মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই

মহানগৰীত ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজত যোগসূত্ৰ স্থাপন কৰিছে এটা এপভিত্তিক সেৱাই

Tuesday June 27, 2017,

2 min Read

দ্ৰুত গতিত সলনি হৈ আহিছে গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা । নগৰীয়া জীৱনশৈলীয়ে সলনি কৰিছে মানুহৰ ৰূচি । এই পৰিৱৰ্তিত ৰূচি খাদ্য, সাজ-পাৰ সকলো ক্ষোত্তে দেখা গৈছে । ইয়াৰেই আলম লৈ গঢ়ি উঠিছে বিভিন্ন ধৰণৰ ৰেষ্টোৰাঁ কেফে আদি । এতিয়া মহানগৰবাসীয়ে ৰোষ্টোৰাঁ আদিত কেৱল ভোক গুচাবৰ বাবে নাখায় । খোৱাৰ লগত জড়িত থাকে নতুন কিবা এটা অনুভৱ কৰাৰ প্ৰৱণতা অথবা জীৱনশৈলীৰ প্ৰশ্নটোও । বিভিন্ন ধৰণৰ খাদ্যৰ সোৱাদ বিচৰা খাদ্যৰসিকসকল যেন ছচিয়েল মিডিয়াৰ একো একোজন খাদ্য বিশেষজ্ঞও যি নিজৰ অনুভৱ আৰু অভিজ্ঞতা ফটোসহ ছচিয়েল মিডিয়াত প্ৰকাশ কৰিবলৈ সদা প্ৰস্তুত ।

ট্ৰেফিকৰ সমস্যা, বৰযুণ অথবা কৃত্ৰিম বানপানীৰ ভয়ে জুৰুলা কৰি ৰখা মহানগৰবাসীৰ বাবে বহু সময়ত ঘৰৰপৰা বাহিৰলৈ ওলাই যোৱাটো এটা ডাঙৰ সমস্যা । এই সমস্যাৰ বাবেই বহু সময়ত বহুতেই একোখন ৰেষ্টোৰাঁৰ পৰা ঘৰত খাদ্য যোগানৰ সুবিধাটো বিচাৰে । কেতিয়াবা হঠাতে প্ৰয়োজন হোৱা খাদ্যৰ বাবেও বহুদূৰ ওলাই যোৱাটো অসুবিধাজনক । কিন্তু কৰ্মীৰ অভাৱৰ বাবে বেছিভাগ ৰেষ্টোৰাঁই সেই সুবিধা প্ৰদান কৰিব নোৱাৰে । 

image


এই সমস্যাটো সমাধান কেনেকৈ কৰিব পাৰি সেই প্ৰশ্নৰপৰাই আৰম্ভ হৈছিল পিক এণ্ড ডেল গুৱাহাটী ফুড ডেলিভাৰী নামৰ ষ্টাৰ্টআপটো । ই হৈছে এটা এপ নিৰ্ভৰ সেৱা যাৰ যোগেদি একোখন ৰেষ্টোৰাঁৰ খাদ্য ঘৰত পোৱাকৈ অৰ্ডাৰ কৰিব পাৰি । অৰ্থাৎ ৰেষ্টোৰাঁ আৰু গ্ৰাহকৰ মাজৰ যোগসূত্ৰ পিক এণ্ড ডেল ।

২০১৬ চনৰ মে মাহত স্থাপিত এই সেৱাৰ প্ৰতিষ্ঠাতা হৈছে ছফটৱেৰ মেনেজমেন্টৰ ক্ষেত্ৰত ৫ বছৰৰ অভিজ্ঞতাপুষ্ট বিভূজ্জল ৰাজ কাশ্যপ । আৰম্ভণীতে তিনিজন ডেলিভাৰী এক্সিকিউটিভৰ উপৰিও প্ৰয়োজন সাপেক্ষে বিভূজ্জল আৰু তেওঁৰ দুজন বন্ধুৱে নিজেও ডেলিভাৰীৰ কাম কৰিবলগীয়া হৈছিল । বৰ্তমান ১৪ জন লোকেৰে গঠিত পিক এণ্ড ডেলৰ ১১ জন হৈছে ডেলিভাৰী এক্সিকিউটিভ । দুপৰীয়া ১২ বজাৰপৰা নিশা ১১ বজালৈ সপ্তাহৰ সাত দিন সেৱা প্ৰদান কৰে পিক এণ্ড ডেলে । ইতিমধ্যে পিক এণ্ড ডেলৰ এপ ডাউনলোড ৫০০০ অতিক্ৰম কৰিছে । ৬০খনতকৈও অধিক ৰেষ্টোৰাঁ ইতিমধ্যে জড়িত হৈছে আৰু আগন্তুক দিনত এই সংখ্যা ১০০লৈ বৃদ্ধি কৰাৰ লগতে নিজৰ সেৱা সমগ্ৰ উত্তৰ পূবলৈ প্ৰসাৰ কৰাৰ লক্ষ্য আছে পিক এণ্ড ডেলৰ ।

"আমি আমাৰ সহযোগী ৰেষ্টোৰাঁসমূহত একোখন প'ষ্টাৰ লগোৱাৰ বাহিৰে বিশেষ মাৰ্কেটিং বা প্ৰচাৰ চলোৱা নাই । আমাৰ যি প্ৰসাৰ ঘটিছে সেয়া মূখে মূখে চলা প্ৰচাৰৰ বাবেই সম্ভৱ হৈছে । আমি আমাৰ গ্ৰাহকসকলৰ ওচৰত; বিশেষকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত কৃতজ্ঞ ।" বিভূজ্জলে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

৬ বছৰীয়া মিনি ব্ৰুচ লী ৰিয়ুজি ইমা

১ টকা মূলধনেৰে আৰম্ভ হৈছিল অগৰৱাল পেকাৰ্ছ এণ্ড মুভাৰ্ছৰ ৪৫০ কোটি টকীয়া ব্যৱসায় 

পঢ়া-শুনা আৰু মডেলিঙত সমানে আগ ৰণুৱা মিছ ইণ্ডিয়া ৰাণাৰ্ছ আপ পঙ্খূৰি গিডৱানি