শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

শিশুৰ সৃষ্টিশীলতাক বিশ্ববাসীৰ আগত ডাঙি ধৰাৰ প্ৰয়াসত ব্ৰতী এজন যুৱক

Friday March 11, 2016,

4 min Read

তেজপুৰৰ এজন ২৭ বছৰীয়া যুৱক। নাম তেওঁৰ অমিত ৰাজ কোৱঁৰ।সামাজিক উদ্যোগী হিচাপে অমিত বৰ্তমান তেজপুৰবাসীৰ বাবে এটা চিনাকী নাম। সৈনিক পিতৃৰ সন্তান অমিতে ২০০৬ চনত ১৯ বছৰ বয়সতে ভাৰতীয় সেনাৰ তেজপুৰস্থিত 4 ক'ৰৰ মানৱ সম্পদ উন্নয়ন কেন্দ্ৰত কৰ্পৰেট ট্ৰেইনাৰ আৰু পাঠ্যক্ৰম সমন্বয়ক হিচাপে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰে। তেওঁ স্থল সেনা আৰু বায়ু সেনাৰ মুঠতে ৩৭৬ গৰাকী প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰে। তাৰ পিছত তেওঁ ডিছ টিভিৰ শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ শাখা পৰিচালক হিচাপেও কাম কৰে। তদুপৰি অমিতে বিভিন্ন এপ্লিকেশ্যন চফটৱেৰ ডেভেলপ কৰিছে, যিবোৰ বৰ্তমান টাৱাং ম’নেষ্ট্ৰি, তেজপুৰ বিশ্ববিদ্যালয়ৰ বায়’ভাৰচত, জিলা সৈনিক উন্নয়ন বিষয়াৰ (উপায়ুক্তৰ কাৰ্যালয়,তেজপুৰ,শোণিতপুৰ)কাৰ্যালয়ত ব্যৱহৃত হৈ আছে।

image


এই সকলোবিলাক কৰিও অমিতে যেন শান্তি পোৱা নাছিল। তেওঁৰ নিজাকৈ কিবা এটা কৰাৰ হেপাঁহ জাগিল। সৰুতে ভাৰতীয় বায়ু সেনাৰ এগৰাকী পাইলট হ’বলৈ মন কৰা অমিতৰ ভাষাৰেই,“নৱম শ্ৰেণীত থাকোতে যেতিয়া প্ৰথম কম্পিউটাৰ ব্যৱহাৰ কৰিছিলো, তেতিয়াই ভৱিষ্যতলৈ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনত কাম কৰিবলৈ মই স্থিৰ সিদ্ধান্ত লৈ পেলাইছিলো।”


এডুপুৰ চ’ছাইটিৰ জৰিয়তে সামাজিক উদ্যমিতাৰ জগতত প্ৰৱেশ

কোম্পানীৰ চাকৰি কৰি থকা অৱস্থাত অমিতে প্ৰতিদিনেই গ্ৰাহকৰ নানাধৰণৰ অভিযোগ সমাধান কৰি দিছিল আৰু এই কামটোৱে অমিতক সন্তুষ্টি প্ৰদান কৰাৰ লগতে মনলৈ গভীৰ আত্মবিশ্বাস আনি দিছিল।সেই আত্মবিশ্বাসেই এদিন অমিতক উদ্যোগী হ’বলৈ প্ৰেৰণা যোগালে আৰু সামাজিক কৰ্মী হিচাপে সমাজৰ হকে কাম কৰাৰ বাবে উৎসাহী কৰি তুলিলে।

আৰু সামাজিক উদ্যমী হোৱাৰ আকাংক্ষাৰে অমিতে গঢ় দিলে এডুপুৰ চ’ছাইটি।পিছে কিনো এই এডুপুৰ চ’ছাইটি?

অমিতৰ কথাৰেই শুনো আহক-‘এডুপুৰ চ’ছাইটি হৈছে তেজপুৰস্থিত এটা বেচৰকাৰী সংস্থা। মই বিশ্বাস কৰোঁ যে, প্ৰতিটো শিশুৰেই নিজা একোটা সৃষ্টিশীল মন থাকে। শিশুৰ অন্তৰৰ পৰা এই সৃষ্টিশীল কামবোৰ স্বতঃস্ফূৰ্তভাৱে ওলাই আহে, যিবোৰৰ দ্বাৰা আমাৰ মাজত বিৰাজমান অনৈক্যৰ মাজতো ফুটি উঠে এক মহান সংহতি। সেয়েহে মই শিশুসকলৰ সৃষ্টিশীল কামবোৰ সংৰক্ষণ কৰিব বিচাৰোঁ, তেওঁলোকক উৎসাহ দিব বিচাৰো আৰু তেওঁলোকৰ সৃষ্টিশীলতাক মই বিশ্ববাসীৰ আগত ডাঙি ধৰিব বিচাৰোঁ। মই এই কথাত গভীৰ বিশ্বাসী যে,আমাৰ প্ৰত্যেকৰে সমাজখনৰ প্ৰতি দায়িত্ব আছে।’

এই মহান উদ্দেশ্য আগত ৰাখি নিষ্ঠাৰে কাম কৰি যোৱা অমিতৰ অনুপ্ৰেৰণা হৈছে তেওঁৰ পিতৃ। সৈনিক পিতৃৰ দেশৰ বাবে কৰা ত্যাগ স্বীকাৰে অমিতক প্ৰতি মূহুৰ্ততে দেশৰ বাবে কাম কৰি যাবলৈ অনুপ্ৰাণিত কৰি আহিছে। ‘প্ৰতিখন দেশৰ ভৱিষ্যৎ নিৰ্ভৰ কৰে দেশখনৰ শিশুসকলৰ ওপৰত।সেয়ে মই শিশুসকলৰ কাৰণে কাম কৰাৰ কথা ভাৱিলো,’ অমিতে ক’লে।

আৰম্ভণীৰ যাত্ৰা

‘আৰম্ভণীতে মই মোৰ উন্নয়ন খণ্ডৰ বিদ্যালয়বোৰলৈ গৈ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰিছিলো আৰু তেওঁলোকক বুজাইছিলো যে, কেনেদৰে তেওঁলোকৰ সৃষ্টিশীল কামবোৰ যেনে, ছবি, কবিতা, গল্প আৰু ৰচনাবিলাক ৱেবচাইটযোগে প্ৰকাশ কৰিব পাৰি। প্ৰতি মাহে আমি তেওঁলোকৰ সৃষ্টিশীল কামবোৰ সংগ্ৰহ কৰো আৰু ৱেবচাইটত প্ৰকাশ কৰোঁ। তাৰপিছত পুনৰ সেই বিদ্যালয়বোৰলৈ গৈ তেওঁলোকক দেখুৱাওঁ যে, বিশ্বৰ অ’ত-ত’ত বাস কৰা মানুহবিলাকে কেনেদৰে তেওঁলোকৰ কামৰ প্ৰশংসা কৰিছে। যিহেতু বেছিভাগ মানুহেই অনগ্ৰসৰ এলেকাৰ,গতিকে আমি তেওঁলোকক ইণ্টাৰনেট ব্যৱহাৰৰ বিষয়ে শিকাবলৈ যথেষ্ট সময় আৰু শক্তি ব্যয় কৰিব লগা হৈছে।এনেদৰেই লাহে ধীৰে আগুৱাই আহি আমি ২০১৩ চনৰ ১২ মাৰ্চৰ দিনা বাণ থিয়েটাৰত তেতিয়াৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰ’-ভাইচ চেঞ্চেলৰ ডঃ অমৰজ্যোতি চৌধুৰীৰ দ্বাৰা আমাৰ অনুষ্ঠানৰ আনুষ্ঠানিক উন্মোচন কৰা হয়। এইদৰেই আমি আমাৰ যাত্ৰাৰ আৰম্ভণী কৰিলো,’ অমিতে আত্মবিশ্বাসেৰে ক’লে।

বিদ্যালয়,মহাবিদ্যালয়,বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ সৃষ্টিশীলতাসমূহ প্ৰকাশ, সংৰক্ষণ কৰি ৰখাৰ সুবিধা প্ৰদানেৰে সেই ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ এছোৱা সময় আচলতে ডিজিটেল পদ্ধতিৰে ধৰি ৰখাৰ প্ৰয়াস কৰা অমিতৰ এডুপুৰ চ’ছাইটিয়ে বৰ্তমানলৈ চৰকাৰ বা আন কোনো অনুষ্ঠানৰে পৰা সহায় নিবিচৰাকৈয়ে তেওঁলোকৰ কাম কৰি গৈছে।তেওঁলোকে সামান্য সদস্য ভৰ্তিৰ মাননিৰেই অনুষ্ঠানটো চলাই নিছে।

উল্লেখযোগ্য যে,সামাজিক উন্নয়নৰ হকে কাম কৰাৰ বাবে অমিতক ১০১৩ চনত মহাৰাষ্ট্ৰৰ পুণেত ৰাষ্ট্ৰীয় বটাঁ প্ৰদানেৰে সন্মানিত কৰা হয়।


image


বৰ্তমান অমিত ৰাজ কোৱঁৰে ছাত্ৰ-ছাত্ৰীসকলৰ সৃষ্টিশীলতা, প্ৰতিভা আৰু জ্ঞানৰ প্ৰসাৰৰ উদ্দেশ্যে এটা শৈক্ষিক সামাজিক নেটৱৰ্ক গঢ়াৰ কামত নিয়োজিত হৈছে। আনহাতে তেওঁ ৰাজ্যৰ আন আন জিলাৰ পৰাও সেই জিলাসমূহত এডুপুৰ আৰম্ভ কৰাৰ বাবে প্ৰস্তাৱ লাভ কৰিছে।

অমিতৰ মতে নিষ্ঠা, সততা, কঠোৰ পৰিশ্ৰম, গভীৰ আত্মনিয়োগ আৰু আপোনাৰ ব্যক্তিত্ব-এই পাঁচোটাই হৈছে সফলতাৰ মূল-মন্ত্ৰ। জীৱনৰ প্ৰতিটো খোজতে লক্ষ্যবিলাক বাস্তৱ কৰাটো ইমান সহজ নহয়। ইয়াৰ বাবে নিজকে আৰু নিজৰ দলটোক ধাৰাবাহিকভাৱে অনুপ্ৰাণিত কৰি থাকিব লাগিব।

পঢ়ুৱৈসকলে www.edupur.in ৱেবচাইটো খুলি চালেই অমিতৰ কামবোৰৰ সম্পৰ্কে আৰু অধিক জানিব পাৰিব। শিশু মনস্তত্বক ভালদৰে অনুধাৱন কৰি তেওঁলোকৰ পৃথিৱীখনক ওচৰৰ পৰা চাবলৈ প্ৰয়াস কৰা অমিতৰ উত্তৰোত্তৰ কামনা কৰি য়’ৰ ষ্ট'ৰীৰ পৰা শুভেচ্ছা জনাইছো।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অসমীয়া ভাষা সংস্কৃতিক ই-বিশ্বলৈ নতুন ৰূপত লৈ যোৱা যুৱকজন-হিমজ্যোতি তালুকদাৰ

‘স্থানীয় ভাষাক উপেক্ষা কৰিব নোৱাৰি, বজাৰ যথেষ্ট বিশাল’

ভাৰতীয় ভাষাৰ বৈচিত্ৰ উদযাপনৰ উৎসৱ 'ভাষা-২০১৬'