কলকাতা চহৰৰ অলিয়ে-গলিয়ে পিকজিৰ বাইক বাহিনী
Wednesday December 16, 2015,
2 min Read
প্ৰেমিকাৰ অভিমান ভাঙিবলৈ ফুলৰ বুকে এটা পঠিওৱাৰ ইচ্ছা প্ৰেমিকৰ,কিন্তু কৰ্মস্থান এৰি নিজে দি অহাৰ অসুবিধা।এটা গুৰুত্বপূৰ্ণ খাম চহৰৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ দিনটোৰ ভিতৰতে পঠিয়াব লাগে।নাইবা দুপৰীয়াৰ টিফিনটো ঘৰৰ পৰা আনিবলৈ আপুনি পাহৰি গ'ল।চিন্তাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ এনেধৰণৰ সমস্যাবোৰৰ সমাধানৰ বাবে আছে পিকজি।এই ষ্টাৰ্ট-আপ সংস্থাৰ সেৱা কাৰ্যৰ বাবে সমগ্ৰ কলকাতা চহৰৰ অলিয়ে-গলিয়ে পিকজিৰ বাইক বাহিনী ভ্ৰমণৰত।
সোণ ব্যবসায়ী বিকাশ জালানৰ মনলৈ এই ব্যৱসায় ধাৰণাটো প্ৰথম আহিছিল।তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ পৰা দেখিছে যে গুৰুত্বপূৰ্ণ সামগ্ৰী আদান-প্ৰদানৰ ক্ষেত্ৰত কলকাতা চহৰবাসী আনৰ ওপৰত নিৰ্ভৰশীল।ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে নিজা সময়ৰ অভাৱ।গতিকে এই সমস্যাৰ সমাধানৰ কথা চিন্তা কৰিলে বিকাশ জালানে।চহৰৰ আন এজন ব্যবসায়ী অভিষেক জালান।হোটেল আৰু অট'মবাইলৰ ব্যবসায়ত সুপ্ৰতিষ্ঠিত অভিষেক জালানেও নতুন কিবা এটা কৰাৰ কথা ভাবি আছিল।বিকাশ জালানে তেওঁৰ ব্যবসায়ী বন্ধুৰ সৈতে তেওঁৰ মনলৈ অহা ষ্টাৰ্ট-আপৰ কথা ব্যক্ত কৰিছিল।তেওঁলোকৰ ষ্টাৰ্ট-আপৰ সঙ্গী হল চাৰ্টাড একাউন্টেন্ট বৈভৱ আগৰৱালা। বৈভৱেও সপোন দেখি ভালপাইছিল।এই তিনিজন বন্ধু লগ হৈ তেওঁলোকে সন্ধান কৰিছিল আৰু এনে এজন লোকৰ যাৰ মনত নতুন কিবা এটা কৰাৰ হাবিয়াস আছে।যাৰ বাবে প্ৰতি পল সময় এক প্ৰত্যাহ্বান।অৱশেষত তেওঁলোকে বিচাৰি পালে স্বপ্নাভিলাসী এক তৰুণ আশুতোষ চৌধুৰীক।আশুতোষে ইতিমধ্যে সাংবাদিকতাৰ চাকৰি এৰি পিকজিত যোগদান কৰিছিল।
এই তিনিটা শক্তিশালী স্তম্ভৰ ভেঁটিত গঢ় লৈ উঠিল পিকজি।মাত্ৰ তিনিমাহৰ ভিতৰত সেৱা কাৰ্যৰ বাবে প্ৰস্তুত হৈ উঠিল পিকজি।অনলাইন আৰু ইন্ট্ৰা চিটি ডেলিভাৰী সেৱা আৰম্ভ কৰিলে পিকজিয়ে।কেৱল সামগ্ৰী আদান-প্ৰদান নহয়, প্ৰয়োজনীয় বিল আদি আদান-প্ৰদান কাৰ্য কৰে পিকজিয়ে।উবেৰ,অ'লা,ফ্লিপকাৰ্ট আদিৰ সাফল্যৰ অনুপ্ৰেৰণাৰে নিজৰ লক্ষ্যত আগবাঢ়ি গৈছে পিকজি।
বৈভৱ আগৰৱালাই জনোৱা মতে,কেৱল কলকাতা চহৰতে নহয়,গুৰগাঁও,দিল্লীতো সম্প্ৰতি সেৱাৰত পিকজি।কেৱল ভাৰতবৰ্ষতে সীমাবদ্ধ নাথাকি সমগ্ৰ পৃথিৱীৰ আন বৃহৎ চহৰতো সেৱা দিবলৈ ইচ্ছুক পিকজিৰ টিম।বৃহৎ লজিষ্টিক চলিউশ্যন সংস্থা হৈ উঠাৰ লক্ষ্য আগত লৈ আগবাঢ়িছে কলকাতা চহৰত আৰম্ভ হোৱা এই ষ্টাৰ্ট-আপ সংস্থা।
ইয়াৰোপৰি দেশৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰতো পদক্ষেপ গ্ৰহণৰ চিন্তা কৰাৰ কথা বৈভৱে ব্যক্ত কৰে।তেওঁৰ মতে চহৰৰ যিসকল নিবনুৱা যুৱক-যুৱতীয়ে বাইক চলাব জানে তেওঁলোকক কৰ্মসংস্থাপন দিয়াত আগ্ৰহী পিকজি। বৰ্তমান ১২০ জন বাইক চালক যুৱক-যুৱতী পিকজিত কৰ্মৰত। অতি শীঘ্ৰেই এই সংখ্যা এক লাখৰ ওচৰা-ওচৰি হ'ব বুলি আশাবাদী পিকজিৰ জন্মদাতা বৈভৱ-বিকাশ-আশুতোষ।কিন্তু তেওঁলোকে খুউব ভালকৈ উপলব্ধি কৰে যে ৰোম নগৰখন একেদিনাই গঢ় লৈ উঠা নাছিল।
মূল: হিন্দোল গোস্বামী
অনুবাদ: পূবালী ভাগৱতী