উত্তৰ-পূবৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ সমাধানৰ বাবে সেৱা আগবঢ়াইছে ফাউণ্ডেচন ফৰ ছচিয়েল ট্ৰান্সফৰ্মেচন

উত্তৰ-পূবৰ বিভিন্ন আৰ্থ-সামাজিক সমস্যাৰ সমাধানৰ বাবে সেৱা আগবঢ়াইছে ফাউণ্ডেচন ফৰ ছচিয়েল ট্ৰান্সফৰ্মেচন

Monday September 04, 2017,

1 min Read

সাংস্কৃতিক আৰু মানৱ সম্পদত উত্তৰ পূৰ্বাঞ্চল সদায় চহকী । তথপিও এই অঞ্চলটোৰ অধিকাংশ লোক আৰ্থনৈতিকভাৱে আৰু ভৌগোলিকভাৱে পিছপৰা । দিনে দিনে বাঢ়ি যোৱা অসমতাৰ বাবে বিভিন্ন ধৰণৰ সংঘাত আৰু আৰ্থ-সামাজিক সমস্যাই দেখা দিছে ।

এই ধৰণৰ সমস্যাবোৰৰ সমাধানৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে ফাউণ্ডেচন ফৰ ছচিয়েল ট্ৰান্সফৰ্মেচন নামৰ সংস্থাটোৱে । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত নিজৰ সেৱা আগবঢ়োৱা এই সংস্থাটোৱে চাৰিটা দিশ সামৰি লয়- লিঙ্গ সমতা আৰু ন্যায়, যুৱ কল্যাণ, প্ৰকৃতিক সম্পদ আৰু জীৱিকা, স্থানীয় কলা-সংস্কৃতিক উদগণি প্ৰদান ।

image


ইয়াৰ অন্যতম হৈছে শাৰীৰিকভাৱে বাধাগ্ৰস্ত যুৱক-যুৱতীসকলৰ যৌন স্বাস্থ্য আৰু যৌন অধিকাৰ সম্পৰ্কে সজাগতা সৃষ্টি কৰা। তাৰ বাবে সংস্থাটোৱে বিভিন্ন কৰ্মশালাৰ আয়োজন কৰি আহিছে । 

আন এটা গুৰুত্বপূৰ্ণ প্ৰকল্প হৈছে মেঘালয়ত ভেড়াৰখীয়াসকলৰ শিশুৰ বাবে এখন খাচী বিদ্যালয় চলোৱা । 

সংস্থাটোৰ শেহতীয়া বিভিন্ন কাম-কাজৰ ভিতৰত অন্যতম হৈছে ৮ৰপৰা ১১ আগষ্টলৈকে প্ৰগ্ৰেম মেনেজমেন্ট এণ্ড জেণ্ডাৰ শীৰ্ষক কৰ্মশালা ।

শেহতীয়াকৈ যোৰহাটৰ কৃষি বিজ্ঞান কেন্দ্ৰ, পশু কল্যাণ বিভাগ আৰু জনজাগৰণ মঞ্চৰ সহযোগত লাইভষ্টক মেনেজমেন্ট এণ্ড হেল্থ কেয়াৰ শীৰ্ষক এখন কৰ্মশালা আয়োজন কৰা হৈছে ।

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিনিয়োগকাৰীক আপোনাৰ ব্যৱসায়ৰ প্ৰতি কিদৰে আকৰ্ষিত কৰাব 

তালিবানৰ কবলৰপৰা পলায়ন কৰা শিশু নাদিয়া আজি ডেনমাৰ্কৰ ৰাষ্ট্ৰীয় স্তৰৰ ফুটবলাৰ

বি এছ এফৰ ইতিহাসৰ প্ৰথম মহিলা বিষয়া তনুশ্ৰী পাৰিক