Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

"সমাজ পৰিৱৰ্তনৰ বাবে উদ্যোগশীলতা অপৰিহাৰ্য"

"সমাজ পৰিৱৰ্তনৰ বাবে উদ্যোগশীলতা অপৰিহাৰ্য"

Saturday August 20, 2016,

2 min Read

"সামাজিক পৰিৱৰ্তনৰ কাৰণে উদ্যোোগশীলতা অপৰিহাৰ্য । নিয়োগৰ অধিক সুবিধা সৃষ্টিৰ কাৰণেও উদ্যোগশীলতাৰ বাহিৰে গত্যন্তৰ নাই । উঠি অহা যুৱক-যুৱতীসকল উদ্যোগশীলতাৰ যোগোদি দেশ আৰু জাতিৰ সেৱাত ব্ৰতী হ'ব পাৰে ।" অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত কে কে দ্বিবেদীয়ে শুকুৰবাবে এইদৰে মন্তব্য কৰে । ছাত্ৰ-ছাত্ৰীৰ মাজত উদ্যোগশীলতা সম্পৰ্কে আগ্ৰহ সৃষ্টিৰ বাবে পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডষ্ট্ৰীজৰ উত্তৰ-পূৰ্বাঞ্চল শাখাই ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানৰ সহযোগত গুৱাহাটীত আয়োজন কৰা এখন আলোচনা চক্ৰত মূখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ এই মন্তব্য কৰে । তেওঁ উদ্যোগশীলতাক উদগণি যোগোৱাৰ বাবে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়েও সবিশেষ জনায় ।

আলোচনা মুকলি কৰি আইআইইৰ সঞ্চালক মনোজ কুমাৰ দাসে কয় যে চাকৰীমূখী হোৱাতকৈ উদ্যোগশীলতাৰ ওপৰত সমাজে গুৰুত্ব দিয়া উচিত । এমএছএমই-ডিআইৰ অতিৰিক্ত সঞ্চালক স্বৰ্ণকাৰ ডেকাই নতুন উদ্যোগীৰ বাবে অন্যান্য সা-সুবিধাৰ লগতে যিকোনো ধৰণৰ যন্ত্ৰ ব্যৱহাৰ বাবে এমএছএমই বিভাগে আগবোঢ়োৱা টুল ৰুমৰ সুবিধাৰ বিষয়ে অৱগত কৰে। ৱেব এক্স টেকনলজীজ ছফটৱেৰ চাৰ্ভিছেজৰ সঞ্চালক সঞ্জীৱ শৰ্মাই নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি কয় যে এজন উদ্যমীয়ে কঠিন পথ অতিক্ৰম কৰিবলৈ সাজু থাকিব লাগিব কিন্তু সেই পথ অতিক্ৰম কৰাৰ ফলত এজন উদ্যমী নিজৰ লগতে সমাজখনৰ বাবেও এক সম্পদত পৰিণত হয়। কৃষি জিজ্ঞাসৰ সঞ্চালক ড° অনুজ বৰুৱাই কৃষিভিত্তিক উদ্যোগৰ ক্ষেত্ৰখনত থকা বিশাল সম্ভাৱনীয়তাৰ কথা বৰ্ণনা কৰে । বিশিষ্ট উদ্যমী ভাস্কৰজ্যোতি গগৈয়েও উদ্যমী হিচাপে নিজৰ বিভিন্ন অভিজ্ঞতা আৰু সমস্যাৰ সবিশেষ কয় । জিঅ'জেমছ প্ৰাইভেট লিমিটেডৰ প্ৰতিনিধিয়ে মাত্ৰ এক লাখ টকাৰে আৰম্ভ হোৱা তেওঁলোকৰ প্ৰতিস্থানটোৰ সফলতাৰ কাহিনী বৰ্ণনা কৰি কয় যে কঠোৰ পৰিশ্ৰম আৰু লক্ষ্যত দৃষ্টি থাকিলে এজন উদ্যমী নিজৰ লক্ষ্যত উপনীত হ'বই । টাইম ইণ্ডিয়াৰ আঞ্চলিক সঞ্চালক সৌমেন দাসে উদ্যমশীলতাৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীসকলক এই ক্ষেত্ৰত আগবাঢ়ি সমাজৰ পৰিৱৰ্তনৰ বাহক হ'বলৈ আহ্বান জনায় । 

আলোচনা চক্ৰখন আগবঢ়াই নিয়ে পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ উত্তৰ-পূৱ শাখাৰ সহ-অধ্যক্ষ গৌতম শৰ্মাই ।পিএইচডি চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীজৰ উত্তৰ-পূৱ শাখাৰ ৰেছিডেন্ট মেনেজাৰ এছ কে হাজৰিকাই পিএইচডি চেম্বাৰ অৱ কমাৰ্চে উদ্যোগশীলতা বিকাশৰ বাবে লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে বহলাই কয় । তেওঁ লগতে উত্তৰ পূৱ ভাৰতত উদ্যোগশীলতা বিকাশৰ বাবে থকা সুবিধাসমূহৰ বিষয়েও বহলাই জানিবলৈ দিয়ে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন

'কাজু কিং' ৰাজমোহন পিল্লাইৰ উপন্যাসোপম সংঘৰ্ষৰ কাহিনী

বেডমিন্টন তাৰকা সৃষ্টিৰ বাবে নিজৰ ঘৰো বন্ধকত থৈছিল গোপীচান্দে

সোণতকৈ কম নহয় সিন্ধুৰ ৰুপৰ পদক

সামাজিক বাধা স্বত্বেও সাক্ষীয়ে ৰচিলে ইতিহাস