আপোনাৰ ষ্টাৰ্ট আপ কাহিনীৰ শিৰোনাম কোনে লেখে?
শ্ৰদ্ধা শৰ্মাৰ বিশেষ লেখা
২০০৮ চনত যেতিয়া মই মোৰ ষ্টাৰ্ট-আপ আৰম্ভ কৰিছিলোঁ, মই বিচাৰিছিলো মোৰ ষ্টাৰ্ট-আপৰ বিষয়ে সমগ্ৰ পৃথিৱীয়ে জানক। আৰু এই লক্ষ্য প্ৰপ্তিৰ আটাইতকৈ সহজ উপায়টো আছিল কোনো সংবাদ মাধ্যমৰ দ্বাৰা নিজক প্ৰচাৰ কৰা। কিয়নো সংবাদ মাধ্যমত প্ৰচাৰিত হোৱা যিকোনো বিষয় লোক চক্ষুলৈ আহে। কিন্তু দুখৰ বিষয় মোৰ ক্ষেত্ৰত তেনে হোৱা নাছিল। ইয়াৰ বাবে মোৰ হতাশা আহিছিল-হাস্যকৰ কথাটো হ'ল কোনেও মোৰ কথা শুনিবলৈ আগ্ৰহ কৰা নাছিল। এটা লোভনীয় কৰ্পৰেট চাকৰি ত্যাগ কৰি মই নিজে কিবা এটা কৰাৰ কথা চিন্তা কৰিছিলো। ব্যতিক্ৰমী কিবা এটা কৰিব বিছাৰিছিলো (মই অন্তত: তেনেকৈ ভাবিছিলো)। সংবাদ মাধ্যমে মোৰ কাহিনীটো প্ৰচাৰ কৰিব নোৱাৰেনে? মোৰ এই মহান পদক্ষেপৰ বিষয়ে দুটা লাইনো লিখিব নোৱাৰেনে? সঁচা কথা ক'বলৈ গলে মই বিচাৰিছিলো মই আগতে কাম কৰা প্ৰতিষ্ঠান CNBC TV18 এ তেওঁলোকৰ জনপ্ৰিয় Young Turks শ্ব'ত মোৰ বিষয়ে আলোচনা কৰক। কিন্তু তেনে সৌভাগ্য নহ'ল।
আনকি স্থানীয় সংবাদ মাধ্যমে মোৰ বিষয়ে কৰা প্ৰচাৰো এটা স্তৰলৈকে সীমাবদ্ধ আছিল (কিন্তু ইয়াৰ বাবে মই তেওঁলোকৰ ওচৰত অতি কৃতজ্ঞ অনুভৱ কৰিছিলো)। মোৰ মনত পৰে, কেই বছৰ মানৰ আগতে এটা উদ্যোগে তিনি জন লোকক এটা বিশেষ ক্ষেত্ৰৰ বাবে বঁটা আগবঢ়াইছিল (আপোনালোকৰ একান্ত গৰাকীও তাৰে মাজত আছিল)। ভাৰতৰ বিভিন্ন প্ৰান্তত জনপ্ৰিয় এখন ব্যৱসায়িক দৈনিক কাকতে বাকী দুজনৰ বিষয়ে আধা পৃষ্ঠা লিখিছিল(সেই প্ৰতিষ্ঠানত মই পূৰ্বে কাম কৰিছিলো)। কিন্তু মই বাদ পৰি গ'লো। কাকত খনৰ প্ৰতিটো পৃষ্ঠা মই বাৰে বাৰে পঢ়িছিলো-কিজানি বাতৰিটো মোৰ দৃষ্টিত নপৰাকৈ ৰৈ গছে, কিজানি ইয়াক পুৰণা বাতৰি বুলি সৰুকৈ প্ৰকাশ কৰা হৈছে, এটা সৰু টুকুৰা, এটা লাইন, যিয়ে নহওঁক। মই বিচাৰিছিলো য়'ৰ ষ্ট'ৰীৰ বিষয়ে এটা লাইন হলেওঁ উল্লেখ হোৱা উচিত আছিল (যেতিয়া নিজক প্ৰচাৰ কৰিবলৈ আপোনাৰ টকা নাথাকে, তেতিয়া এটা চমু উল্লেখো বহু গুৰুত্বপূৰ্ণ হৈ পৰে)। কিন্তু কাকতখনত সেয়াও নাছিল। যোৱা কেইবছৰ মানৰ আগলৈকে মই এই কথা মানি লৈ আত্মসন্তুষ্টি লাভ কৰিছিলো যে মূল ধাৰাৰ সংবাদ মাধ্যম্যৰ বাবে মই গুৰুত্বপূৰ্ণ বিষয় নহওঁ। হয়, মাজে সময়ে য়'ৰ ষ্ট'ৰীৰ বিষয়ে উল্লেখ কৰা হৈছিল, আৰু তাৰববে মই কৃতজ্ঞ। কিন্তু মুঠৰ ওপৰত, এই উদাসীনতাৰ সুযোগতে মই য়'ৰ ষ্ট'ৰীক উদ্যোগী সকলৰ বাবে এখন সম্ভাৱনাপূৰ্ণ মঞ্চ হিচাপে গঢ় দিব পাৰিলো। যিসকলে নিজৰ কাহিনী ক'ব বিচাৰে তেওঁলোকে ইয়াত ঠাই পোৱা উচিত। এতিয়ালৈকে য়'ৰ ষ্ট'ৰীত ত্ৰিশ হাজাৰ এনে কাহিনী অন্তৰ্ভুক্ত কৰা হৈছে। আৰু হয়, হয়, এক নিৰ্দ্ধাৰিত গতি অনুসৰণ কৰাৰ পিছতো আমি বহু কাহিনী সামৰি ল'ব পৰা নাই।
সেয়ে, এজন উদ্যোগী হিচাপে মই বুজি পাওঁ যে আমি আমাৰ কাহিনী সমূহ সংবাদ মাধ্যমক কিয় ক'ব বিচাৰোঁ। মোৰ মনত পৰে যেতিয়া মই CNBC ত্যাগ কৰি য়'ৰ ষ্ট'ৰী আৰম্ভ কৰাৰ কথা ভাবিছিলো কিন্তু দুয়োটা সিদ্ধান্তৰ মাজতে আছিলো, পুৰণা এজন সহকৰ্মীয়ে(যি এতিয়া মোৰ বন্ধু) মোক ফ'ন কৰি Young Turks ত তেওঁলোকৰ ফ্লিপকাৰ্টৰ এটা কভাৰেজ কৰি দিয়াত সহায় কৰি দিবলৈ কৈছিল। তেওঁ কৈছিল-'আমি যিহেতু নতুন, গতিকে আগশাৰীৰ মহাবিদ্যালয়লৈ কৰ্মচাৰী বিচাৰি যাওঁতে এই প্ৰচাৰে আমাক সহায় কৰিব।' সংবাদ মাধ্যমত এটা প্ৰচাৰ পাবলৈ আমাৰ সকলোৰে নিজা নিজা কাৰণ থাকে। এই কাৰণবোৰ সময়ৰ লগত সলনি হ'ব পাৰে।কিন্তু আপুনি যদি এটা ব্যৱসায় কৰে, তেন্তে আপুনি যোগাযোগ ৰাখিবই লাগিব। আৰু সংবাদ মাধ্যম ইয়াৰ বাবে আদৰ্শ বাহক হ'ব পাৰে।
উল্লেখযোগ্য যে, ২০০৮ চনত যেতিয়া য়'ৰ ষ্ট'ৰী আৰম্ভ হৈছিল, সেই বছৰৰ পৰাই সংবাদ মাধ্যমেও এটা গতি লাভ কৰিছিল। যোৱা আঠটা বছৰ বিবেচনা কৰি চালে দেখা যায় যে, প্ৰায় সকলো বাতৰি কাকত, আলোচনী, নিউজ ৱেবছাইট আদিয়ে ষ্টাৰ্ট আপক লৈ ষ্ট'ৰী কৰিছে।
সংবাদ মাধ্যমৰ মুধাফুটা ব্যক্তি সকলে যোৱা কেইবছৰত বুজি উঠিছে যে ষ্টাৰ্ট আপো বাতৰিৰ বাবে গুৰুত্বপূৰ্ণ বিষয় হ'ব পাৰে। ই-কমাৰ্চ ক্ষেত্ৰত বৃহৎ পৰিমানৰ ধন বিনিয়োগ কৰা কথাটোৱে এই ঢৌক সক্ৰিয় কৰাৰ লগতে ষ্টাৰ্ট-আপৰ শিৰোনামে গুৰুত্ব পাইছে। প্ৰতিদিনেই বিনিয়োগকক গুৰুত্ব হিচাপে লৈ ষ্টাৰ্ট আপ সম্পৰ্কীয় বাতৰি এটাক হেড-লাইনত দিয়া হয়। তালিকাৰ শীৰ্ষত কোটিপতি এতিয়া কোন? নতুন প'ষ্টাৰত এতিয়া কাৰ মুখ? বৃহৎ পুঁজি কোনে বিনিয়োগ কৰিছে? হয়, আনকি অনলাইন মাধ্যমৰ নেতৃস্থানীয় মঞ্চ য়'ৰ ষ্ট'ৰীয়ে কেতিয়াবা হেডলাইনক গুৰুত্ব দিব লগীয়া হয়। কিয়নো আমি জানো যে অনলাইন মিডিয়াত পেজ ভিউ বেছি গুৰুত্বপূৰ্ণ।
বাতৰি আৰু শিৰোনামৰ বিষয়ে আলোচনা কৰি থাকোঁতে, এটা প্ৰশ্নৰ অৱতাৰণা কৰিব খোজো-ষ্টাৰ্ট আপ বাতৰি সমূহ সদায় কিয় অতিৰঞ্জিত হয়? আৰম্ভণিৰ পৰা শেষলৈকে, দেশৰ ভৱিষ্যত ৰক্ষাকাৰী ষ্টাৰ্টআপৰ পৰা, যি ষ্টাৰ্টআপে নিজৰ ভৱিষ্যত ৰক্ষাৰ বাবে সহায় বিচাৰে, সংবাদ মাধ্যমে যিকোনো এটা বিষয়ত অত্যাধিক মন্তব্য কৰিবলৈ কিয় চিন্তা নকৰে?
যোৱা সপ্তাহত মই বহু অতিৰঞ্জিত কাহিনী পঢ়ি হতাশ হৈছো। আৰু হয়, কোনো বৃহৎ পুঁজি বিনিয়োগৰ কাহিনীয়েও মোক উৎসাহিত কৰা নাই। আন বহু উদ্যোগীৰ দৰে মোৰ বাবেও পুঁজি বিনিয়োগ ব্যৱসায়ৰ দীঘলীয়া যাত্ৰাৰ প্ৰথম খোজ।
মই কোনো বিশেষজ্ঞ নহওঁ, কিন্তু মই সংবাদ মাধ্যম বা এই নীতি সমৰ্থন কৰা সকলক প্ৰশ্ন কৰিব খোজো-যিকোনো যাত্ৰাতে উত্থান-পতন এটা গতানুগতিক প্ৰক্ৰিয়া নহয়নে? এদিনতে কাৰোবাক নায়ক কৰি কেইমাহ মানৰ পিছতে তেওঁক গুৰুত্বহীন কৰি পেলোৱাৰ কিবা অৰ্থ আছে জানো; তাকো সেয়া অনুমানৰ ওপৰত ভিত্তি কৰি।
মই এজন উদ্যোগীক সুধিব খোজো-
'প্ৰথম পৃষ্ঠাত আমাৰ কাহিনী প্ৰকাশ হ'লে আমি কিয় ইমান গৌৰৱ অনুভৱ কৰোঁ?'
যোৱা কেই বছৰত মই বহু ষ্টাৰ্ট আপ নায়কৰ মাজত এটা প্ৰৱনতা লক্ষ্য কৰিছোঁ-যেতিয়া মিডিয়াই তেওঁলোকক বিচাৰে তেওঁলোক যেন অনবৰত তাৰ বাবে প্ৰস্তুত হৈ থাকে। মই মাত্ৰ এজন উদ্যোগী বিছাৰিছিলো যি মোক ক'লেহেঁতেন-মোক বহু টি.ভি চেনেলে বিচাৰি আছে। মই তেওঁলোককে সময় দিব পৰা নাই, গতিকে মই আপোনাক কেনেকৈ সময় দিওঁ?
এই কথাই অৱশ্যে মোৰ স্থিতি ধৰি ৰখাত সহায় কৰিছে। কিন্তু মই আচৰিতো হওঁ, তেওঁলোকে যদি বুজি নাপায় যে সংবাদ মাধ্যমৰ আগ্ৰহ ক্ষণস্থায়ী।
এই কথাখিনি সংবাদ মাধ্যমক কেন্দ্ৰ কৰি নহয়, কিয়নো মানুহক পতিয়ন নিয়াব নোৱাৰা শিৰোনাম দিব নোৱাৰিলে সংবাদ মাধ্যমৰ কোনো গুৰুত্ব নাই। বাতৰি এটাও বাতৰি বুলি প্ৰতিপন্ন হ'ব লাগিব। ই আমাৰ মনোযোগ আকৰ্ষণ কৰিব পাৰিব লাগিব। অন্যথা মানুহে ইয়াত একো আমোদ নাপাব।
আমি নিজে, উদ্যোগী সকলে কিয় নিজৰ কাহিনী সমূহ নিজে ক'ব নোৱাৰোঁ? সময়ৰ অভাৱৰ বাবে? নাইবা আমি ভাবো যে এয়া মোৰ বাবে উচিত সময় নহয়। আমি বহুতেই ভাবো যে বিত্তিধাৰী বা অভিজ্ঞ ব্যক্তি এজনে আমাৰ বাবে এই কাম কৰক।
আমি আমাৰ বৰ্ণনাবোৰ নিয়ন্ত্ৰণ কৰাৰ সময় আহি পৰিছে-যিমান খিনি সম্ভৱ হয়।যেতিয়া আমি নিজে এই বিষয়টোত আছো, তেনে ক্ষেত্ৰত সংবাদ মাধ্যমক আমাৰ বিষয়ে ক'বলৈ বা শুনিবলৈ গুৰুত্ব দিয়াৰ কি প্ৰয়োজন? কিয় আমি নিয়মীয়াকৈ সংবাদৰ অংশ হ'ব খোজো? সঁচা অৰ্থত, সদায় শিৰোনামালৈ আহি থাকিলে আপুনি চিন্তিত হোৱাৰো প্ৰয়োজন। ছ'ছিয়েল মিডিয়াৰ জড়িয়তে আপুনি নিজৰ যোগাযোগ মাধ্যম বনাই ল'ব পাৰে। এই খিনিতে মই এটা শেহতীয়া কাহিনী বৰ্ণনা কৰিব খুজিছো। নৱনীত সিঙ নামৰ উদ্যোগী জনৰ উদ্যোগ বন্ধ হোৱাক লৈ সংবাদ মাধ্যমে হৈ-চৈ কৰাৰ সময়ত তেওঁ ভাগি পৰা নাছিল। নৱনীতে নিজৰ কাহিনী নিজৰ ভাষাৰে কৈছিল। নিশ্চিতভাৱে এনে সমালোচনা কোনেও বন্ধ কৰিব নোৱাৰে। কিন্তু নৱনীতে নিজে সেই দায়িত্ব লৈ আনে শুনাকৈ স্পষ্ট আৰু ডাঙৰকৈ নিজৰ কাহিনী কৈছিল।
বহু উদ্যোগীয়ে মোক কয়-
'মই পৰৱৰ্তী শীৰ্ষ বাতৰি হ'ম যিটো আপুনি নিজে বিচাৰি আহিব।' মই তেওঁলোকৰ এনে আত্মবিশ্বাসক প্ৰশংসা কৰোঁ আৰু মনতে প্ৰাৰ্থনা কৰোঁ-ভগবানে তেওঁলোকক শীৰ্ষ বাতৰি হোৱাৰ পৰা ৰক্ষা কৰক। তাৰ সলনি তেওঁলোকে নিজকে দিনৰ সূৰ্যৰ তাপ,ৰাতিৰ অন্ধকাৰ আৰু নিসংগতা সহ্য কৰিবলৈ প্ৰস্তুত কৰাৰ শক্তি লাভ কৰক।
এই কথাখিনি লিখি থাকোঁতে, জীৱন, কৰ্ম আৰু সংবাদৰ মাজত থকা ভাৰসম্যতা যেন মই নিজে আকৌ এবাৰ বুজি উঠিছো। আৰু আমাৰ সকলোৰে ক্ষেত্ৰত মই ক'ব খোজো, আহঁক আমাৰ শিৰোনাম আমি নিজে লিখোঁ, আমাৰ ষ্টাৰ্ট আপ কাহিনী আমি নিজে বৰ্ণনা কৰোঁ।
মূল: শ্ৰদ্ধা শৰ্মা (য়'ৰ ষ্ট'ৰীৰ প্ৰতিষ্ঠাপক চিইঅ' তথা মূখ্য সম্পাদক )
অনুবাদ: পূবালী ভাগৱতী
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কেতবোৰ কাহিনী
'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি
ব্যৱসায় মানে লাভ নহয়, ব্যৱসায় মানে প্ৰডাক্ট
ষ্টাৰ্ট-আপৰ অনুশাসনৰ সৈতে জড়িত ১০ টা নিয়মৰ প্ৰতি সদায় গুৰুত্ব দিয়াটো উচিত