খালী ভৰিৰে ৩৫০ কিলোমিটাৰ কিয় দৌৰিছিল নীলিমা পুডটাই
Tuesday November 29, 2016,
2 min Read
বছৰীয়া নীলিমা পুডটাই অলপতে বিজয়ৱাড়াৰ পৰা বিশাখাপট্টনমলৈ ৩৫০ কিলোমিটাৰ পথ শুদা ভৰিৰে দৌৰি স্তনৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত সজাগতা অনাৰ এক প্ৰচেষ্টা চলাই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে । ইয়াৰ পূৰ্বে এবাৰ এভাৰেষ্ট আৰোহণৰ চেষ্টা চলোৱা নীলিমাই এই দুৰত্ব আঠ দিনত অতিক্ৰম কৰে । তেওঁ বিশাখাপট্টনমত এক পিংকাথনত যোগদান কৰিবলৈ উপস্থিত হৈছিল ।
শুদা ভৰিৰে এইদৰে দৌৰিবৰ বাবে তেওঁ পাঁচ মাহ অনুশীলন কৰিছিল । হাইদৰাবাদৰ এই যুৱতী গৰাকীয়ে কয়, "পথটো ভাল হলেও আদ্ৰ আৰু উষ্ণ বতৰে এই কাম কঠিন কৰি পেলাইছিল । মই সূৰ্যোদয়ৰ আগে আগে আৰু সূৰ্যাস্তৰ পিছত দৌৰিছিলো যাতে মই প্ৰখৰ ৰ'দৰ পৰা হাত সাৰিব পাৰোঁ । কিন্তু মই সাপৰ পৰা সমস্যাৰ সন্মূখিন হৈছিলো কিয়নো এই অঞ্চলটো খেতিপথাৰেৰে আগুৰা ।"
২০১৪ চনৰ এক পৰিসংখ্যা অনুসৰি ভাৰতত ৯৭,৩২৮ গৰাকী মহিলা স্তনৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল । এই সংখ্যা ২০৩০ চনলৈ দুগুণ হোৱাৰ সম্ভাৱনা আছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডাই সংসদত ঘোষণা কৰিছিল । বিগত সময়ছোৱাত স্তনৰ কৰ্কট ৰোগৰ প্ৰদূৰ্ভাৱ ভাৰতত ক্ৰমাৎ বৃদ্ধি পাইছে ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
পৰীক্ষিত বৰকটকীয়ে বাঁহেৰে গঢ় দিয়া এটা লাখটকীয়া সপোন
বৈধ নোট বেংকত জমা কৰিলে উলিওৱা ধনৰ সীমা বৃদ্ধি হ'ব: আৰ বি আই
ছয় কোবাই আৰব সাগৰত বল পেলাই দিয়া কলা বোবা ভাৰতীয় ক্ৰিকেটাৰজন