দলিত নিগ্ৰহৰ ঘটনাৰ আঁৰত আছে এক গভীৰ সামাজিক কাৰণ

আশুতোষৰ বিশেষ প্ৰৱন্ধ

13th Aug 2016
  • +0
Share on
close
  • +0
Share on
close
Share on
close

মই তেতিয়া সৰু আছিলো । দুখন ঐতিহাসিক চহৰ বাৰাণসী আৰু এলাহবাদৰ মাজত এখন সৰু চহৰ মিৰ্জাপুৰত মই ডাঙৰ হৈছিলো । মোৰ দেউতাই আয়কৰ বিভাগত চাকৰি কৰিছিল । প্ৰতি সন্ধিয়া তেওঁৰ পিয়নজন আমাৰ ঘৰলৈ আহিছিল আৰু তেওঁক চাহ বিস্কুটেৰে আপ্যায়ন কাৰ হৈছিল । কিন্তু তেওঁৰ কাপ-প্লেটযোৰ বেলেগে ৰখা হৈছিল । কেতিয়াবা আমি ষ্টীলৰ গিলাছত চাহ খাইছিলো কিন্তু তেওঁক সদায় পৰ্চেলিনৰ বাচনত চাহ দিয়া হৈছিল । আনকি তেওঁৰ বাচনবোৰ বেলেগেে ৰখা হৈছিল । মই এই কথাটো বুজা নাছিলো আৰু সেইবাবে মই মাক সুধিছিলো ইয়াৰ কাৰণ ।

উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাৱঁৰপৰা অহা মোৰ মায়ে লিখিব পঢ়িব নাজানিছিল । তেওঁ বৰ সহজভাৱে কৈছিল - তেওঁ যে অনুসূচীত জাতিৰ সেই কাৰণে । সৰুতে মই এইবোৰ বুজা নাছিলো কিন্তু ডাঙৰ হৈ মই বুজিছিলো যে মায়ে কোৱা কথাষাৰ আচলতে হেজাৰ বছৰ পুৰণি এক পৰম্পৰাৰ যাক আমি অস্পৃশ্যতা বুলি কওঁ তাৰ প্ৰতিফলন । মই আৰু এটা কথা লক্ষ্য কৰিছিলো যে আমাক খুব মৰম কৰা এই পিয়নজনে আমাৰ বাচনবোৰ নুচুইছিল আৰু নিজৰ বাচন নিজে ধুইছিল । 

সময়ৰ লগে লগে মোৰ বন্ধুৰ সংখ্যা বাঢ়ি আহিল, সকলো ধৰ্ম, জাতি আৰু সামাজিক স্তৰৰ বন্ধুৰ লগত আমাৰ সহৃদয়তা স্থাপন হ'ল । এই বন্ধুসকল প্ৰায়েই আমাৰ ঘৰলৈ আহিছিল আৰু মোৰ মায়ে কাৰ কি জাতি সেই কথা বুজাটো জটিল হৈ পৰিছিল । মোৰ দুজন বন্ধু আছিল মুছলমান আৰু অনুসূচিত জাতিৰ । মায়ে যেতিয়া এই কথা গম পাইছিল তেওঁ কিন্তু কোনো ধৰণৰ সমস্যা সৃষ্টি কৰা নাছিল । বৰঞ্চ তেওঁলোকক মুক্ত মনেৰে আদৰি লৈছিল । ইয়াৰপৰা আমি কি শিকোঁ ? যে কেইদশকমানৰ আগলৈকে অস্পৃশ্যতা আমাৰ মাজত আছিল আৰু যিসকল এই নিয়মৰ বলি হৈছিল তেওঁলোকেও এই কথা মানি লৈছিল আৰু তেওঁলোকে সাবধানেৰে এটা দুৰত্ব বজাই চলিছিল । সময়ৰ লগে লগে বহু লোকে এই সামাজিক নিয়ম আৰু তেওঁলোকৰ কঠোৰতা বাদো দিছিল । 

মোৰ মা সলনি হৈছিল । তেওঁ এগৰাকী সাধাৰণ মহিলা আছিল । তেওঁ তেতিয়াও এগৰাকী ধাৰ্মিক মহিলা আছিল আৰু আজিও তেওঁ ধাৰ্মিক । শিক্ষিত আৰু চৰকাৰী চাকৰিয়াল মোৰ দেউতা যথেষ্ট উদাৰ আছিল যদিও মাৰ নিয়ম-নীতিৰ ক্ষেত্ৰত তেওঁ কোনো বাধা দিয়া নাছিল । মোৰ বন্ধুসকলৰ জাতিক লৈ তেওঁলোক দুয়োৰে কোনো সমস্যা নাছিল । দুয়ো পুৱা সোনকালে শুই উঠিছিল, গা ধুইছিল আৰু পুজা নকৰাকৈ অন্ন গ্ৰহণ নকৰিছিল । সকলো ধৰ্মীয় উৎসৱতে তেওঁলোকে উপবাস ৰাখিছিল । তেওঁলোক ধাৰ্মিক আছিল কিন্তু ধৰ্মান্ধ নাছিল । সময়ৰ লগে লগে তেওঁলোক সলনি হৈছিল । মোৰ উদাৰ মনোভাৱৰ বেছিভাগেই মই তেওঁলোকৰপৰা পোৱা । মই কেতিয়াবা ভাবোঁ যদিহে তেওঁলোকে সামাজিক নীতি-নিয়ম সমূহ অতি কঠোৰভাৱে মানি চলিলেহেতেন তেনেহলে ই মোৰ বাবে অতি ভয়ানক কথা হ'লহেতেন । 

যোৱা মাহত যেতিয়া এজন দলিতক কেইজনমান গো-ৰক্ষকে মাৰধৰ কৰাৰ দৃশ্য মই দেখিলো তেতিয়া মই মানসিকভাৱে অস্থিৰ হৈ পৰিলো । মোৰ শৈশৱৰ কথা মনত পৰিল । মই নিশ্চিত যে গো-ৰক্ষকৰ অপৰাধখিনি তেওঁলোকৰ মনত সোমাই থকা আসামাজিক মনোভাৱ আৰু জাতিভেদৰে প্ৰতিফলন । মই নাভাবো যে এয়া তেওঁলোকৰ গো-ৰক্ষাৰ অত্যুৎসাহ । তেনেকুৱা হোৱা হলে তেওঁলোকে পথত মৰিবলৈ ওলোৱা গৰুবোৰৰ সুৰক্ষাৰ বাবেও ব্যৱস্থা ল'লেহেতেন । এই গৰুবোৰৰ সুৰক্ষাৰ কাৰণে চৰকাৰক অনুৰোধ জনালেহেতেন । তেওঁলোকে যদি মোডী চৰকাৰক দেশজুৰি গো-হত্যা নিষিদ্ধ কৰাৰ আহ্বান জনাব পাৰে তেতিয়া হয়তো এই কথাইও তেওঁলোকক হতাশ কৰিলে হেতেন যে মোডী চৰকাৰৰ দিনতে ভাৰত গো-মাংস ৰপ্তানিৰ ক্ষেত্ৰত বিশ্বৰ এক নম্বৰ দেশত পৰিণত হৈছে । এই কথাক লৈ কিন্তু গো-ৰক্ষক সকলৰ মাজত কোনো উচ্চ-বাচ্য নাই । 

image


আমি স্বীকাৰ কৰি লোৱা ভাল যে অস্পৃশ্যতা হিন্দু সমাজৰ এটা সত্য যিটো হাজাৰ বছৰ ধৰি বৰ্তি আছে । এই নিয়ম আমানৱীয় কিন্তু এই নিয়মক দুয়োটা পক্ষই ধৰ্মৰ নামত মানি লৈছিল । কৰ্মফলৰ বলতে তেওঁলোকে এই জীৱন লাভ কৰা বুলি তেওঁলোকে বিশ্বাস কৰিছিল আৰু ভাল কৰ্মৰ ফলত তেওঁলোকে পৰৱৰ্তী জন্মত ব্ৰাহ্মণ হ'ব পাৰিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল । কিন্তু এই জন্মত তেওঁলোকে এনেকৈয়ে জীয়াই থাকিব লাগিব বুলি তেওঁলোকে ভাবিছিল । 

সংবিধানে অস্পৃশ্যতা নিৰ্মূল কৰিলে আৰু দলিত সকলক আইনী অধিকাৰ দিলে যদিও সামজিকভাৱে এই সমস্যা আজিও জীয়াই আছে । হাজাৰ বছৰৰ পৰম্পৰা এদিনতে সলনি নহয় কিন্তু দলিত সকল আজি জাগিছে । তেওঁলোকে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে । সেয়েহে তেওঁলোকক তেওঁলোকৰ স্থান সোঁৱৰাই দিবৰ বাবে একাংশই এনে ধৰণৰ ঘটনা ঘটাই আহিছে । 

মোৰ মা-দেউতা এটা হাজাৰ বছৰীয়া পৰম্পৰাৰ চিকাৰ আছিল । কিন্তু বাস্তৱৰ মূখামূখী হৈ তেওঁলোকে এই পৰম্পৰা বাদ দিছিল । তেওঁলোকে আধুনিকতাৰ বিৰুদ্ধে যুঁজ কৰা নাছিল । বৰঞ্চ তাক গ্ৰহণ কৰিছিল । কিন্তু দলিতক মাৰধৰ কৰাসকল সেই পৰম্পৰাৰ প্ৰতিনিধি । মানুহক মানুহ বুলি নভবা তেওঁলোক আধুনিকতাৰ শত্ৰু । তেওঁলোকৰ বিৰুদ্ধে যুঁজ কৰাটো দৰকাৰ আৰু তেওঁলোকক পৰাজিত কৰাটো দৰকাৰ । সুখৰ কথা এইটোৱেই যে দলিত সকল অধিক আত্মবিশ্বাসী আৰু তেওঁলোকে নিজৰ যুদ্ধ নিজে চলাই নিব জানে । 

( আশুতোষ আইবিএ চেভেনৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ । প্ৰকাশিত মন্তব্য লেখকৰ নিজৰ )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

বিশ্বজোৰা এটা চাহৰ ব্ৰেণ্ড স্থাপন কৰাৰ লক্ষ্যৰে নমঃ টি

এখন সৰু গাৱঁৰপৰা বিজ্ঞান জনপ্ৰিয়কৰণৰ অভিযান চলাইছে যুৱ উদ্ভাৱক ধ্ৰুৱজ্যোতিয়ে

ডিজাইনাৰ টি-চাৰ্টেৰে অসমত লক্ষ্মীনাথৰ ‘লটিঘটি’

  • +0
Share on
close
  • +0
Share on
close
Share on
close
Report an issue
Authors

Related Tags

Sign up for our Daily Newsletter

Our Partner Events

Hustle across India