গুৱাহাটীত অনুস্থিত 'স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৭'ৰ চূড়ান্ত প্রতিযোগিতা

গুৱাহাটীত অনুস্থিত 'স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৭'ৰ চূড়ান্ত প্রতিযোগিতা

Thursday April 06, 2017,

2 min Read

১৫ টা সমস্যা । এই সমস্যাকেইটাৰ সমাধানৰ সন্ধানত দেশৰ বিভিন্ন প্ৰান্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে ৩৬ঘন্টা ধৰি অহৰহ যুঁজ দিছে । এক ঠাইতে সমবেত সৰ্বমুঠ ৩১ টা গোটত বিভক্ত এই ছাত্ৰ-ছাত্ৰী সকলে দিনে ৰাতিয়ে চিন্তা কৰি হাতে কামে সমাধান কৰিব নিজে বাছি লোৱা এটা সমস্যাৰ । যোৱা ১ আৰু ২ এপ্ৰিলত এই দৃশ্য দেখা গ'ল গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজিৰ চৌহদত ।  এই ছাত্ৰ-ছাত্ৰীসকলৰ এই প্ৰচেষ্টা আছিল দেশজোৰা এক প্ৰতিযোগিতাৰ অংশ । কোনবাই যদি ডনাৰ মন্ত্ৰালয়ৰ ৱেবচাইটক নতুন ৰূপ দিয়াৰ চেষ্টা চলাইছে আন কোনোবাই উত্তৰ পূবৰ হস্তশিল্পীসকলৰ বাবে অনলাইন মঞ্চ তৈয়াৰ কৰাৰ চেষ্টা চলাইছে । 

image


এইদৰেই মানৱ সম্পদ বিকাশ মন্ত্রালয় আৰু নিখিল ভাৰত কাৰিকৰী শিক্ষা পৰিষদৰ (এ. আই. চি. টি . ই. ) যুটীয়া উদ্যোগত আৰম্ভ হোৱা 'স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০১৭'ৰ চূড়ান্ত প্রতিযোগিতাখন সফলতাৰে অনুষ্ঠিত হৈ যায় । এই প্রতিযোগিতাত ভাৰতৰ বিভিন্ন প্রান্তৰ পৰা সৰ্বমুঠ ৩১টা দলে অংশ গ্রহণ কৰে । আৰম্ভণী অনুষ্ঠানটিত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্রালয়ৰ সঞ্চালক ক্রমে ৰবীন্দ্র চৌধাৰী আৰু অতুল বসুমতাৰী, নেৰামেক (NERAMAC), জালনি আদি কেইবাটাও প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল উপস্থিত থাকে । অনুষ্ঠানটিত মুখ্য অতিথিৰূপে অংশগ্রহণ কৰে আই. আই. আই. টি. মণিপুৰৰ সঞ্চালক অধ্যাপক অমৰেন্দ্র কুমাৰ দাসে। সুদীৰ্ঘ ৩৬ ঘণ্টা ধৰি বিৰামহীন ভাবে চলি থকা এই প্রতিযোগীতাখনিৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশ গ্রহণ কৰে ড'নাৰ মন্ত্রালয়ৰ সচিব নৱীন ৱাৰ্মাই । লগতে এ. আই. চি. টি . ই. ৰ উপাধ্যক্ষ এম. পি. পুনিয়া , আই. পি. এছ. বিষয়া পল্লৱ ভট্রাচাৰ্য্যকে ধৰি কেইবাজনো গন্যমান্য ব্যক্তিয়ে উপস্থিত থাকি অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে । প্রতিযোগতাৰ প্রথম পুৰস্কাৰ লাভ কৰে ভূবনেশ্বৰৰ গান্ধী ইনষ্টিটিউট অৱ টেকন’লজীৰ ৰবি প্রকাশ গুপ্তাৰ দলে , দ্বিতীয় স্থান লাভ কৰে অম্বালাৰ এম এম ইঞ্জিনিয়াৰিং কলেজৰ মায়ংক মাহেশ্বৰীৰ দলে আৰু তৃতীয় স্থান দখল কৰে দ্রোণাচাৰ্য্য কলেজ অব ইঞ্জিনিয়াৰিং, গুৰগাৱৰ অক্ষয় কুমাৰৰ দলে । উদ্গনিমূলক বঁটা লাভ কৰে অসম ড'নবস্ক বিশ্ববিদ্যালয়ৰ অভিজিৎ মটকৰ দলে। সৰ্বভাৰতীয় পৰ্য্যায়ত অনুষ্ঠিত এই প্রতিযোগিতাখনি সুচাৰুৰূপে আয়োজিত কৰাৰ বাবে ড'নাৰ মন্ত্রালয় আৰু এ. আই. চি. টি . ই. ৰ বিষয়ববীয়া সকলে গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটৰ সমূহ কৰ্মকৰ্তা আৰু আয়োজকসকলৰ শলাগ লয় ।

image


image


image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

ষ্টাৰ্টআপ আৰম্ভ কৰাৰ আগতে সকলো আইনী বিষয় স্পষ্ট কৰি লওক: শিৱ শ্ৰীনিৱাসন

গুৱাহাটী আৰু শ্বিলঙত হ'ব পূব ভাৰতৰ বৃহত্তম প্ৰযুক্তি ষ্টাৰ্টআপ শ্ব'কেছ Thrive30ৰ প্ৰাৰম্ভিক বাচনি

সকলোৱে বুৰ্বক বুলি কোৱাৰ বাবেই নাম হ’ল-বাঞ্চ অৱ ফুলছ