অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

Saturday March 12, 2016,

4 min Read

image


সেই তাহানি গীতিমালিকাত শুনা গান এটা আজি হঠাতে শুনিবলৈ মন গ’ল,অথচ গানটো এতিয়া পাবলৈ নাই।কিন্তু তাকে লৈ আপুনি চিন্তিত নহ’ব, কাৰণ সুৰৰ এনাজৰীত তেনে বহুত বিৰল গীত সংৰক্ষণ হৈ আছে আৰু সেই গীতৰ সুৰে সুৰে উভতিব পাৰি এৰি অহা সেউজীয়া দিনবোৰলৈ,যিকোনো মূহুৰ্ততে,লাগে মাথোঁ এটা ইণ্টাৰনেটৰ সংযোগ।গ্ৰামোফোনৰ গীতৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়ত অতি মহঙা হোৱা সেই হিয়া শাঁত পেলোৱা তাহানিৰ গীতবোৰ আপুনি মাত্ৰ এটা ক্লিকতেই বিচাৰি পাব xurorenajori.info ত।এৰি অহা দিনলৈ এই সুন্দৰ উভতনি যাত্ৰা সম্ভৱ কৰি তুলিছে ভাষা সংস্কৃতিক লৈ সদায় এক নতুন সপোন দেখা বিশ্বনাথ চাৰিআলিৰ যুৱক হিমজ্যোতি তালুকদাৰে।

সপোনৰ দিকচৌ বাটেৰে...

নিজৰ ভাষা কৃষ্টিৰ প্ৰতি অগাধ ভালপোৱা আৰু কিবা এটা নতুনকৈ কৰাৰ হেপাঁহে সদায় খেদি ফুৰা হিমজ্যোতি তালুকদাৰে ২০১০ চনৰ মাৰ্চ মাহৰ পৰা শিল্প,সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহী এদল সপোন সন্ধানী যুৱক-যুৱতীৰ সহযোগত আৰম্ভ কৰিছিল enajori.com নামৰ ই-আলোচনীখন। সম্ভৱতঃ enajori.com আছিল অসমৰ প্ৰথমখন দ্বিভাষিক ই-আলোচনী, যি বৰ্তমান সময়ত এক সাংস্কৃতিক প্ৰকল্পলৈ ৰূপান্তৰিত হৈ ইণ্টাৰনেটৰ মাধ্যমেৰে ভাষা-সংস্কৃতিৰ প্ৰতি নিৰৱচ্ছিন্ন আৰু নিৰৱ অৱদান আগবঢ়াই আছে।


image


এমবিএ ডিগ্ৰীধাৰী হিমজ্যোতি হ’ব লাগিছিল কোনোবা বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদস্থ বিষয়া। কিন্তু নিজৰ মাটিৰ প্ৰতি থকা ভালপোৱা, দায়িত্ববোধ আৰু লগতে নিজৰ ভাষা-সংস্কৃতিৰ বাবে নতুনকৈ কিবা এটা কৰাৰ সপোনে তেওঁক অনুসৰণ কৰিলে।সদিচ্ছা আৰু একাগ্ৰতা থাকিলে যে যিকোনো সপোনেই সেউজ হোৱা যে সম্ভৱ সেয়া প্ৰমাণ কৰি দেখুৱাইছে হিমজ্যোতি তালুকদাৰে।কোনো ধৰণৰ চৰকাৰী সাহায্য বা স্পন্সৰশ্বিপ নোহোৱাকৈ কেৱল মাত্ৰ নিজৰ লেপটপ আৰু মাউচেৰে হিমজ্যোতিয়ে নিৰৱে ভৱিষ্যৎ প্ৰজন্মৰ সহায় হোৱাকৈ আমাৰ ভাষা-সংস্কৃতিৰ সংৰক্ষণৰ কাম ইণ্টাৰনেটৰ মাধ্যমেৰে কৰি গৈছে।

হিমজ্যোতিয়ে ২০১৩ চনৰ ১৬ এপ্ৰিলত xurorenajori.info ৰাইজৰ বাবে মুকলি কৰি দিয়ে। এই ৱেবচাইটত বৰ্তমানলৈ ১৫০০ অসমীয়া গীত আছে, যিবোৰৰ মাজত আছে আপুনি হয়তো আজিলৈকে ক’তো বিচাৰি নোপোৱা অতি দুষ্প্ৰাপ্য তাহানিৰ গান, যি গান আত্মাৰ প্ৰশান্তিৰ অন্য এক নাম। এই গীতসমূহ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সু সংৰক্ষিত।

২০১৩ চনৰে ১৩ মে’ত হিমজ্যোতি আৰু তেওঁৰ সপোন সন্ধানী দলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক ইণ্টাৰনেটৰ মাধ্যমেৰে বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে আৰু আহি থকা প্ৰজন্মলৈ মাথোঁ এটা ক্লিকেৰেই ভাষাৰ কাণ্ডাৰীগৰাকীৰ জীৱন আৰু কৰ্মক অনুধাৱন কৰিব পৰাৰ উদ্দেশ্যেৰে আৰম্ভ কৰে sahityorothi.com। লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্ম, তেখেতৰ বহু দুষ্প্ৰাপ্য স্থিৰ চিত্ৰ,অডিও ক্লিপচ্, তেখেতৰ সৃষ্টিৰাজীসমূহ অতি দৃষ্টি নন্দনভাৱে উপস্থাপন কৰা হৈছে sahityarathi.com ত ।হিমজ্যোতিৰ এই সপোনৰ প্ৰকল্পত তেওঁক সহায় কৰিছে শান্তনু কৌশিক বৰুৱা, দিগন্ত ওজা, ডঃ অঞ্জল বৰা আদিকে ধৰি ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ সপোন পুহি ৰখা এটা সু-সংগঠিত দলে।

একেদৰেই ২০১৫ চনৰ ২৯ মাৰ্চত অসমীয়াৰ হিয়াৰ আমঠু শিল্পী দিপালী বৰঠাকুৰৰ জীৱন আৰু কৰ্মৰাজীক ডিজিটেল পৃথিৱীলৈ লৈ অহা হয় dipalibarthakur.info ৰ যোগেৰে। দিপালী বাইদেউৰ জীৱনৰ বহুতো নজনা কথা, তেখেতৰ দুষ্প্ৰাপ্য ফটো,গীত এই সকলোবোৰ সামৰি গঢ় দিয়া এই মৰমৰ জগতখনলৈ মাউচৰ এটা ক্লিকতে ভুমুকি মাৰিব পৰা কৰি দিছে হিমজ্যোতি আৰু তেওঁৰ সহযোগীসকলে। ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াতকৈ ডাঙৰ সম্পদ আৰু কি হ’ব পাৰে!!

enajori.com এই হওঁক, xurorenajori.info ই হওঁক,sahityarathi.com বা dipaliborthakur.info ই হওঁক এবাৰ মাত্ৰ এই ই-প্ৰকল্পসমূহত কম্পিউটাৰ বা মোবাইল ফোনৰ মাধ্যমেৰে প্ৰৱেশ কৰিয়েই হৃদয়ংগম কৰিব পাৰি এই প্ৰকল্পসমূহৰ আঁৰত থকা হিমজ্যোতিহঁতৰ একাগ্ৰতা,অধ্যয়ন,কৰ্তব্যনিষ্ঠা আৰু স্বজাতিৰ বাবে কিবা এটা কৰাৰ সপোনে খেদি ফুৰা এদল সঁচা অৰ্থত সংস্কৃতিবান মানুহৰ কথা।

এনেদৰেই অন্তৰাত্মাৰ আহ্বান শুনি নিজৰ মাটিৰ বাবে,ভাষাৰ বাবে,সংস্কৃতিৰ বাবে সপোন দেখা আৰু কেৱল সপোন দেখাতেই ক্ষান্ত নাথাকি তেওঁৰ সহযোগী দলৰ প্ৰেৰণা আৰু সহায়ত হিমজ্যোতিয়ে অসমীয়া সাহিত্য-সংস্কৃতিক ডিজিটেল পৃথিৱীলৈ ইণ্টাৰনেটৰ মাধ্যমেৰে লৈ যোৱাৰ সপোন সেউজ কৰি তুলিছে।


স্বীকৃতিঃ

হিমজ্যোতিৰ আশাশুধীয়া প্ৰচেষ্টাই ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।২০১২ চনত enajori.com এ তথ্য-প্ৰযুক্তিৰ সন্মানীয় মন্থন চাউথ এচিয়া আৰু এচিয়া পেচিফিক বটাঁ লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে। ৩৬ খন দেশৰ মুঠ ৪৭০ টা প্ৰকল্পই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত enajori.com এ ই-সংস্কৃতি আৰু ঐতিহ্য শিতানত শ্ৰেষ্ঠতাৰ সন্মান লাভ কৰে।২০১৩ চনত শ্ৰীলংকাৰ কলম্বোত অনুষ্ঠিত ৱৰ্ল্ড চামিট এৱাৰ্ডত enajori.com এ ই-সংস্কৃতি আৰু পৰ্যটন শিতানত বিশ্বৰ শীৰ্ষ ৫টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি দেশ তথা অসমলৈ এক বিৰল সন্মান কঢ়িয়াই আনে।উল্লেখযোগ্য যে,এই শিতানলৈ নিৰ্বাচিত হোৱা enajori.com ই আছিল ভাৰতৰ পৰা নিৰ্বাচিত হোৱা একমাত্ৰ প্ৰকল্প।


ৱৰ্ল্ড চামিট এৱাৰ্ড,২০১৩,কলম্বো

ৱৰ্ল্ড চামিট এৱাৰ্ড,২০১৩,কলম্বো


নিজ সপোনক কিদৰে সেউজ বাস্তৱ কৰিব পাৰি তাৰ এক উৎকৃষ্ট উদাহৰণ হ’ল হিমজ্যোতি তালুকদাৰ।অসমীয়া সাহিত্য-সংস্কৃতিৰ ই-বিশ্বত হিমজ্যোতি তালুকদাৰ এতিয়া নিজেই এটা উল্লেখযোগ্য নাম, যি জাতি, মাটিৰ বাবে নতুনকৈ কিবা এটা কৰাৰ বাবে সদায় দেখি আছে অলেখ স্বপ্ন আৰু তেওঁৰ এই স্বপ্ন বাস্তৱ হৈ যে অসমীয়াৰ বৰ্তমান আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে এক সোপান হ’ব তাত কোনো সন্দেহ নাই। য়’ৰ ষ্ট'ৰীৰ তৰফৰ পৰাও হিমজ্যোতিলৈ জনাইছো আমাৰ অকৃত্ৰিম শুভকামনা।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’

ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'

'বহুবাৰ অপমানিত হৈছিলো, উজুটি খাইছিলো, তাৰ পিছতহে সফলতা আহিল': মনোজ তিৱাৰী

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’