দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতাৰ সামৰণি

দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতাৰ সামৰণি

Sunday January 22, 2017,

2 min Read

১৯ জানুৱাৰীত অনুস্থিত হৈ গ'ল ষ্টাৰ্টআপ আছামে আয়োজন কৰা দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতা। য়'ৰ ষ্ট'ৰী অসমীয়াই সহযোগ আগবঢ়োৱা এই প্ৰতিযোগিতাত যোগদান কৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ কেইবাটাও ষ্টাৰ্টআপে । বিগত বৰ্ষৰ দৰে এইবছৰো দেখিবলৈ পোৱা গ'ল কেইবাটাও সম্ভাৱনাপূৰ্ণ ষ্টাৰ্টআপ । 

প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে হোকাট্ৰিক টেকনলজী, যাওব'ল আৰু হেডৱে ( যুটীয়াভাৱে) আৰু ডি এফ এম ইনফ' এনালাইটিকছ প্ৰাইভেট লিমিটেডে । 

image


এই প্ৰতিযোগিতা সকলোৰে বাবে মুকলি আছিল আৰু ইয়াত কোনো যোগদানৰ মাচুল নাছিল । প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰষ্কাৰ বিজেতাই ক্ৰমে ২০,০০০ টকা, ১০,০০০ টকা আৰু ৫০০০ টকা নগদ ধন পুৰষ্কাৰ লাভ কৰে । 

image


কটন কলেজৰ অধিবেশন কক্ষত অনুস্থিত এই প্ৰতিযোগিতাত জুৰীৰ অন্যতম সদস্যা আছিল বি ৱাই এছ টিৰ কামৰূপ মেন্টৰছ চেপ্টাৰৰ অধ্যক্ষ সমীৰ বৰুৱা, ৱেব এক্সৰ প্ৰতিষ্ঠাপক সঞ্জীৱ শৰ্মা, আই আই ইৰ ড° শ্ৰীপৰ্ণা বৰুৱা, ষ্টাৰ্টআপ আছামৰ পৃষ্ঠপোষক অমিতাভ বৰুৱা । 

উল্লেখযোগ্য যে সঞ্জীৱ কুমাৰ গগৈ, যাৰ সোঁৱৰণত ব্যৱসায়িক পৰিকল্পনাৰ এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে, তেওঁ এসময়ত কটন কলেজৰে এজন মেধাবী ছাত্ৰ আছিল৷ ১৯৮৯-১৯৯০ শিক্ষাবর্ষত উজনি অসমৰ ভোলাগুৰি নামৰ এখন অখ্যাত ঠাইৰ পৰা আহি তেওঁ কটন মহাবিদ্যলয়ত নামভর্তি কৰিছিল৷ পিছত এই মহাবিদ্যালয়ৰ পৰাই সুখ্যাতিৰে উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ দিল্লীৰ হিন্দু কলেজত ভবিষ্যতে এজন বিজ্ঞানী হোৱাৰ আশাৰে নামভর্তি কৰিছিলগৈ৷ ভবিষ্যতে কেমব্ৰিজ বিশ্ববিদ্যলয়ত পঢ়ি ‘নাছা’ৰ সৈতে নিজকে জড়িত কৰাৰ সপোন দেখা সঞ্জীৱক নিষ্ঠুৰ নিয়তিয়ে অকালতে ইহ সংসাৰৰ পৰা কাঢ়ি লৈ গ’ল৷ সঞ্জীৱৰ পৰিয়ালৰ পৃষ্ঠপোষকতাত এই প্ৰতিযোগিতাৰ আয়োজন হৈ আহিছে ২০১৬ চনৰ পৰা । 

image


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আইনী বিষয়লৈ ভয় কিহৰ? সহায়ৰ বাবে আছে assamlawyers.com 

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

পদপথত ডাঙৰ হোৱা বিকাশ চৌধুৰী কৰ্পৰেট জগতৰ শীৰ্ষ পদবীত

ইলেক্ট্ৰিচিয়ানৰ পুত্ৰ প্ৰিন্সে লাভ কৰিলে আমেৰিকাত বাস্কেটবল খেলাৰ জলপানি