Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Asamiya

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

২০১৫ চনৰ প্ৰথম ৯ মাহত ষ্টাৰ্ট-আপত ৭ দশমিত ৩ বিলিয়ন ডলাৰ বিনিয়োগ

২০১৫ চনৰ প্ৰথম ৯ মাহত ষ্টাৰ্ট-আপত ৭ দশমিত ৩ বিলিয়ন ডলাৰ বিনিয়োগ

Monday November 16, 2015,

3 min Read

২০১৫ চনটোৰ ১ম আৰু ২য় ত্ৰিমাসিকত ষ্টাৰ্ট-আপ বা ন-ব্যৱসায়ত ভাল বিনিয়োগ দেখিবলৈ পোৱা গৈছিল। কিন্তু ৩য় ত্ৰিমাসিকত এই বিনিয়োগ আৰু বৃদ্ধি পায় । বিগত ৯ মাহত বিনিয়োগকাৰী তথা ভেন্সাৰ কেপিটেলিষ্টসকলে প্ৰথম আৰু মধ্যম পৰ্যায়ত থকা নতুন ব্যৱসায় কিম্বা ষ্টাৰ্ট-আপ কোম্পানীত সৰ্ববৃহৎ বিনিয়োগ কৰিছে।জানুৱাৰীৰ পৰা ছেপ্তেম্বৰলৈ ৬৩৯টা চুক্তিত ৭ দশমিক ৩ বিলিয়ন ডলাৰ বিনিয়োগ হৈছে।

বিনিয়োগ পূৰ্বৰ তুলনাত দুগুণ হৈছে

ইয়ৰ-ষ্ট’ৰীৰ হাতত পৰা তথ্য অনুসৰি, ২০১৫ চনৰ কিউ-৩ৰ বিনিয়োগৰ পৰিমাণ কিউ-১ আৰু কিউ-২ৰ তুলনাত দুগুণ হৈছে। ২০১৪ চনৰ কিউ-৪ ৰ পৰিমাণ চাবলৈ গ’লে এই বৰ্ষত বিনিয়োগৰ পৰিমাণ ২০০ শতাংশ বৃদ্ধি হৈছে।

image


image


ইনভেনটাছ-কেপিটেলৰ সঞ্চালক ৰুটৱিক দোশীয়ে জনোৱা মতে বিনিয়েগৰ বজাৰখনত যথেষ্ট পৰিবৰ্তন আহিছে।২০১৪ বৰ্ষৰ কিউ-৪ পৰা ষ্টাৰ্ট-আপ ব্যৱসায়ত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই আহিছে আৰু এয়া এতিয়াও অটুট আছে। ইয়াৰ কাৰক হিচাপে তেওঁ তিনিটা কাৰণ ক’ব বিচাৰে, আৰু সেই কেইটা হৈছেঃ

(১) ভেন্সাৰ কেপিটেলিষ্টসকলে ডাঙৰ পুঁজি গঠন কৰাৰ ফলত বিনিয়োগৰ হাৰ বৃদ্ধি পাইছে ।

(২) কোম্পানীবোৰৰ শেষ পৰ্যায়ৰ বিনিয়োগৰ প্ৰাপ্তিয়ে বিনিয়োগকাৰীসকলক নতুন কোম্পানীত বিনিয়োগ কৰিবলৈ অধিক উৎসাহিত কৰিছে।

(৩) বিশেষকৈ থলুৱা আৰু ম’বাইল এপপৰ ওপৰত নিৰ্ভৰশীল কোম্পানীৰ আগমনে বৰ্ধিত বিনিয়োগৰ ধাৰা একে ৰাখিছে।

চুক্তিৰ সংখ্যা বৃদ্ধি

এইবাৰ দেখা যাওক বিনিয়োগ হোৱা পৰিমাণতকৈ কিদৰে বিনিয়োগ হোৱা কোম্পানীবোৰৰ সংখ্যা।

image


তথ্যত প্ৰকাশ যে ২০১৫ চনৰ মাৰ্চ মাহত হোৱা চুক্তিৰ সৰ্বনিম্ন সংখ্যা ২০১৪ চনৰ ছেপ্তেম্বৰত হোৱা চুক্তিৰ সৰ্ব্বোচ্চ সংখ্যাৰ সমান । ঠিক তেনেদৰে তুলনামূলক ভাৱে ২০১৫ত জুলাই আৰু আগষ্টৰ তুলনাত ছেপ্তেম্বৰত কিছু কম চুক্তি সম্পন্ন হৈছে। এই সম্পৰ্কত ৰুটৱিক দোশীয়ে কব বিচাৰে যে এয়া স্বাভাৱিক কিয়নো আৰম্ভনিৰ মাহকেইটাত হোৱা প্ৰচুৰ পৰিমাণৰ চুক্তিৰ পাছত সেই হাৰ কিছু কম হোৱাটো বিশেষ একো চিন্তনীয় বিষয় নহয়

কিন্তু বছৰটোৰ কোৱাৰ্টাৰ অন কোৱাৰ্টাৰ গড় হিচাপে এই মূহুৰ্তলৈ বৰ্ধিত হাৰকেই সূচাই আছে।

image


ইয়াতেই এটা প্ৰশ্ন উত্থাপিত হৈ যে ভাৰতত বিনিয়োজিত হোৱা এই ষ্টাৰ্ট-আপসমূহে দেশৰ উচ্চাকাংশা পূৰণ কৰিব পাৰিবনে?

তুলনামূলকভাৱে ২০১৫ চনৰ কিউ-২ৰ এটা মাহত ভাৰতত সৰ্বাধিক ৯৯টা চুক্তি সম্পাদিত হোৱাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰত এই সংখ্যা ১২শ । পি-ডাব্লিউ-চি আৰু নেচ’নেল ভেঞ্চাৰ কেপিটেল এছ’চিয়েছনৰ তথ্যমতে যুক্তৰাষ্ট্ৰত ২০১৫ৰ কিউ-৩ত বিনিয়োগৰ মাত্ৰা কিছু কম হৈছে যদিও ডলাৰৰ পৰিমাণত বিশেষ তাৰতম্য হোৱা নাই।

ঠিক তেনেদৰে যুক্তৰাষ্ট্ৰত ২০০০ চনৰ কিউ-৪ৰ পৰা নিয়োগ হৈ থকা ডলাৰৰ পৰিমাণতকৈ ২০১৫ চনৰ কিউ-২ত বিনিয়োগ হোৱা পৰিমাণ সৰ্বাধিক।২০১৫ কিউ-৩ অৱশ্যে বিনিয়োগ ৫ শতাংশ নিম্নগামী হৈছে।

image


বৰ্তমান বিশ্বত যিদৰে প্ৰযুক্তিগত উন্নয়নে সকলোকে গো-গ্ৰাসে গিলিবলৈ আৰম্ভ কৰিছে আৰু প্ৰযুক্তি ন-ন উদ্ভাৱনে এই ব্যৱসায়ক অধিক লোভনীয় কৰি তুলিছে তেনে এক সময়ত নতুন বিনিয়োগকাৰীসকলৰ লগতে পৰম্পৰাগত ব্যৱসায়ত বিনিয়োগ কৰাসকলেও প্ৰযুক্তিগত ব্যৱসায়সমূহত বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহিছে। শ্বেয়াৰ মাৰ্কেটত চকু ৰখাসকলেও এতিয়া নতুন ষ্টাৰ্ট-আপবোৰত বিনিয়োগৰ বাবে ইচ্ছুক হোৱা দেখা যায়।

দেশৰ ৬৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ জনসাধাৰণক দিয়া ভাষণত কৈছিল ষ্টাৰ্ট আপ এণ্ড ষ্টেণ্ড আপ আৰু এতিয়া এই ধ্বনিয়েই দেশৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব।আৰু এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণ আৰু বিনিয়োগকাৰীক সাক্ষাৎ কৰা কাৰ্যই যথেষ্ট সহায় কৰিছে।