১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

১২ টা কৃত্ৰিম গ্লেচিয়াৰেৰে গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজিছে লাডাখৰ চেৱাং নৰফেলে

Monday October 31, 2016,

2 min Read

লেহ লাডাখৰ এটা মধ্যবিত্ত পৰিয়ালত জন্ম হৈছিল চেৱাং নৰফেল । লক্ষ্ণৌৰপৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিপ্লমা কৰাৰ পাছত তেওঁ জম্মু-কাশ্মীৰৰ গ্ৰাম্য উন্নয়ন বিভাগত ৩৫ বছৰ কাম কৰে । ১৯৯৫ন চনত 'আনুস্থানিকভাৱে' অৱসৰ লোৱা চোৱাং পিছে আজি ৮১ বছৰ বয়সতো সক্ৰিয় । 

Image : Vimeo

Image : Vimeo


"লাডাখত কমেইহে এনেকুৱা গাওঁ আছে য'ত মই এটা ৰাস্তা, ঘৰ, বান্ধ অথবা দলং বনোৱা নাই ।" চেৱাঙে কয় । চেৱাঙে এই অঞ্চলটোৰ খোৱা পানীৰ সমস্যা দূৰ কৰিবলৈ কেতবোৰ অভিনৱ আঁচনি লৈছে । 

"ইয়াত মূল সমস্যাটো আছিল পানীৰ অভাৱ । কোনো কোনো ঠাইত পানাৰ অপচয়েই আছিল সমস্যাটোৰ মূল ।" তেওঁ কয় । মূলতঃ কৃষিজীৱি লোকসকলে বসন্ত কালত পানী নাপাইছিল । 

বতৰ পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতাই সমস্যাটো অধিক জটিল কৰি তুলিছিল । গাঁৱৰপৰা মনুহ লাহে লাহে চহৰলৈ ঢাপলি মেলিছিল । ইয়াৰ ফলত অঞ্চলটোৰ জনগাঁঠনি আৰু অৰ্থনীতিৰ ওপৰতো বিৰূপ প্ৰভাৱ পৰিছিল । 

এই সমস্যাৰ সমাধান বিচাৰি থকা চেৱাঙে ১৯৮৭ চনত হঠাৎ লক্ষ্য কৰিলে কিদৰে পপলাৰ গছ কেইজোপামানৰ তলত এটা সুঁতি গোট মাৰি বৰফ হৈ আছিল । আন ঠাইত সেই সুঁতিটো স্বাভাৱিকভাৱে বৈ আছিল । তেওঁ বুজিলে যে এটা সুঁতিৰ গতিবেগ কমাই দি ইয়াক কৃত্ৰিম হিমখণ্ডত পৰিণত কৰি পানী জমা কৰিব পৰা যাব । 

"এই কামটো কৰাৰ শ্ৰেষ্ঠতম উপায় আছিল কিছুমান পানী পৰিবাহী খাল সৃষ্টি কৰা । মই লেহত দেখিছিলো যে খালবোৰত পানী গোট নামাৰিছিল কিন্তু ঠেক লোহৰ পাইপত গোট মাৰিছিল । লোৰ এই পাইপবোৰে সহজে উত্তাপ এৰি দিছিল । "

তেওঁ লগে লগে এটা নতুন কাম আৰম্ভ কৰে । এি কাম আজিও চলি আছে । তেওঁ আৰু তেওঁৰ স্বেচ্ছাসেৱকসকলে ১২ টা কৃত্ৰিম গ্লেচিয়াৰ নিৰ্মাণ কৰি অঞ্চলটোৰ পানীৰ সমস্যা বহু পৰিমাণে দূৰ কৰিছে । 

এই গ্লেচিয়াৰবোৰৰ দৈৰ্ঘ ৫০০ ফুটৰ পৰা ২ কিলোমিটাৰলৈকে । এই বোৰে শতাধিক গাৱঁত পানীৰ যোগান ধৰে । ২০১৫ চনত পদ্মশ্ৰী পোৱা চেৱাঙ আইচ মেন নামেৰে জনাজাত । তেওং তেওঁৰ কাম কৰাৰ পদ্ধতিৰ সবিশেষ চি ডি আকাৰে সংৰক্ষণ কৰি ৰাখিছে যাতে তেওঁৰ পাছতো এই কাম চলি থাকে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অচিৰেই সকলো শৈক্ষিক প্ৰমাণপত্ৰ উপলব্ধ হব ডিজিটেল মাধ্যমত

কৰ্মচাৰীক ৪০০ ফ্লেট আৰু ১২৬০ খন গাড়ী দেৱালীৰ বানচ হিচাপে দিয়া এজন ব্যৱসায়ী

ঘৰে ঘৰে ভিক্ষা মাগি দৈনিক ১০০০ লোকৰ ক্ষুধা নিবাৰণ কৰে এইজন প্ৰাক্তন সাংবাদিকে

প্ৰতিশোধ নহয়, অনুকম্পা : পত্নীৰ প্ৰাণ লোৱা হাতীৰ সংৰক্ষণত ব্যস্ত এজন অৱসৰপ্ৰাপ্ত অধ্যাপক