সুখৰ উৎস বিচাৰি লওক

সুখৰ উৎস বিচাৰি লওক

Sunday January 15, 2017,

5 min Read

আমি যি সমূহ কাম কৰো বা কৰিব লগীয়া হয়, সেই সকলোবোৰ কামতেই সুখী হৈ পৰিব লাগে। কাৰণ আমাৰ জীৱনৰ লক্ষ্য আৰু কৰ্তব্যবোৰ সুখৰ সন্ধানৰ ভিন্ন ৰূপত একো একোটা পদক্ষেপ। আমাৰ মাজৰ বহুতেই ভাবোঁ যে সুখ মাথো জীৱনত উল্লেখযোগ্য কোনো কাম কৰিহে আহৰণ কৰিব পাৰি । সাময়িক বা বস্তুবাদী উপলব্ধিসমুহ কেৱল সন্তুষ্ট জীৱনৰ একোটা উৎস বুলি ধৰা হয়। এই ধৰণৰ উপলব্ধিসমুহৰ বাবে আমি যিমানেই হামৰাও কাঢ়ো, যিমানেই কিবা এটা ভাল হ'ব বুলি আশা কৰোঁ, সিমানেই আমি সুখৰ বাবে হাহাকাৰ কৰোঁ। ই এটা কাহানিও শেষ নোহোৱা সন্ধানী যাত্ৰা আৰু ই কেতিয়াও শেষো নহ'ব । কাৰণ সুখী হোৱাটোৱেই জীৱনৰ শেষ লক্ষ্য নহয়। সুখ হৈছে নিজৰ অভ্যন্তৰৰ সুষম অনুভুতিৰে সৰ্বদায়েই অনুভৱ আৰু আহৰণ কৰা এক প্ৰক্ৰিয়া ।


image


আপোনাৰ মানসিক আৰু আৱেগিক স্বাস্থ্য অটুত ৰাখি সুখী হোৱাৰ কেইটামান উপায় দিব বিচাৰিছো

শাৰীৰিক ব্যায়ামে আপোনাৰ শৰীৰটোক সুখী কৰি ৰাখে। সেইদৰেই মানসিক আৰু আৱেগিক সুস্বাস্থ্যই আপোনাৰ মনটোক সুখী কৰি ৰাখিব। সাধাৰণতে সচা অৰ্থত সুখী হোৱাৰ দুটা প্ৰাথমিক পথ আছে। (১) অশান্তি প্ৰদান কৰা পৰিস্থিতিৰ সৈতে সুন্দৰভাবে মোকাবিলা কৰা আৰু নিজৰ ভিতৰৰ মানুহজনক সাজু কৰি ৰখা। (২) এটা অধিক মহানতা ভৰা জীৱনৰ দিশে অগ্ৰসৰ হ'ব পৰা কৰ্ম কৰা। কিবা এটা ভাল হ'বৰ বাবে কেতিয়াও অপেক্ষা নকৰিব, নিজেই সেই ভালটো কৰি তোলক।

কিহৰ সৈতে মোকাবিলা কৰিব আৰু কেনেকৈ

জীৱনটোক বিভিন্ন ভাগত ভগাই লওঁক : আপোনাৰ জীৱনৰ প্ৰতিটো বস্তুৱেই নিৰ্দিষ্ট গুৰুত্ব আৰু পদক্ষেপৰ দাবীদাৰ। কিন্তু জীৱনত এনেকুৱা একো বস্তু নাই যিয়ে আপোনাৰ পৰা সকলো দাবী কৰে , যাৰ ফলত অন্যান্য বিষয়সমুহ গুৰুত্বহীন হৈ পৰে। আমি কৰা এটা ভুল হৈছে আমি জীৱনৰ এটা অংশক বাকী জীৱনটোৰ ওপৰত প্ৰভাৱ পেলাবলৈ দিওঁ। উদাহৰণ স্বৰূপে, এদিন যদি আপোনাৰ অফিচত দিনটো ভালকৈ নাযায় তেনেহ'লে সেইদিনা পৰিয়ালৰ সৈতে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সময়ত আপুনি সকলো ক্ষোভ উজাৰে। আনকি বহুসময়ত আপুনি অফিচত এইকাৰণেই মন বহুৱাব নোৱাৰে যে ঘৰত আপোনাৰ জীৱন সংগীৰ সৈতে আপোনাৰ মনোমালিন্য ঘটি গৈছে। আপুনি আপোনাৰ মনটোক এইভাবেই প্ৰশিক্ষিত কৰি তুলিব লাগিব যাতে আপোনাৰ মনটোৱে সঠিক সময়ত সঠিক দিশত আপোনাক এইভাবে পৰিচালিত কৰি তোলে যাতে আপোনাৰ জীৱনৰ কোনো বেয়া অংশই বাকী জীৱনটোক প্ৰভাৱান্বিত কৰিব নোৱাৰে। এই পন্থাৰে আপুনি জীৱনটোৰ ভাল দিশসমুহ এইধৰণে উপভোগ কৰিব পাৰিব যে বেয়া কোনো এটা অংশই জীৱনটোক প্ৰভাৱান্বিত কৰি তুলিব নোৱাৰিব।

বৈষম্যৰ সৈতে সাক্ষাত আৰু পৰিত্যাগঃ: জীৱনত কিছুমান কাম সমাধান নোহোৱাৰ মূল কাৰণেই হৈছে সঠিক আলোচনাৰ অভাৱ। যদি কোনো বিষয়ত আপুনি উদ্বিগ্ন বা কাৰোবাৰ লগত যদি মত পাৰ্থক্য আছে তেনেহ'লে মুকলিকৈ কওক। বৈষম্যৰ উপস্থিতি আৰু মত পাৰ্থক্যই অভ্যন্তৰীণ সংঘাত আনে আৰু মানসিক প্ৰশান্তি নোহোৱা কৰে । যদি চিন্তাৰ পাৰ্থক্য দেখে তেনেহ'লে মাত মাতক। যদি আনৰ সৈতে কথা পতাটো সম্ভৱ হৈ নুঠে তেনেহ'লে নিজৰ সৈতেই কথা পাতক। ই আপুনি কল্পনা কৰাতকৈ অধিক শান্তিদায়ক হয়। কেতিয়াবা কিছুমান কথাত আপুনি এৰি দিবলৈ জানিব লাগিব আৰু কিছুমান কথা মানি ল'ব লাগিব। সকলো সংঘাত আৰু সমস্যা সমাধানযোগ্য নহয়। তেনেকুৱা পৰিস্থিতিত শান্তিত থাকিব লাগিব আৰু আগুৱাই যাব লাগিব।

প্ৰত্যাশাৰ ব্যৱস্থাপনাঃ প্ৰত্যাশা পূৰণৰ সমান্তৰালভাবে হতাশাও আহে। কিন্তু মানুহৰ প্ৰত্যাশা হৈছে এক স্বাভাৱিক প্ৰবৃত্তি। নিজৰ ওপৰত বা আনৰ ওচৰত প্ৰত্যাশা নথকাটো অসম্ভৱ। গতিকে প্ৰত্যাশাৰ পৰা পলোৱাতকৈ কিদৰে প্ৰত্যাশা কৰিব লাগে আৰু হতাশাৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে তাক শিকি লোৱা উচিত। নিজৰ পৰা বা আনৰ পৰাও বাস্তৱবাদী প্ৰত্যাশা কৰা উচিত। যদি প্ৰত্যাশিত কোনো লক্ষ্যত আপুনি উপনীত হ'বলৈ সক্ষম হোৱা নাই তেনেহ'লে কেতিয়াও নাভাবিব যে আপুনি পৰ্যাপ্ত পৰিমাণে যোগ্য নহয়, বৰং সেই লক্ষ্যৰ বাবে অন্য পথ লওক আৰু আগতকৈ অধিক প্ৰচেষ্টা কৰক । একেদৰেই, যদি আনেও আপোনাৰ প্ৰত্যাশা পুৰণ কৰিবলৈ সক্ষম হোৱা নাই তেনেহ'লে তাৰ কাৰণনো কি তাক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰক। সুখক কিদৰে সম্ভৱ কৰি তুলিব।

আপুনি কি কৰিব বিচাৰে বনাম আপোনাৰ কৰ্তব্যঃ আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য পালনত অতিবাহিত কৰো। বহুসময়ত আমি আমাৰ কৰ্তব্য আৰু প্ৰকৃত কৰণীয়ৰ মাজত সামঞ্জস্য ৰক্ষা কৰিব নোৱাৰো। সকলো ত্যাগ কৰি কৰি ভাল লগা কাম কৰি থকাটো এটা উচিত সমাধান হ'ব নোৱাৰে। গতিকে এটা সমানুপাতিক ধৰণ উলিওৱাটো উচিত। দৈনিক ৩০ মিনিট নিজে কৰি ভাল পোৱা কাম এটা কৰিব পাৰিলে ভাল। কৰ্তব্য পালনৰ ক্ষেত্ৰত বহ্যিক উৎসৰ পৰা সহায় ল'বলৈ শিকিব লাগে আৰু জীৱনটোত অধিক সমৃদ্ধ কৰিব লাগে ।

 বিভিন্ন ইতিবাচক আবেগক গুৰুত্ব দিয়কঃ সুখক বুজাতকৈ অধিক আমি অনুভৱ কৰোঁ। আমি ভিন্ন ধৰণৰ ইতিবাচক অনুভুতি লাভ কৰোঁ। আমেজ, অনুসন্ধিৎসা, সম্যক ধাৰণা, উত্তেজনা, সাফল্যৰ অনুভৱ আদি আচলতে ভিন্ন ধৰণৰ উপলব্ধি আমি সুখৰ সন্ধানত ইমানেই ব্যস্ত হৈ পৰোঁ যে এইধৰণৰ অনুভুতিবোৰক উপভোগ কৰিবলৈ পাহৰি যাওঁ। এইধৰণৰ অনুভুতিসমুহৰ সন্ধান কৰক আৰু আপুনি লাভ কৰিব জীৱনৰ অধিক সমৃদ্ধিৰ উপলব্ধি।

সুখী হোৱাটো জীৱন যাপনৰ এটা পদ্ধতিঃ সুখক জীৱনৰ লক্ষ্য হিচাপে লোৱাৰ সলনি জীৱন যাপনৰ এটা পদ্ধতি কৰি তোলক। জীৱনত ইতিবাচকতাক আদৰণি জনাবলৈ যৎপৰোনাষ্টি চেষ্টা কৰক। আপুনি কৰি সুখ পোৱা কোনো কাম কৰাৰ পিছত পৰৱৰ্তী পদক্ষেপৰ কথা ভবাতকৈ সেই মুহুৰ্তটো অনুভৱ আৰু উপভোগ কৰক জীৱনত ইতিবাচক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, সেই পৰিৱৰ্তনৰ শলাগ লওঁক আৰু প্ৰতিপালন কৰক। এবাৰ যদি আপুনি সুখ আহৰণ কৰাৰ সলনি সুখত থাকিবলৈ শিকি পেলায়, তেনেহ'লে আপুনি চিৰদিনৰ বাবে সুখী হৈ থাকিব।

(বিধিসন্মক ঘোষণা: ইয়াত বৰ্ণিত মত আৰু উপদেশসমুহ লিখকৰ নিজস্ব,ইয়াৰ সৈতে YourStory ৰ কোনো সম্পৰ্ক নাই)

মূলঃড. অজয় ফাৰডে

অনুবাদঃ প্ৰাঞ্জল শৰ্মা

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

উদ্যমিতাৰে বহু লোকৰ জীৱন পোহৰোৱা এগৰাকী সাহসী মহিলা চয়নিকা ৰাজখোৱা

অসমৰ শিক্ষা জগতলৈ অভিনৱ অৱদান শান্তনু আৰু উৎপলাৰ GOOD WORDS

'সভ্যতা আহে আৰু যায়, জীয়াই থাকে নাটক'- নাটকেৰে বিশ্বক আপোন কৰা ড° কেৰেন লিবমেন

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’