3D প্ৰযুক্তিৰে জেব্ৰা ক্ৰছিং অংকন কৰি পথ দূৰ্ঘটনা ৰোধৰ প্ৰচেষ্টা
Saturday April 23, 2016,
3 min Read
আমাৰ দেশত প্ৰতিবছৰে পথ দুৰ্ঘটনাত প্ৰায় ডেৰ লাখ লোকৰ মৃত্যু হয়। পথ দূৰ্ঘটনাসমূহ ৰোধ কৰাৰ বাবে চৰকাৰে আজিকোপতি কোনো ফলপ্ৰসূ ব্যৱস্হা গ্ৰহণ কৰা নাই। কিন্তু ইয়াৰ বিপৰীতে আহমদাবাদত মাতৃ-কন্যাৰ এক যুটিয়ে বিশেষ কলাত্মক পন্হাৰে পথ দূৰ্ঘটনা ৰোধ কৰাৰ চেষ্টা কৰিছে। সৌম্যা পাণ্ড্যা থক্কৰ আৰু মাতৃ শকুন্তলা থক্কৰে জেব্ৰা ক্ৰছিং সমূহত থ্ৰী ডি পেইন্টিং কৰি নতুন ৰূপ দিছে। বিদেশৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে সমতল ভূমিত এনেদ’ৰে পেইন্টিং কৰে যে গাড়ী চালকে সমতল ঠাইখিনি ওখ যেন দেখে। যাৰফলত তেওঁলোকে নিজেই যান-বাহনৰ গতি হ্ৰাস কৰি দিয়ে । এনেদৰে দূৰ্ঘটনা ৰোধ কৰিব পৰা যায়।
সৌম্যা পাণ্ড্যা থক্কৰ মূলতে এগৰাকী পেচাগত চিত্ৰশিল্পী।তেওঁ বিগত ১৫ বচৰে এই কলাৰ সৈতে জড়িত হৈ আছে। শেহতীয়াকৈ তেওঁ সবাতোকৈ দীঘল একোৱা শ্বেড’ পেইন্টিং কৰি লিমকা বুক অৱ ৰেকৰ্ডছত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয়। মাতৃ শকুন্তলা থক্কৰৰ সৈতে যুটীয়াভাৱে তেওঁ পেচাগত চিত্ৰ আঁকে।
সৌম্যাই কয়, "এদিন মোলৈ ঘাইপথ প্ৰাধিকৰণৰ তৰফৰ পৰা এটা ফোন আহিল। তেওঁ জনালে যে তেওঁ মেহসানাৰ ঘাইপথত পেইন্টিং কৰাব বিচাৰে। ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে ক’লে যে পশ্চিমীয়া দেশসমূহত জেব্ৰা ক্ৰছিঙত থ্ৰী ডি পেইন্টিং কৰা হয় আৰু মেহসানাৰ ঘাইপথতো তেওঁলোকে তেনেধৰণৰে পেইন্টিং কৰাব বিচাৰে। তেওঁলোকে কয় যে মেহসানাৰ এই ঘাইপথটোত বহুকেইখন বিদ্যালয় আৰু মহাবিদ্যালয় থকাৰ বাবে তাত সঘনাই দূৰ্ঘটনা সংঘটিত হয়।"
সৌম্যাই কয়,"আমি তেওঁলোকলৈ ২-৩টা আৰ্হি পঠালো আৰু দুদিনৰ ভিতৰতে তেওঁলোকে সেই নমুনাকেইটাত অনুমোদন জনালে। তাৰ পিছত আমি সেই ঘাইপথটোত 3D পেইন্টিং কৰিলো।"সৌম্যাই জানিবলৈ দিয়ে যে তেওঁ এগৰাকী চিত্ৰশিল্পী আৰু মানুহে তেওঁৰ কাম ভাল পাইছে। প্ৰতিদিনেই বহুলোকে এই কামটোৰ সম্বন্ধীয় বিভন্ন তথ্য জানিবলৈ বিচাৰে। তেওঁ জনায় যে ঘাইপথ প্ৰাধিকৰণৰ বিষয়াসকলে তেওঁক কৈছিল যে এই পন্হাৰে তেওঁলোকে এশ শতাংশ দূৰ্ঘটনা ৰোধ কৰিব নোৱাৰিলেও অন্ততঃ দূৰ্ঘটনা হ্ৰাস কৰিবলৈ চেষ্টা কৰিব পাৰে। এইধৰণৰে জেব্ৰা ক্ৰচিং অঁকাৰ ফলত দূৰ্ঘটনাৰ সংখ্যা হ্ৰাস পাইছে যদিও কিমান হ্ৰাস পাইছে তাৰ সঠিক তথ্য তেওঁৰ হাতত নাই। তেওঁ কয় যে ফটো দেখি বহুলোকে কয় যে এয়াতো দেখাত খুৱ ভয়ংকৰ। এইবোৰ দেখি গাড়ীচালকে ভয় খাই হঠাৎ ব্ৰেক মাৰি দিব।
সৌম্যাৰ মতে, "খালী চকুৰে আমি মাত্ৰ 2D পেইন্টিঙহে দেখা পাওঁ। 3Dপেইন্টিং দেখিবৰ বাবে আমি ছচমা পিন্ধিব লাগিব আৰু এটা নিৰ্দিষ্ট দূৰত্ব আৰু দিশৰ পৰা কেমেৰাৰ সহায়তহে সেয়া চাব পৰা যায়। কিন্তু পথত গৈ থকা লোকসকলে সেইবোৰকেই কিছুমান হেলনীয়া ৰেখা আৰু বিশেষধৰণৰ নক্সা আৰু ৰং দেখিবলৈ পায় যাৰবাবে তেওঁলোকে জেব্ৰা ক্ৰচিংটো সাৱধানে লক্ষ্য কৰে।"
মেহসানাৰ ঘাইপথত পৰীক্ষা কৰাৰ পিছত প্ৰাধিকৰণে ইয়াৰ ওচৰে পাজৰে আৰু কেইবাটাও জেব্ৰা ক্ৰচিঙত অলপ বেলেগ ধৰণৰে পেইন্টিং কৰিছে যাতে এই দিশত মানুহৰ বেছি দৃষ্টি আকৰ্ষণ হয়।
ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে তেওঁ জনায় যে দেশৰ অন্যান্য ৰাষ্ট্ৰীয় ঘাইপথসমূহতো থ্ৰী ডি প্ৰযুক্তি অথবা আন সৃষ্টিশীলতাৰে জেব্ৰা ক্ৰচিংসমূহ অংকন কৰাৰ ইচ্ছা আছে তেওঁৰ। তেওঁ কয়, "ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে আঁচনিসমূহত হঠাৎ কোনো পৰিবৰ্তন নকৰে কিন্তু আজি নহয় কাইলৈ আমি প্ৰথম প্ৰয়াস কৰিবই লাগিব।আমাক কাম কৰাৰ স্বাধীনতা দিলে আমাৰ হাতত আন বহুতো আঁচনি আছে যিবোৰ কাৰ্যকৰী কৰি দূৰ্ঘটনাৰ সংখ্যা যথেষ্ট হ্ৰাস কৰিব পৰা যায়।"
মূলঃগীতা বিষ্ট
অনুবাদঃসংগীতা দেৱী
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
পৰিবৰ্তনৰ জোৱাৰ আনিছে 'পৰিবৰ্তনে'
মিচেছ ইণ্ডিয়া হ'ম মেকাৰ প্ৰতিযোগিতাত শ্বিলঙৰ তিনি গৃহিণী
বনৌষধি সংৰক্ষণেৰে কেইবা হাজাৰ মহিলাক স্বাৱলম্বিতাৰ পথ দেখুৱাইছে কুন্তী বৰাই