চিনেমাত অভিনয় কৰিবৰ বাবে নতুন অভিনেতাই এতিয়া কাম বিচাৰি ঘুৰি ফুৰাৰ প্ৰয়োজন নাই

চিনেমাত অভিনয় কৰিবৰ বাবে নতুন অভিনেতাই এতিয়া কাম বিচাৰি ঘুৰি ফুৰাৰ প্ৰয়োজন নাই

Tuesday January 12, 2016,

3 min Read

চিনেমাত কাম কৰাৰ বাবে ইচ্ছুক অভিনয় শিল্পী সকলৰ নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ বাবে মুম্বাইত এতিয়া সুযোগ বিচাৰি ঘুৰি ফুৰাৰ প্ৰয়োজন নাই। কাৰণ এনে সুযোগ সন্ধানী অভিনেতা সকলক এখন মঞ্চ দিয়াৰ বাবে আৰম্ভ হৈছে ‘অডিশ্বন এৱাৰ্ড’ নামৰ এটা বেৱ পৰ্টেল। এই ৱেব পৰ্টেলৰ জৰিয়তে কোনো নিৰ্মাতা, পৰিচালকৰ চকুত লাগিলে চিনেমাৰ কাম পাব পাৰে এগৰাকী নতুন অভিনেতায়ো।

দেশৰ ভিতৰতে প্ৰথম বাৰৰ বাবে মুম্বাইৰ পৰা এটা ৱেব পৰ্টেল ‘ৱেব কাষ্টিং ডট কম’ আৰম্ভ কৰা হৈছে, য’ত দিয়া হ’ব ‘অডিশ্বন এৱাৰ্ড’। এই ৱেব পৰ্টেলটোত প্ৰতিযোগীয়ে নিজৰ অভিনয়ৰ তিনি মিনিট সময় মোবাইল বা কেমেৰাৰে ৰেকৰ্ডিং কৰি আপলোড কৰিব লাগে। আৰু প্ৰতিযোগিতাত নিৰ্বাচিত হ’লে প্ৰথম পুৰষ্কাৰ পোৱা জনক ১১ লাখ, দ্বিতীয় পুৰস্কাৰ পোৱা জনক পাঁচ লাখ আৰু তৃতীয় পুৰস্কাৰ পোৱা জনক তিনি লাখ টকাৰ পুৰস্কাৰ দিয়া হ’ব। ইয়াৰ উপৰিও বিজয়ী শিল্পী সকলক দিয়া হ’ব চিনেমা বা ধাৰাবাহিকত ১৮০ দিনৰ কাম দিয়াৰ নিশ্চয়তা ।

image


এই ৱেবচাইটটোৰ আঁৰত আছে চলচিত্ৰ নিৰ্মাতা সুনীল লুলা। সুনীল লুলা ‘তনু ৱেডছ মনু’, ‘গেংছ অৱ ৱাছিপুৰ’, ‘শ্বহিদ’ আদি চিনেমাৰ নিৰ্মাতা। জানুৱাৰীৰ ছয় তাৰিখৰ পৰা ২১ তাৰিখৰ ভিতৰত ‘অডিশ্বন’ৰ ‘ক্লিপিং’ আপলোড কৰিব পাৰিব ইচ্ছুক অভিনেতা প্ৰতিযোগীয়ে।

এই ‘টেলেন্ট এৱাৰ্ড’ৰ বাবে একেলগ হ’ল তিনিজনকৈ বিখ্যাত লোক। য’ত আছে ‘পান সিং তোমৰ’ৰ বাবে পৰিচিতি লাভ কৰা পৰিচালক তিগমাংশু ধুলীয়া, পৰিচালক হংসল মেহতা আৰু ‘তনু ৱেডছ মনু’ (দুয়োটা ভাগ)ৰ পৰিচালক আনন্দ এল ৰায়। এওঁলোক তিনিজনেই শিল্পীসকলৰ বাচনি কৰিব।

এই ৱেব পৰ্টেলটোৱে কৰণ জ’হৰ, ৰাজকুমাৰ হিৰাণী, ঋষি কাপুৰ, সুধীৰ মিশ্ৰা, সুৰজ ঘোষৰ দৰে চিনেমা জগতৰ সৈতে জড়িত লোকৰ সমৰ্থন লাভ কৰিছে। সুনীল লুলাই এই পৰ্টেলটো সন্দৰ্ভত কয়-“এই ৱেব পৰ্টেলটোৰ কথা গেংছ অৱ ৱাছিপুৰ নিৰ্মাণ কৰি থকাৰ সময়ত মোৰ মনলৈ আহিছিল। মোৰ এনে লাগিছিল যেন উদ্যোগটোত বিভিন্ন চৰিত্ৰত ঘুৰি পকি সেই একেই চেহেৰাই বাবে বাবে সন্মুখলৈ আহে। আমি কিয়নো এনে এখন মঞ্চ তৈয়াৰ কৰিব নোৱাৰো য’ত দেশৰ প্ৰতিভা সমুহ প্ৰকাশ পায় আৰু চিনেমা উদ্যোগটোতো একেবোৰ চেহেৰাৰ পৰিবৰ্তে নতুন নতুন চেহেৰাৰ প্ৰৱেশ ঘটে।”

পৰ্টেলটোৰ জড়িয়তে মুম্বাইস্থিত যিকোনো পৰিচালক বা নিৰ্মাতাই পৰ্টেলটোত দিয়া শিল্পীৰ বিৱৰণ অনুসৰি তেওঁলোকক কামৰ বাবে আমন্ত্ৰণ জনাব পাৰে। এই অভিনেতা সকলক নিশ্চিত ভাবে ১৮০ দিনৰ কাম দিয়া হ’ব। ইয়াৰ পিছত নিজৰ প্ৰতিভা অনুসৰি চিনেমা উদ্যোগটোত তেওঁলোকে নিজকে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰিব পাৰে।

ৰাষ্ট্ৰীয় পুৰষ্কাৰ প্ৰাপ্ত ছৱি পান সি টোমৰৰ পৰিচালক তিগমাংশুৰ ভাষ্য এনেধৰণ- “এয়া শিল্পী সকলৰ বাবে এটা ভাল আৰম্ভণি। নতুন শিল্পীয়ে নিজৰ অভিনয় প্ৰতিভা দেখুৱাবৰ বাবে এতিয়া আৰু পৰিচালক নিৰ্মাতাৰ দুৱাৰে দুৱাৰে টুকুৰিয়াই ফুৰিব নালাগে।”

এই ৱেবচাইটটোৰ কাষ্টিং হেড বৃজেশ কৰণৱালৰ ভাষ্য অনুসৰি কেৱল ভাৰতৰে নহয়, বিদেশৰ পৰিচালকেও এই ৱেবচাইটটোৰ জড়িয়তে নিজৰ পচন্দৰ শিল্পী গৰাকীক বাছি লব পাৰিব।

পিটিআই

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

শিশুক বিপথে নিয়াৰ অভিযোগত কাৰাবাস খটা সন্দীপ কৌৰ আজি বহু অনাথ ছোৱালীৰ মাকৰ দায়িত্বত

গ্ৰাহকেহে প্ৰতিষ্ঠা কৰে এটা ব্ৰেণ্ড, ব্যৱসায়ীয়ে নহয়: JB'sৰ প্ৰতিষ্ঠাতা গোপাল জালান