলৈ সক্ষম হ’ল।

স্মৰ্তব্য যে বাংগালুৰুত প্ৰতিবন্ধী সকলৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ ২০ গৰাকী সুন্দৰীক চেৰ পেলাই এঞ্জেলা লাহনৰ শিৰত এই মুকুট জিলিকি উঠিল। প্ৰতিযোগিতাত সাজ পাৰ সন্দৰ্ভত বিচাৰকে বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছিল। প্ৰজ্ঞা আৰু সৌন্দৰ্যৰ গুণত এঞ্জেলা এই খিতাপৰ গৰাকী হ’ল।

image


এঞ্জেলাই যদিও সল –সলীয়াকৈ কথা ক’ব নোৱাৰে তথাপিও আকাৰে ইংগিতে অসমীয়া য়'ৰ ষ্ট'ৰীক ক’লে - 'মোৰ এই খিতাপৰ বাবে মা- দেউতা, শিক্ষা গুৰু সকলৰ ওচৰত মই কৃতজ্ঞ। সৰুৰে পৰা দেখা এটা সপোন দিঠকত পৰিণত হ’ল। সেয়েহে মই  যথেষ্ট সুখী । আশা, মনোবল, আত্মবিশ্বাস, আদিৰ বাবে এই খিতাপ জিনিবলৈ সক্ষম হ'লো। পৰৰ্ৱত্তী পৰ্য্যায়ত প্ৰতিবন্ধী সকলৰ মাজত জুলাইত (July) পাৰাগুৱেত অনুষ্ঠিত হ’ব লগা Deaf Miss World-2016” প্ৰতিযোগিতাৰ বাবে চৰ্চা অব্যাহত ৰখিছো । মোৰ দেউতাই শাৰীৰিক ফিটনেছৰ বাবে ব্যায়াম শিকাইছে আৰু মায়ে ঘৰতে ৰেম্পত খোজ কঢ়া শৈলী সমুহ অনুশীলন কৰাইছে । সকলৰে পৰা মৰম শুভাশীষ বিচাৰিছো যাতে মই বিশ্ব জয় কৰিবলৈ সক্ষম হওঁ।

image


অসমীয়াত এষাৰ কথা আছে খেনোৱে শিকে লিখি, খেনোৱে শিকে দেখি আৰু খেনোৱে শিকে থেকি । এঞ্জেলাই কিন্তু দেখি আৰু থেকি শিকিলে । টি.ভি মডেলিঙৰ শ্ব’ৱে তাইৰ এক মাত্ৰ পথ প্ৰদৰ্শক । উল্লেখযোগ্য যে এঞ্জেলাৰ প্ৰতিভাৰ প্ৰতি বিমুগ্ধ হৈ পূৰ্বাঞ্চল টাই সহিত্য সভাই তেওঁক সাংস্কৃতিক উদীয়মান প্ৰতিভা বটাঁ প্ৰদান কৰে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?

দাৰ্জিলিঙৰ পাদদেশৰ পৰা কেনিয়ালৈ-একম মামিকে কেনেকৈ নিজৰ ষ্টাৰ্টআপৰ ধাৰণা লাভ কৰিলে

ভোট জলকীয়াৰ সোৱাদ বিশ্বত বিলাই দিয়া উদ্যোগী লীনা শইকীয়া