একলব্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি বুঢ়া আঙুলি ব্যৱহাৰ নকৰা জনজাতীয় ধনুৰ্বিদসকল

একলব্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি বুঢ়া আঙুলি ব্যৱহাৰ নকৰা জনজাতীয় ধনুৰ্বিদসকল

Sunday November 27, 2016,

2 min Read

মধ্য প্ৰদেশৰ ভীল আৰু ভীলালা জনজাতিৰ লোকসকলৰ বাবে একলব্য এক প্ৰিয় চৰিত্ৰ । আলিৰাজপূপ জিলাৰ ভীল আৰু ভীলালাসকলে একলব্যৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ বাবে ধনুৰ্বাণ চলোৱাৰ সময়ত বুঢ়া আঙুলি ব্যৱহাৰ নকৰে । এই পৰম্পৰা তেওঁলোকে ৰক্ষা কৰি আহিছে একলব্যৰ প্ৰতি সন্মান আৰু দ্ৰোণাচাৰ্য তথা অৰ্জুনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে ।

Image: Hindustan Times

Image: Hindustan Times


"বুঢ়া আঙুলি, তৰ্জনি আৰু মধ্যমা আঙুলি ধনু-কাঁড় চলাবৰ বাবে প্ৰয়োজনীয় । কিন্তু ভীল আৰু ভীলালাসকলৰ বাবে দুয়োটা বুঢ়া আঙুলি ব্যৱহাৰ কৰাটো নিষিদ্ধ । এই পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে । আমি একলব্যক সন্মান কৰোঁ কিন্তু দ্ৰোণাচাৰ্য আৰু অৰ্জুনক ঘৃণা কৰোঁ । আমাৰ বুঢ়া আঙুলি ব্যৱহাৰ নকৰাৰ পৰম্পৰা ইয়াৰ ওপৰতে প্ৰতিস্থিত । আমি কেতিয়াও ইয়াক লৈ সমস্যাৰ সন্মুখিন হোৱা নাই আৰু এমি এই পৰম্পৰা ভঙ্গ কৰাৰ কথা সপোনতে ভাবিব নোৱাৰোঁ ।" আলিৰাজপুৰৰ জনজাতীয় নেতা মহেশ পেটেলে কয় । 

২০১১ চনৰ লোকপিয়ল অনুসৰি আলিৰাজপুৰৰ ৭.২৮ লাখ জনসংখ্যাৰ ৯১ শতাংশই জনজাতি । এই জনজাতীয় লোকসকলৰ আকৌ ৯৫ শতাংশ লোক ভীল আৰু ভীলালা সম্প্ৰদায়ৰ । তেওঁলোকে জন্মৰপৰা মৃত্যুলৈকে ধনু কাঁড় লগত ৰাখে। ৬-৭ বছৰ বয়সৰপৰা ছাগলী চৰাবৰ বাবে তেওঁলোকে ধনু কাঁড় ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । আনকি মৃত্যুৰ পাছত ধনু কাঁড়েৰে সৈতেই তেওঁলোকক চিতাত তোলা হয় । চিতাত জলি যোৱা কাঁড়ৰ জোঙটো মৃত ব্যক্তিৰ পৰিয়ালৰ মানুহে ঘৰত থৈ দিয়ে সৌভাগ্যৰ বাবে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

পাকিস্তানৰ হৈ ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলা ডায়েনা বেইগ

চাইকেল আৰোহীৰ বাবে এয়াৰবেগ: ঘূৰি আহিব নেকি পৰিবেশ অনুকূল যাতায়ত মাধ্যমৰ সুদিন

কহিমা আৰু ইম্ফল যুদ্ধৰ স্মৃতিত “মেম’ৰিজ অৱ এ ফৰগটেন ৱাৰ” 

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?