Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

বেডমিন্টন তাৰকা সৃষ্টিৰ বাবে নিজৰ ঘৰো বন্ধকত থৈছিল গোপীচান্দে

বেডমিন্টন তাৰকা সৃষ্টিৰ বাবে নিজৰ ঘৰো বন্ধকত থৈছিল গোপীচান্দে

Friday August 19, 2016,

2 min Read

চাইনা নেহৱাল, শ্ৰীকান্ত কিড়াম্বি, পাৰুপল্লী কাশ্যপ, পি ভি সিন্ধু, অৰুন্ধতী পান্তাৱানে, গুৰুসাই দত্ত, অৰুণ বিষ্ণু আৰু বহুতো। বেডমিণ্টনৰ ক্ষেত্ৰখনলৈ ইজনৰ পাছত সিজন তাৰকা উপহাৰ দিছে হায়দৰাবাদৰ গোপীচান্দ বেডমিণ্টন একাডেমীয়ে। 

প্ৰাক্তন অল ইংলেণ্ড অপেন চেম্পিয়ন পুল্লেলা গোপীচান্দক তেওঁৰ বিজয়ৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰে দিয়া পাঁচ একৰ মাটিত গোপীচান্দে স্থাপন কৰে এই একাডেমী । এই একাডেমী স্থাপন কৰিবলৈ প্ৰয়োজনীয় পুঁজি সংগ্ৰহ কৰিবলৈ আৰু ইয়াৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ লাগিছিল এটা দশক । 

পুঁজিৰ বাবে গোপীচান্দ কাষ চাপিছিল তেওঁৰ আত্মীয়, উদ্যোগী এন প্ৰসাদৰ । প্ৰসাদে তেওঁক পাঁচ লাখ মাৰ্কিন ডলাৰ দিয়াৰ লগতে অতিৰিক্ত দুই নিযুত মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিবলৈও সহায় কৰিছিল । কিন্তু ক্ৰিকেট প্ৰধান দেশ ভাৰতত বেডমিণ্টনৰ বাবে ধন অহাটো আছিল অতি মন্থৰ । সেয়েহে বাকী থকা ধনখিনি যোগাৰ কৰিবলৈ গোপীচান্দে বন্ধকত দিছিল নিজৰ ঘৰ দুৱাৰ । 

বৰ্তমান এই একাডেমীত প্ৰায় ১২০ জন প্ৰশিক্ষাৰ্থী আছে । এতিয়াও পুঁজিৰ বাবে সংগ্ৰাম কৰি থকা গোপীচান্দৰ বিশ্বাস, ভাৰতলৈ বেডমিন্টনৰ সোণৰ পদক এটা অচিৰেই আহিবই । "মোৰ চীনা প্ৰশিক্ষক ৱাং জিয়াও মিং আৰু ছু য়ান আছিল কঠোৰ প্ৰশিক্ষক । তেওঁলোকে মোক কঠোৰ মিয়মানুৱৰ্তীতা উপহাৰ দিছে । ইয়াকে মই মোৰ প্ৰশিক্ষাৰ্থীসকলৰ মাজত মজ্জাগত কৰি তুলিব খুজিছো ।" ২০১৩ বৰ্ষত এই কথা আউটলুক আলোচনীৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল গোপীচান্দে ।   

আজি গোপীচান্দ একাডেমীয়ে কেইবাজনো আন্তঃৰাষ্ট্ৰীয় তাৰকা শ্বাটলাৰ তৈয়াৰ কৰিছে আৰু ভাৰতত এনে ধৰণৰ প্ৰয়াস ক্ৰীড়াৰ দুখলগা ছৱিখন উন্নত কৰিবৰ কাৰণে কিমান দৰকাৰী সেই কথা সহজোি অনুমেয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সোণতকৈ কম নহয় সিন্ধুৰ ৰুপৰ পদক

সামাজিক বাধা স্বত্বেও সাক্ষীয়ে ৰচিলে ইতিহাস

নৈষ্ঠিক ব্ৰাহ্মণে চোৱা-চিতা কৰা এটা মছজিদ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন