ৰাশী বাজাজৰ লক্ষ্য - ঋতুস্ৰাৱৰ দিনকেইটাত মহিলাসকলক পুলকিত কৰি ৰখাৰ
Saturday November 07, 2015,
4 min Read
“এগৰাকী নাৰী বা যুৱতীৰ এতিয়া লাইফষ্টাইল সলনি হৈছে। পুৰুষৰ সৈতে এতিয়া সমানে সমানে ফেৰ মাৰিব পাৰে নাৰীয়ে। তাৰ মাজতে অফিচৰ পৰা ঘৰ, ল’ৰা- ছোৱালীৰ স্কুলৰ অভিভাৱকৰ মিটিঙলৈকে লেঠা মাৰোতে মাৰোতে মহিলাই কেতিয়াবা পাহৰিয়েই থাকে মাহেকীয়াৰ দিনটো।”-বিইং জুলিয়টৰ প্ৰতিস্থাপক ৰাশী বাজাজৰ মন্তব্য এয়া।
মহিলাৰ এই সমস্যাটোকেই বিইং জুলিয়টৰ জড়িয়তে উপস্থাপন কৰিব বিছাৰিছে ৰাশী বাজাজে। বিইং জুলিয়ট মূলত এটা চাবস্ক্ৰিপচন মডেল। ইয়াৰ জড়িয়তে মহিলা সকললৈ প্ৰতিমাহে প্ৰেৰণ কৰা হ’য় একোটাকৈ উপহাৰৰ টোপোলা। টোপোলাটোত থাকে মহিলাগৰাকীয়ে বিচৰা ধৰণৰ চেনীটেৰী নেপকিন, আৰু একোটাকৈ ভাললগা উপহাৰ। প্ৰতিগৰাকী যুৱতী বা মহিলাৰ ভাগৰুৱা আৰু কষ্টকৰ সেই দিনকেইটাত মনটো পুলকিত কৰি ৰাখিবলৈ, তেওঁলোকৰ খেয়াল ৰাখিবলৈকে এয়া এক প্ৰচেষ্টা।
ৰাশী বাজাজৰ পিছে এয়া প্ৰথম উদ্যোগ নহয়, ইয়াৰ পূৰ্বেও ‘কাৰ্পেট কটুৰ’ নামৰ আন এক উদ্যোগ আৰম্ভ কৰিছিল ৰাশীয়ে। ‘কাৰ্পেট কটুৰ’ৰ জড়িয়তে বিভিন্ন জনে বিচৰা ধৰণে প্ৰস্তুত কৰিছিল কম্বল আৰু কাৰ্পেট। ৰাশীৰ বিয়া হৈছিল এজন উৎসাহী উদ্যোগীৰ সৈতেই। স্বামীয়ে সদায়েই কিবা এটা আৰম্ভ কৰিবলৈ জোৰ দিছিল ৰাশীক। ৰাশীয়ে সেই অনুপ্ৰেৰণাক কামত লগালে। তেওঁৰ চেষ্টাতেই জন্ম হ’ল ‘কাৰ্পেট কটুৰ’ । তাৰপিছত আৰু পিছলৈ উভটি চোৱা নাই ৰাশীয়ে।“সঁচা কথা ক’বলৈ হ’লে স্বামীৰ প্ৰেৰণাই মোৰ জীৱনৰ দিশ সলনি কৰি দিলে। সাধাৰণ ভাৱে চলা জীৱনৰ বিপৰীতে পৰিণত হ’লো জীৱনৰ পৰা কিবা আহৰণ কৰিব বিচৰা উদ্যোগীলৈ”- নিজৰ বিষয়ে এনেদৰে ক’লে ৰাশীয়ে।
এখন সৰু চহৰৰ ছোৱালী ৰাশী। বাৰাণসীত ঘৰ ৰাশীৰ। সৰুৰে পৰাই ৰাপ পঢ়া- শুনাত। পঢ়া- শুনা আৰু চাকৰিসুত্ৰে গোটেই দেশেই ভ্ৰমিলে। মাক- দেউতাকে সৰুতেই নাইনিতালৰ বৰ্ডিং স্কুলত ৰাখি পঢ়ুৱালে, পিছত পঢ়িলেগৈ ডেৰাডুনৰ ৱেলহেমত। ভাল ফলাফল দেখুৱাই বি. কমত অনাৰ্চলৈ নামভৰ্তি কৰিলেগৈ দিল্লী বিশ্ববিদ্যালয়ৰ লেডী শ্ৰীৰাম কলেজত। কলেজত নামভৰ্তি কৰিহে আন বহুতৰ দৰে উপলব্ধি কৰিলে যে কিতাপৰ পৃথিৱীৰ বাহিৰেও বেলেগ এখন জগত আছে। ৰাশীক উচ্চশিক্ষা গ্ৰহণ কৰিবলৈ দিয়া বাবে তেওঁ আজিও ধন্যবাদ দিয়ে দেউতাকক। ৰাশীৰ দেউতাকো এজন প্ৰথম প্ৰজন্মৰ উদ্যোগী। পঢ়া- শুনাত আগবঢ়া ৰাশীক খুবেই ভাল পাইছিল দেউতাকে। দেউতাকে তেওঁক উচ্চ শিক্ষাৰ গুৰুত্ব আৰু কৰ্পৰেট চেক্টৰত কাম কৰি নিয়মানুবৰ্তীতাৰ পাঠ ল’বলৈ উৎসাহ যোগাইছিল।
ৰাশীয়ে এম বি এ পাছ কৰি পুণেত ইনফ’ছিছত যোগদান কৰিলে। এবছৰমান হায়দৰাবাদত থকাৰ পিছত বিয়াহৈ দিল্লীলৈ গ’লগৈ।
‘কাৰ্পেট কটুৰ’ আৰু ‘বিইং জুলিয়ট’ দুয়োটা উদ্যোগেই বজাৰত বৰ প্ৰয়োজনীয় আছিল বুলি অনুভৱ কৰে ৰাশীয়ে। আৰম্ভ কৰিবলৈ লোৱাৰ সময়ত বহুতেই সকিয়নি দিছিল। এনে এটা কাম আৰম্ভ কৰাতকৈ স্থায়ী কাম এটা গোটাই ল’বলৈহে পৰামৰ্শ দিছিল।
ৰাশীৰ ভাষ্য,“বহুত ভবা চিন্তাৰ পাছত আমি দুয়োটাই আনৰ কথাত মান্তি নহ’লো। মোৰ স্বামী ব্যৱসায়ী আছিল বাবে তেওঁ কামটো কেনে হ’ব উপলব্ধি কৰিব পাৰিছিল। অৱশেষত আমি কামটো আৰম্ভ কৰিলো। দুয়োটা কাম আৰম্ভ কৰিলে ধনৰ যোগাৰ, লেন-দেন, মানসিক চাপ এইবোৰৰ পৰা আহিব পৰা প্ৰত্যাহ্বানৰ কথা জানিছিলো। কিন্তু এজনেতো সেইটো সাহস কৰিবই লাগিব। মই সেই সাহ কৰিছিলোঁ। ব্যৱসায়ৰ ধাৰণাটো মোৰ নাছিল কিন্তু মোৰ চিন্তা-ধাৰণাই ব্যৱসায়টো প্ৰতিদিনে আগবাঢ়ি যোৱাত সহায় কৰিছিল। পৰিকল্পনা প্ৰয়োজনীয়, কিন্তু বহুক্ষেত্ৰত কিছু পৰিমাণে নমনীয়ও হ’ব লাগিব।”
ৰাশীৰ প্ৰথমটো উদ্যোগ সুন্দৰ ভাবে চলি আছে। আৰু ৰাশীয়ে সম্পূৰ্ণ শক্তিৰে বিইং জুলিয়টৰ বাবে কাম কৰি এতিয়া খুবেই সুখী।
ৰাশীৰ বাবে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আহিছিল গ্ৰাহকক এই নতুন ধাৰণাটোৰ কদৰ কি বুজাই সৈমান কৰাওঁতে।“প্ৰথমতে মই নতুন উদ্যোগটোৰ কথা এপইন্টমেন্টলৈ বুজাব লগীয়া হৈছিলে। মই মহিলা সকলৰ ঋতুস্ৰাৱৰ সময়চোৱাত তেওঁলোকৰ কথা মনত ৰাখি একোটাকৈ উপহাৰৰ টোপোলা (লগতে চেনিটেৰী নেপকিন) দিয়াৰ কথা ভাবিছিলো। প্ৰতিগৰাকী মহিলাৰ মাহেকীয়াৰ পাচঁদিনৰ আগতে পঠোৱা হ’ব এই টোপোলাটো, যাতে তেওঁলোকে শেষ মুহূৰ্তত ফাৰ্মাচীলৈ দৌৰিব লগীয়া নহ’য়। পৰম্পৰাগত ব্যৱসায়ীৰ বাবে এবিধ সামগ্ৰী এনেদৰে বিক্ৰীৰ চেষ্টা কৰাটো অকল্পনীয় কথা। কিন্তু এবাৰ যদি মান্তি হ’য়, এই ধাৰণাটো মহিলাসকলৰ বাবে কিমান গুৰুত্বপূৰ্ণ বুজি উঠে, তেতিয়া ইয়াক ভাল পাবই।”
ৰাশীয়ে পৰিয়াল আৰু জীৱন সংগীজনৰ পৰা সম্পূৰ্ণ সহযোগীতা পালে।“মোৰ সৰু কালচোৱাত দেউতাক খুব সহযোগিতা কৰিছিল মায়ে। দেউতায়ে নিজৰ ব্যৱসায়ত ১৮ ঘন্টাকৈ কাম কৰা দেখিছিলোঁ। দেউতা সদায় ইতিবাচক মনোভাৱ লৈয়ে থাকিছিল। যিটো মোৰ মাজতো ক’ৰবাত থাকি গ’ল বুলি ভাবোঁ। মোৰ স্বামীৰ ক্ষেত্ৰতো কথাটো প্ৰায় একেই । মোৰ ব্যৱসায়টোৰ ক্ষেত্ৰতো এই ব্যক্তিজনৰ প্ৰভাৱ অপৰিসীম।”
ৰাশীৰ মতে সমাজখন এতিয়া এক পৰিবৰ্তনশীল অৱস্থাত আছে। মহিলাৰ কেৰিয়াৰৰ গুৰুত্ব বাঢ়ি আহিছে। কিন্তু এগৰাকী উদ্যোগী হিছাপে ৰাশীয়ে অনুভৱ কৰে ফ্লাইটতে হ’ওক বা ইন্টাৰচিটী কেবচতে হ’ওক ৰাতি ক’ৰবালৈ যোৱাৰ অসুবিধাৰ দৰে মহিলাৰ বাবে এতিয়াও বহু প্ৰত্যাহ্বান আছে।
ৰাশীয়ে বিছাৰে বহুত বহুত মহিলাই এই সুবিধা লাভ কৰক। আৰু ৰাশীৰ বাবে আটাইতকৈ উৎসাহজনক কথাটো হ’ল তেওঁৰ গ্ৰাহকৰ ইতিবাচক মন্তব্য। “কেতিয়াবা আমি পোৱা ই-মেইলবোৰ ইমান উৎসাহজনক হ’য়, এনে লাগে যেন এতিয়াই তেওঁৰ ওচৰলৈ গৈ সাৱতি ধৰিমগৈ!”