সৃষ্টিশীলতাৰে উদ্ভাষিত এটি সূৰ্য

সৃষ্টিশীলতাৰে উদ্ভাষিত এটি সূৰ্য

Saturday April 16, 2016,

3 min Read

৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথেৰে গুৱাহাটীৰ পৰা উজনি অসমৰ অভিমুখে যাত্ৰা কৰোতে, নিশ্চয়কে আপুনি চাগে বোকাখাট অঞ্চলত শাৰী শাৰী প্ৰায় ২০খন মান কাঠেৰে নিৰ্মিত বিভিন্ন প্ৰাকৃতিক সম্পদ, পক্ষী, মহামানৱৰ ফটো অথবা বিভিন্ন ঘৰ সজোৱা সামগ্ৰীৰ দোকান দেখিছে, হয়তো কেতিয়াবা ঘৰ সজাবলৈ সা-সামগ্ৰী ক্ৰয় কৰিছে। সেই দোকানবোৰৰ অন্যতম VIVA UNIQUE WOODCRAFT CENTRE নামৰ দোকানখন । দোকানখনৰ স্বত্বাধিকাৰী হ’ল উদ্যমী যুবক সূৰ্য কমাৰ ছেত্ৰী ।যুৱকজনে কোনো কৃত্ৰিম সামগ্ৰীৰ অবিহনে নিজ হাতৰেই প্ৰাণ দিছে বহু সা- সামগ্ৰী।

image


জীৱন আৰু জীৱিকাৰ পম খেদি

জীৱন মানেই সংগ্ৰাম । জীৱন আছে বাবেই জীৱিকাৰ প্ৰয়োজনীয়তা আছে । নিসন্দেহে সকলোৰৰে জীবিকাৰ পথ বেলেগ বেলেগ যদিও আমি প্ৰতেকেই জীৱিকাৰ তাড়নাত জীৱন যুঁজত অৱৰ্তীণ হ’ব লগা হয়। কথাষাৰ মিছা নহয় । বিজ্ঞজনৰ মতে জীৱন যুঁজত হাৰ নামনি সময়ৰ খোজত খোজ মিলাই যোৱাজনেই প্ৰকৃত মানুহ । জীৱনৰ অতি দুঃসময়ৰ ওচৰত হাৰ নামানি নিজকে সবল ৰূপে প্ৰতিষ্ঠা কৰা এজন যুবকক আজি চিনাকী কৰি দিব ওলাইছো ।

image


উদ্যমিয়তাৰ জগতখনত উদ্যমী হিচাপে প্ৰতিষ্ঠা লাভ কৰা সূৰ্য ছেত্ৰীৰ কাষ চাপিছিলো, তেঁওৰ পৰা এনে বৃত্তি বাচি লোৱাৰ অন্তনিৰ্হিত কাৰণ জানিব বিচৰাত সেই সমন্ধে য়'ৰ ষ্ট'ৰীক এনেদৰে জনায় … পঢ়া শুনাৰ বাবে প্ৰবল ইচ্ছা আছিল যদিও আৰ্থিক সমস্যাৰ বাবে বিশেষ পঢ়া শুনা কৰিব নোৱাৰিলো । আমাৰ ঘৰটো বোকাঘাট ৰজাবাৰীৰ পৰা ভিতৰুৱা অঞ্চল চিনাকান চাপৰিত আছিল । কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াত মাটি-বাৰী ভেটি সম্পত্তি সকলো জাহ গৈছিল । অৱশেষত চৰকাৰে এটুকুৰা মাটি দিয়াত তাতে আমি ঘৰ বান্ধি লওঁ। মোৰ মায়ে বাগানত চাহপাত তুলিছিল । মা দেউতা দুয়ো অসুস্থ আছিল । দুবেলা দুমুঠি খোৱাটোৱেই আমাৰ বাবে আছিল ডাঙৰ কথা। পঢ়া শুনাটো দুৰৰে কথা … । তেনেকৈয়ে এবেলা বেলেগৰ ঘৰ অথবা দোকানত ৫০ টকাকে হাজিৰা কৰি মই মেট্ৰিকলৈকে পঢ়িলো। মা- দেউতাক পোহপালন দিবলৈ যাওতে গোটেই দিনটো হাজিৰা কামত লগাৰ বাবে পঢ়া শুনা সিমানতে ইতি পেলালো। কিন্তু মোৰ মনত সদায় নিজকে কিবা এটা কৰি খোৱা মানসিকতাই শিপাই আছিল ।' ঠিক সেই সময়তে গোলাঘাটৰ বিকাশ গগৈ নামৰ এজন ব্যক্তিয়ে এখন দোকান খুলি কাঠৰ বিভিন্ন বস্তু অথবা সামগ্ৰী বনাই আছিল আৰু যেতিয়া তেওঁ স্কুল ছুটীত ঘৰ অভিমুখে আহিছিল তেতিয়া বিকাশ দাৰ দোকানত ৰৈ তেখেতে কৰি থকা কামবোৰ নিৰীক্ষণ কৰিছিল ।লাহে লাহে কামটোৰ প্ৰতি আৰ্কষণ বাঢ়িল । মোৰো কামটো কৰোঁ কৰোঁ লাগিল। জীবিকাৰ তাড়নাত এদিন বিকাশ দা দোকানত যোগালি হিচাপে কাম শিকো । ইয়ে এক প্ৰকাৰৰ আৰম্ভণী বুলি ক’ব পাৰি।

image


সূৰ্য্যৰ দ্বিতীয় পদক্ষেপ

সূৰ্য্যই এবছৰৰ বিকাশ গগৈৰ তত্বাৱধানত কাম শিকি ২০০৮ চনত VIVA UNIQUE WOODCRAFT CENTREৰ জন্ম দিয়ে । ৮০০০ টকা মূলধনেৰে আৰম্ভ কৰা দোকানকনত খুব ভাল ধৰণে গ্ৰাহকৰ পৰা সহাৰি পাইছে । সূৰ্য্যৰ দোকানত কাঠৰে নিৰ্মিত ডলফিন, গড়, হাতী, মহত্মা গান্ধী, মাদাৰ টেৰেছা , পক্ষী আৰু বিভিন্ন ঘৰ সজোৱা সামগ্ৰী উপলব্ধ আছে । বৰ্ত্তমান ৪ জন ল'ৰাক সূৰ্য্যই কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে।

সূৰ্য্যই আমাক জনোৱা মতে কাজিৰঙা দৰ্শনৰ অৰ্থে অহা বহু বিদেশী পৰ্যটকে VIVA UNIQUE WOODCRAFT CENTREৰ পৰা সামগ্ৰী ক্ৰয় কৰে । ইয়াৰ কলকাতা, চিকিম, গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন অঞ্চলত প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি বিশেষ ভাবে গ্ৰাহকৰ পৰা সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য কোনো ইলেকট্ৰনিক সামগ্ৰী ব্যৱহাৰ নকৰাকৈ তেওঁ কাঠৰ সা সামগ্ৰী বনায়। উল্লেখযোগ্য যে সূৰ্য কুমাৰ ছেত্ৰী নামৰ যুবক জনে নিজৰ কাৰ্য্য ৰ্কমৰ বাবে ১৩-১৪ আৰু ১৪-১৫ বৰ্ষত দুবাৰকে District Industrial Commerce Centre ৰ পৰা উদ্যমী হিচাপে পুৰস্কিত হ’বলৈ সক্ষম হৈছিল। সূৰ্যৰ জয় যাত্ৰা অব্যাহত থাকক আমাৰ ফালৰ পৰা যাছিলো বহু শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী

সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে সমাজলৈ বাৰ্তা কঢ়িয়াই নিয়াৰ ব্ৰতেৰে অসমৰ চন্দামিতা, বন্তিয়ে আনিলে সুখবৰ

৬ফুট পেপাঁৰে মুহিছে আনন্দ গগৈয়ে

সৰ্থেবাৰীৰ ব্যতিক্ৰমী কাঁহ শিল্পী খনিন ডেকা