Brands
YSTV
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

Videos

গধূৰ স্কুলবেগৰ বিৰুদ্ধে ১২ বছৰীয়া ছাত্ৰৰ সংবাদমেল

গধূৰ স্কুলবেগৰ বিৰুদ্ধে ১২ বছৰীয়া ছাত্ৰৰ সংবাদমেল

Wednesday August 31, 2016,

2 min Read

মহাৰাষ্ট্ৰৰ বিদ্যা নিকেতন স্কুলৰ দুজন ১২ বছৰীয়া ছাত্ৰই আয়োজন কৰিছিল এখন সংবাদ মেল । এই সংবাদ মেলত তেওঁলোকে মুকলিকৈ প্ৰকাশ কৰিছিল তেওংলোকে গধুৰ স্কুল বেগ দাঙি কেনেধৰণৰ হাৰশাস্তিৰ সন্মূখীন হ'বলগীয়া হয় । 

Representational Image; Source - BBC

Representational Image; Source - BBC


"আমি আঠটা বিষয়ৰ বাবে এতি কমেও ১৬খন কিতাপ কঢ়িয়াও । কেতিয়াবা এই কিতাপৰ সংখ্যা ১৮-২০ খনলৈ বৃদ্ধি পায় । আমাৰ স্কুল বেগৰ ওজন ৫ৰপৰা সাত কিলোগ্ৰাম পৰ্যন্ত হয় আৰু তৃতীয় মহলালৈকে এই বেগ কঢ়িয়াই নিয়াটো আমাৰ বাবে ভীষণ কষ্টকৰ ।" তেওঁলোকে সংবাদ প্ৰতিষ্ঠান পিটিআইক কয় । 

এই সংবাদমেলৰ ফলত তেওঁলোকে শাস্তি পেৱাৰ সম্ভাৱনা আছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁলোকে কয় যে তেওঁলোকৰ দাবী যুক্তিসঙ্গত আৰু আৰু তেওঁলোকে কোনো শাস্তি পাবলগীয়া কাম কৰা নাই । 

মহাৰাষ্ট্ৰ চৰকাৰে ইয়াৰ আগতেও স্কুল বেগৰ ওজন কমাবলৈ এক নিৰ্দেশ জাৰি কৰিছিল । এই সংবাদ মেলৰ দুদিন পাছতেই তেওঁলোকৰ স্কুলত কিতাপ-পত্ৰ থ'বৰ বাবে লকাৰ ৰূম স্থাপন কৰা হয় । অৱশ্যে এই যুঁজখনক এইবাৰ ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰস্তুতি চলাইছে এই ছাত্ৰ দুজনে । তেওঁলোকৰ লক্ষ্য দেশৰ সকলো স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে গধূৰ স্কুল বেগৰপৰা মুক্তি দিয়া । 

"আমি দেশৰ শিক্ষা মন্ত্ৰীৰ সৈতে কথা পতাৰ চেষ্টা কৰিম যাতে দেশৰ সকলো স্কুলতে এই নিয়ম কৰিব পৰা যায় । আমি সকলো পিতৃ মাতৃকে তেওঁলোকৰ সন্তানক এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাওঁ ।" তেওঁলোকে কয় । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভাৰতত 'অযোগ্য' মালৱিকা ৰায় আজি এমআইটিত অধ্যয়নৰত

আৱৰ্জনা বুটলি উপাৰ্জন কৰা মহিলাই চোৱাচিতা কৰে ৪০০ কুকুৰ

দৈনিক ৮ কি:মি: পাহাৰ বগাই এখন স্কুল জীয়াই ৰাখিছে এজন শিক্ষকে

পশ্চিমবঙ্গৰ দিনাজপুৰৰ মুখা শিল্পক জীয়াই ৰাখিবলৈ শিল্পী সকলৰ সমবায়