Brands
Discover
Events
Newsletter
More

Follow Us

twitterfacebookinstagramyoutube
Yourstory

Brands

Resources

Stories

General

In-Depth

Announcement

Reports

News

Funding

Startup Sectors

Women in tech

Sportstech

Agritech

E-Commerce

Education

Lifestyle

Entertainment

Art & Culture

Travel & Leisure

Curtain Raiser

Wine and Food

YSTV

ADVERTISEMENT
Advertise with us

মাক দেউতাকৰ আদৰ্শৰে কিষণ হৈ পৰিছিল আন্না

অভিভাৱকসকললৈ আন্নাৰ আহ্বান- ঘৰখনক সংস্কাৰ কেন্দ্ৰলৈ পৰিণত কৰক ।

মাক দেউতাকৰ আদৰ্শৰে কিষণ হৈ পৰিছিল আন্না

Monday August 22, 2016 , 3 min Read

আন্না হাজাৰে অনাড়ম্বৰতাৰ প্ৰতীক । তেওঁৰ জীৱন ধাৰণ, খোৱা-বোৱা আৰু অন্যান্য কাৰ্যত তেওঁ অনাড়ম্বৰতাৰ প্ৰতীক । তেওঁ খদ্দৰৰ কাপোৰ পিন্ধে । প্ৰায়েই তেওঁক দেখা যায় বগা ধূতী আৰু কুৰ্তাত । মূৰত থকা গান্ধী টুপীটো তেওঁৰ বেশ-ভূষাৰ এক বিশেষ পৰিচয় । তেওঁ সম্পূৰ্ণ নিৰামিষভোজী আৰু তেওঁ কোনোদিনে কোনোধৰণ নিচা তেওঁ কৰা নাই । সদায় তেওঁ আনৰ সহায়ৰ বাবে প্ৰস্তুত থাকে । 

আন্নাৰ প্ৰতিটো কামতে তেওঁৰ মাতৃ-পিতৃৰ প্ৰভাৱ স্পষ্ট দেখা যায় । আন্নাৰ মতে তেওঁ সৰুৰেপৰা মাক দেউতাকৰপৰা বহু কথা শিকি আহিছে । তেওঁলোকৰপৰা পোৱা সংস্কাৰেই তেওঁক সদায় অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰি আহিছে । 

মাকে আন্নাক কেৱল শিক্ষকৰ শাস্তিৰপৰা বচাইছিল কিন্তু এই ঘটনাই তেওঁক এনে এক শিক্ষা দিছিল যে তেওঁৰ চৰিত্ৰ গঠনত ই সহায় কৰিছিল । মাকক মিছা কথা কবলৈ বাধ্য কৰোৱাৰ পাছত তেওঁ জীৱনত কেতিয়াও মিছা কথা কোৱা নাছিল । 

আন্নাই কয় যে তেওঁক মাতৃয়ে শিশুকলৰপৰাই ভাল সংস্কাৰ দিছিল । তেওঁ কয়, মই যেতিয়া সৰু আছিলো তেতিয়া মায়ো মোক শিকাইছিল - "কাৰো অপকাৰ নকৰিবা । চুৰ নকৰিবা । কাৰো লগত কাজিয়া নকৰিবা আৰু সদায় সমাজৰ কাৰণে কাম কৰিবা ।" মাকে তেওঁক কৈছিল - "তুমি যদি বেছি কৰিব নোৱাৰা তেনেহলে যিমান পাৰা সিমানকে কৰিবা আৰু সদায় মানুহৰ দূখ দূৰ কৰিবলৈ চেষ্টা কৰিবা ।"

মাকৰ এই কথাবোৰৰ প্ৰভাৱ তেওঁৰ ওপৰত বাৰুকৈয়ে পৰিছিল । আন্নাৰ ভাষাত- "মায়ে শিকোৱা কথাবোৰে মোৰ মনটোক সামাজিক মনত পৰিণত কৰিলে ।" 

আন্নাৰ পৰিয়ালটো দূখীয়া আছিল । ঘৰ চলোৱাত সহায় কৰিবলৈ আন্নাৰ মাকে আনৰ ঘৰত বাচনো ধুইছিল । আন্নাই কয়, "মোৰ মাৰ হাতত বেছি টকা পইছা নাছিল কিন্তু তেওঁৰ চৰিত্ৰ সদায় খুব মজবুত আছিল ।"

আন্নাৰ ওপৰত তেওঁৰ পিতৃ বাবুৰাৱৰো গভীৰ প্ৰভাৱ আছে । তেওঁ সৰুৰেপৰা দেখিছিল কিদৰে তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল। আন্নাই বহু ক্ষেত্ৰত পিতাকক অনুকৰণ কৰিছিল । 

আন্নাই কয়, "মোৰ দেউতা সহজ-সৰল মানুহ আছিল । তেওঁ কেতিয়াও নিচা নকৰিছিল । কাকো ফাকি নিদিছিল । কাৰো সম্পত্তি দখল কৰাৰ চেষ্টা নকৰিছিল । এই কথাবোৰৰ প্ৰভাৱ মোৰ ওপৰত পৰিছিল । তেওঁ অল্প শিক্ষিত আছিল । মই ৰাতিপূৱাৰপৰা গধূলিলৈকে দেখিছিলো - তেওঁ কি খাইছিল? কেনেকৈ থাকিছিল? কেনেকৈ চলিছিল? কেনেকৈ শুইছিল? এই কথাবোৰৰ প্ৰভাৱ মোৰ ওপৰত পৰিছিল ।" 

আন্নাই বিদ্ৰুপৰ সুৰত কয় যে আজিকালি বহু অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক সংস্কাৰী বনাবলৈ সংস্কাৰ কেন্দ্ৰলৈ পঠায়। আন্নাই কয় "বহুতে ভাৱ যে সংস্কাৰ কেন্দ্ৰলৈ পঠিয়ালে তেওঁলোকৰ ল'ৰা ছোৱালী সংস্কাৰী হ'ব । কিন্তু এই কথা মিছা । সঠিক সংস্কাৰ শিশুৱে নিজৰ পিতৃ-মাতৃৰপৰাই পায় ।"   

অভিভাৱকসকললৈ আন্নাৰ আহ্বান- ঘৰখনক সংস্কাৰ কেন্দ্ৰলৈ পৰিণত কৰক ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অান্না হাজাৰেই এবাৰেই ফাকি দিছিল....

"সমাজ পৰিৱৰ্তনৰ বাবে উদ্যোগশীলতা অপৰিহাৰ্য"

বেঞ্জামিন ফ্ৰেংকলিনৰ কৰ্মকুশলতাৰ এক গোপন মন্ত্ৰ উদ্যমীসকলৰ বাবে 

দেশী-বিদেশী কম্পেনিৰ বাবে যুৱক-যুৱতী সকলক প্ৰস্তুত কৰিছে মডেলছ দিল্লী ডট কমে