একক প্ৰচেষ্টাৰে গঢ় লৈ উঠা এটা যাদুঘৰ: উত্তৰণ
যাদুঘৰ আপুনি বহুত দেখিছে । কিন্তু সম্পূৰ্ণ একক প্ৰচেষ্টাৰে সজোৱা, সকলো বস্তু উপলব্ধ যাদুঘৰৰ কথা শুনিছেনে ? যদি জনা নাই , এবাৰ যাওক, স্বচক্ষুৰে প্ৰত্যক্ষ কৰক, জয়সাগৰৰ “উত্তৰণ” যাদুঘৰ ।
উত্তৰণ যাদুঘৰটো সজোৱা ব্যক্তিজন
বিশ্ব, প্ৰকৃতি আৰু মানৱ সমাজৰ মাজত নিজকে বিলীন কৰি সমাজৰ বাবে অমূল্য অৱদান আগঢ়োৱা উত্তৰণ যাদুঘৰটোৰ প্ৰতিষ্ঠাতা হ'ল দুৰ্লভ বৰুৱা। এসময়ৰ বিদ্যুৎ বিভাগৰ অভিযন্তাজনে সৰুৰে পৰা সৃষ্টিশীল কামত নিয়োজিত আছিল । প্ৰথমে ভাস্কৰ্য্য শিল্পক প্ৰাণ দিয়া ব্যক্তিজনে যেতিযা কোনো কামত বিভিন্ন ঠাইলৈ গৈছিল, অপুৰুগীয়া সম্পদেই হওক বা পৌৰাণিক সমল অথবা হেৰাই যোৱাৰ উপক্ৰম হোৱা সম্পদ সমূহ এপদ এপদকৈ সংগ্ৰহ কৰি ৰাখিছিল আৰু সম্পদ সংগ্ৰহৰ এই হবিটোৱে যেতিয়া ঘৰ ভৰি পৰিছিল তেতিয়া উত্তৰণ যাদুঘৰৰ জন্ম হৈছিল ।
উত্তৰণ যাদুঘৰটোত কি কি আছে ?
এই বিশেষ যাদুঘৰটোত কি কি আছে, এষাৰতে কৈ শেষ কৰিব নোৱাৰি । কাৰণ বৰ্ত্তমানে প্ৰায় ৮০০০ সম্পদ সংৰক্ষণ হৈ আছে এইবোৰৰ ভিতৰত বিভিন্ন পৌৰাণিক সমল, অসমৰ বিভিন্ন জাতি জনজাতিৰ বিভিন্ন প্ৰকাৰৰ নিত্য ব্যৱহাৰ্য্য সামগ্ৰী যেনে মাছ ধৰা সঁজুলি, তাঁতশালৰ সমগ্ৰ সঁজুলি, যুদ্ধত ব্যবহৃত অস্ত্ৰ সামগ্ৰী, হাতনি পেৰা, পেতাৰী(কাপোৰ থোৱা কাঠেৰৰে ৰ্নিমিত পুৰণি বাকচ), ৰজাৰ দিনৰ যুদ্ধৰ অস্ত্ৰ, অসমৰ বিভিন্ন থলুৱা সামগ্ৰী, আহোম যুগৰ ৩৫০ টা পুখুৰীৰ পানী, ৪০০ বিধ গছৰ গুটি, ১২৬ টা প্ৰজাতিৰ ধান, দোলা, কৰাল, বিভিন্ন প্ৰকাৰৰ মাটি, বিভিন্ন চৰাইৰ কণী, চুকলিভাৰ কৃষিকাৰ্য্যৰ বিভিন্ন আহিলা, বিহুৰ বিভিন্ন বাদ্যযন্ত্ৰ, বিভিন্ন প্ৰকাৰৰ শামুক, চিত্ৰশিল্প আদিবোৰ উত্তৰণ যাদুঘৰ থকা কেইবিধমান বস্তুৰ মাথো উদাহৰণ ।
'মানৱ সভ্যতা যাতে আগুৱাই যোৱাৰ উত্তৰণ যাদুঘৰৰ সংগ্ৰহীত সমলে সহায়ক হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই যাদুঘৰক জন্ম দিলো । মোৰ চিন্তা আৰু শ্ৰমৰ যোগেদি যিমান পাৰো চেষ্টা অব্যাহত ৰাখিছো । ২০০৮ চনৰ ১৯ জানুৱাৰীৰ পৰা দৰ্শকৰ অৰ্থে মুকলি কৰা এই যাদুঘৰটোত প্ৰত্যেক দিনে ন ন বস্তু সংগ্ৰহ কৰি ৰাখো । ৰ্বত্তমানেও যাদুঘৰটোৰ লগতে একেলগে আৰ্ট গেলাৰী আৰু পুথিভঁৰালৰ নিৰ্মাণ কাৰ্য্য চলি আছে । মই নিজেই নিৰ্মাণ কাৰ্য্যত হাতে কামে লাগিছো ।' উত্তৰণ যাদুঘৰৰ সৰ্ন্দভত ৰ্দুলভ বৰুৱাৰ ভাষ্য।
সমগ্ৰ অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন পৰ্যটকে বিশিষকৈ বিভিন্ন ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত যাদুঘৰ পৰিদৰ্শন কৰিবলৈ আহে । কানাডা, আমেৰিকা, ফ্ৰান্স, ৰ্জামানি, নেদাৰলেন্দছ, আৰ্জেণ্টিনা, ডেনৰ্মাক, জাপান, চীন, নেপাল, মেক্সিক, যুক্তৰাজ্য, প'লেন্দ, দক্ষিণ কোৰিয়া, বেলজিয়াম, থাইলেণ্ড, ইটালি, আষ্টিয়া, ৰাছিয়া আদি দেশৰ অসংখ্য বিদেশী পৰ্যটক বিভিন্ন ঠাইৰ পৰা যাদুঘৰ চাবলৈ আহিছে । ।
বৰ্ণিল ব্যক্তিত্বৰ অধিকাৰী দুলৰ্ভ বৰুৱাই যাদুঘৰৰটোৰ লাইখুটা স্থাপন কৰা সময়ত মাটি এচপৰাও সংগ্ৰহ কৰি ৰাখিছে ।
ৰ্দুলভ বৰুৱা মতে জীৱন জোখা হয় তিনিটা C ৰ মাজেৰে । সেই তিনিটা C হৈছে Calendar, Creation আৰু Culture। উত্তৰণ নামৰ অৰ্থৰ লগত অতীত, ৰ্বত্তমান আৰু ভবিষ্যত সন্নিবিষ্ট হৈ আছে । এতিয়াও উত্তৰণ ঘাদুঘৰটোক মনৰ জোখৰে সজাবলৈ বহুত বাকী । পৰৰ্বত্তী সময়ত যাদুঘৰটোত সংগৃহীত হৈ থকা সমুহ সমল সন্ধৰ্ভত এখন কিতাপ প্ৰকাশ কৰাৰ পৰিকল্পনা আছে বৰুৱাৰ।
উত্তৰণ যাদুঘৰটো আজিৰ অৱস্থা কেনেকৈ পালে
'যাদুঘৰটোৰ সম্পূৰ্ণ চিন্তা মোৰ যদিও পৰিযালৰ ৬জন সদস্যৰ বহুখিনি বৰঙণি আছে । প্ৰথমে যাদুঘৰটো ৰ্নিমাণৰ বাবে বিভিন্ন ঠাইলৈ গৈ অৰ্থ সংগ্ৰহ কৰিছিলো । যিয়েই যিমান পাৰে অৰ্থ বৰঙণি হিচাপে আগবঢাইছিল । আনকি পাণ দোকানীয়েও । লগতে আছিল মোৰ নিজৰ টকা । অৱশেষত উত্তৰণ যাদুঘৰটো ৰ্নিমাণ কৰিবলৈ সক্ষম হৈছিলো ।' এইদৰে মন্তব্য কৰিলে দুলৰ্ভ বৰুৱাই । যাদুঘৰত থকা প্ৰায়বোৰ সমল জনসজগতাৰ অৰ্থে ইতিপূৰ্বে প্ৰায় ৩২ খন মান ঠাইত প্ৰৰ্দশিত কৰা হৈছিল । ইয়াৰে প্ৰথম প্ৰৰ্দশনী বুলি কলে ১৯৮৬ চনত শিৱসাগৰ ব’ৰ্ডিঙ খেল পথাৰৰ প্ৰৰ্দশনী কথা মনলৈ আহে । ৰ্বত্তমানেও বিভিন্ন উৎসৱ মেলাত এই যাদুঘৰৰ সমল সমূহ প্ৰৰ্দশিত হয় । উত্তৰণ ঘাদুঘৰটো দৰ্শনাৰ্থে অহা প্ৰায়বোৰ মানুহে স্বইচ্ছাৰে বৰঙণি আগবঢ়োৱাৰ লগতে নিজৰ যদি ঐতিহাসিক অপুৰুগীয়া সম্পদ বা সমল আছে, সেই সমল বা সম্পদ সমূহ উত্তৰণ যাদুঘৰক দিয়ে ।
'মোৰ লৰা দুজনেও যথেষ্ট সহায় সহযোগিতা আগবঢাই আহিছে । সেয়েহে আজি আমি পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই । এই যাদুঘৰটো সামাজিক অনুষ্ঠানত পৰিণত হৈছে । যাদুঘৰটো পৰিচালনাৰ বাবে এখন কমিটিও আছে । মুঠতে ক’ব গ’লে ই এটা চৰকাৰী অনুষ্ঠানৰ তুলনাত কোনো গুণে কম নহয় । প্ৰাৰম্ভিক অৱস্থাত চৰকাৰৰ ফালৰ পৰা অলপ সাহাৰ্য্ লাভ কৰিছিলো ।'
শেহতীয়াকৈ উত্তৰণৰ আৰ্হিত অসমৰ অন্যান্য ঠাইতো গঢ়ি উঠিছে যাদুঘৰ । ইয়াকে লৈ গৌৰৱান্বিত ৰ্দুলভ বৰুৱা । 'আটাইতকৈ সুখৰ কথা যে ডিব্ৰুগড়তো আমাৰ উত্তৰণ যাদুঘৰ আৰ্হিত এক যাদুঘৰৰ শুভাৰম্ভ কৰা প্ৰস্ততি তুংগত উঠিছে। ' বৰুৱাৰ মন্তব্য ।
সামজিক সুচিন্তাৰে উদ্ভাষিত ৰ্দুলভ বৰুৱা আৰু উত্তৰণ যাদুঘৰে হাজাৰ জনক ন পথৰ সন্ধান দিয়ক । নৱপ্ৰজন্মৰ মাজত নৱ চিন্তাৰ উন্মেষ ঘটক – য়’ৰ ষ্ট'ৰীৰ ফালৰ পৰা যাচিলো অশেষ শুভকামনা ।
এনেকুৱা কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
অন্যান্য কাহিনী
এক লাখ টকাৰ পৰা ১০০ কোটি টকালৈঃঅলপীয়া মূলধনৰ ষ্টাৰ্টআপৰ চমকপ্ৰদ চফৰ
ছিলিকন ভেলীৰ চাকৰি এৰি আহি ভাৰতত ষ্টাৰ্ট-আপ ‘স্পইল’ স্হাপন ভাৰ্গৱ ইৰাঙ্গীৰ