Stellar’s Museum, এটা যাদুঘৰ ঘৰলৈ চপাই অনাৰ এগৰাকী মাতৃৰ অনন্য প্ৰয়াস

মূল- অমৃতা শেখৰ

Stellar’s Museum, এটা যাদুঘৰ ঘৰলৈ চপাই অনাৰ এগৰাকী মাতৃৰ অনন্য প্ৰয়াস

Thursday October 20, 2016,

6 min Read

‘জ্ঞান অৰ্জনৰ সঠিক পথ হৈছে পৰীক্ষা’, এটি শিশুৱে যিমান সোনকালে নিজৰ চৌপাশৰ পৃথিৱীখনৰ সৈতে মত বিনিময় কৰি পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰে সিমান সোনকালে শিশুটিৰ জ্ঞানৰ ভাণ্ডাৰ টনকীয়াল হয়। এই বিশ্বাসেৰে অঞ্জনা মেনন আৰু তেওঁৰ স্বামীয়ে ২০১২ চনৰ নৱেম্বৰত গুৰগাঁৱত ‘Stellar’s Children Museum’ আৰম্ভ কৰে।

image


এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত অভিযন্তা আৰু কাৰিকৰী ব্যৱস্থাপক অঞ্জনাই কৰ্মসূত্ৰে আমেৰিকা যুক্তৰাষ্ট্ৰত বহুবছৰ কটাইছিল। সন্তান জন্ম হৈ অলপ ডাঙৰ হোৱাৰ পিছতে অঞ্জনাই তেওঁলোকক যুক্তৰাষ্ট্ৰৰ বিভিন্ন শিশুৰ যাদুঘৰ আৰু বিজ্ঞানৰ যাদুঘৰলৈ (আমেৰিকা যুক্তৰাষ্ট্ৰত ৩০০ ৰো অধিক এনে যাদুঘৰ আছে) লৈ গৈছিল জগতখনৰ বিভিন্ন বিষয়ে পৰিচয় কৰাবলৈ। ভাৰতলৈ উভটি আহি এনেধৰণৰ সুবিধাৰ অভাৱ প্ৰত্যক্ষ কৰি অঞ্জনা আচৰিত হৈছিল।অঞ্জনাৰ মতে, “অতি দুখৰ কথা ইয়াত অভিভাৱকৰ হাতত সপ্তাহৰ বন্ধৰ দিনকেইটাত নিজৰ সন্তানক চিনেমা দেখুৱাবলৈ নিয়া অথবা ভিডিঅ’ আৰ্কেডলৈ নিয়াৰ বাহিৰে অন্য কোনো বিকল্প নাথাকে।’ এই পুতেৌলগা অৱস্থাৰ বাবে ২০১২ চনত অঞ্জনাই ২বছৰৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ বাবে আন্তঃবিনিময়মূলক এক যাদুঘৰ খোলাৰ পৰিকল্পনা গ্ৰহণ কৰে। ২০১২ চনৰ নৱেম্বৰত এই যাদুঘৰ মুকলি কৰা হয় আৰু বৰ্তমান প্ৰতিমাহে ইয়াৰ দৰ্শনাৰ্থীৰ সংখ্যা কমেও ৬৫০০ গৰাকী। গুৰগাঁৱৰ Ambience মলত অৱস্থিত এই যাদুঘৰে ১১০০০ স্কোৱাৰ ফুটৰ এক এলেকা আগুৰি আছে আৰু ইয়াত আছে সাতটাকৈ গেলাৰী, এক থিয়েটাৰ আৰু এখন কেফে।

image


এগৰাকী উদ্যমী আৰু কৰ্মঠ মাতৃ অঞ্জনাৰ পৰা Your Storyয়ে তেওঁৰ স্বপ্ন আৰু প্ৰকল্পটোক লৈ দৃষ্টিভংগীৰ বিষযে জানিবলৈ চেষ্টা কৰিছিল।

image


YS- শিশুৰ যাদুঘৰ, এক সম্পূৰ্ণ নতুন আৰু সৃজনীমূলক এই প্ৰকল্পৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল?

অঞ্জনা-মোৰ সন্তান সৰু হৈ থাকোতে মই সিঁহতক প্ৰায়ে তাত থকা যাদুঘৰসমূহলৈ লৈ গৈছিলো। সিঁহতৰ বাবে এই ভ্ৰমণ আছিল অতি মনোৰঞ্জক আৰু তেতিয়াই মই অনুভৱ কৰিছিলো যে শিশুয়ে আনকি সৰু সৰু ব্লকেৰে ঘৰ আদি নিৰ্মাণ কৰিও বহুধৰণৰ কথা শিকিব পাৰে। এনেদৰে সময়ৰ সৈতে কণমানিহতে খেল-ধেমালিৰ মাজত ৰং, আকাৰৰ দৰে সৰল ধাৰণাসমূহ আয়ত্ত কৰে আনহাতে কিছু ডাঙৰ বয়সৰ শিশুৱে কেতবোৰ জটিল ধাৰণা যেনে মাধ্যাকৰ্ষণ, চুম্বকত্ব আদিৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হয়। খেল-ধেমালি যিহেতু মনোৰঞ্জক আৰু ইয়াত সামূহিকতাৰ ভাৱ নিহিত হৈ থাকে সেয়েহে ইয়াৰ প্ৰতি যিকোনো এটি শিশু সহজেই আকৰ্ষিত হয়। কিন্তু মই ভাৰতলৈ উভটি আহি আচৰিত হৈছিলো যে ইয়াত শিশুৰ বাবে তেনেধৰণৰ আন্তঃবিনিময়মূলক যাদুঘৰৰ ব্যাপক অভাৱ। সেইবাবে মই তেনেধৰণৰ এটা যাদুঘৰ আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰোঁ। এই স্থান হ’ব এনেধৰণৰ য’ত শিশুৱে আহি ইযাৰ সামগ্ৰীৰ সৈতে খেলা-ধূলা কৰি নিজৰ চৌপাশৰ পৃথিৱীখনৰ বিষয়ে জানিব পাৰিব।

YS-যাদুঘৰটোৰ বিষয়বস্তু কি আৰু শিশুক ইয়াৰ মাধ্যমত কেনেদৰে শিক্ষা প্ৰদান কৰা হয়?

অঞ্জনা-যাদুঘৰটোত সাতটা গেলাৰী আছে এইসমূহক বিজ্ঞান, ভূগোল, কলা আৰু শিল্প, দুঃসাহসিক অভিযান, সম্প্ৰদায়ৰ জীৱন আদিত ভাগ কৰা হৈছে। ইয়াত শিশুৱে আহি খেলাৰ মাধ্যমত জ্ঞান আহৰণ কৰিব পাৰে। যাদুঘৰটোত দুজন শিক্ষক আৰু প্ৰতিটো গেলাৰীত এজনকৈ নিৰ্দেশক আছে আৰু এওঁলোকে শিশুসকল যিকোনো বিষয়ক লৈ দোমোজাত পৰিলে সহজে বুজাই দিয়ে।কিছুমান অতি সহজ ধাৰণা যেনে ‘সম্প্ৰদায়ৰ জীৱন’ আদিৰ দ্বাৰা শিশুসকলে খেলৰ মাজেদিয়েই যুক্তিৰ ব্যৱহাৰ আৰু সমস্যা সমাধানৰ দক্ষতা আহৰণ কৰে। বিচাৰি উলিওৱা, গণনা আৰু অনুমান কৰা আদি কাৰ্যই শিশুৰ বুদ্ধিদীপ্ততা বৃদ্ধি কৰে।

YS-বিশেষকৈ কোন বয়সৰ শিশুৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি যাদুঘৰটো নিৰ্মাণ কৰা হৈছে? আপুনি কেনেদৰে যাদুঘৰটোৰ ডিজাইন আৰু বিষয়বস্তু নিৰ্ধাৰণ কৰিছিল?

অঞ্জনা-২বছৰৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ বাবে প্ৰধানকৈ এই যাদুঘৰ নিৰ্মাণ কৰা হৈছে তেওঁলোকক ইয়াত সহায় কৰিবলৈ প্ৰশিক্ষিত আৰু অৰ্হতাসম্পন্ন শিক্ষক ৰখাৰ ব্যৱস্থা কৰা হৈছে। কমবয়সীয়া শিশুক উদ্ভাৱনীমূলক পদ্ধতিৰে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত এই শিক্ষকসকল দীৰ্ঘদিনীয়া অভিজ্ঞতাৰে পুষ্ট। যাদুঘৰটোৰ নিৰ্মাণৰ বাবে আমি চিকাগোৰ এনে ডিজাইনাৰ সহায় লৈছো যিয়ে আজি ২৫ বছৰে শিশুৰ বাবে যাদুঘৰ নিৰ্মাণ কৰি আহিছে। ছমাহৰ মুৰত এই ডিজাইন সম্পূৰ্ণ হৈ উঠিছে। ডিজাইনাৰ আৰু শিক্ষকসকলে একেলগে বিভিন্ন গেলাৰীৰ বিষয়বস্তু আৰু আহিলা-পাতিৰ বিষয়ে সিদ্ধান্ত লৈছে। নিজে আহিব বিচৰা শিশুসকলৰ উপৰিও আমি বিভিন্ন বিদ্যালয়ৰ সৈতে যোগাযোগ কৰি ইয়াত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰিদৰ্শনৰ ব্যৱস্থা কৰিছো।

YS-পূঁজি আৰু সম্প্ৰসাৰণৰ বিষয়ে কি ক’ব বিচাৰে?

অঞ্জনা- নয়দাস্থিত এক নিৰ্মাণকাৰী সংস্থা তথা অভিভাৱক কোম্পানী Stellar groupয়ে Stellar’s Children Museumক আংশিকভাৱে পূঁজি প্ৰদান কৰে। বিভিন্ন কৰ্পৰেট স্পনচৰ যেনে ‘ডেটল’ আদিৰ পৰাও আমি অনুদান লাভ কৰোঁ। ইয়াৰ লগতে হাৰপাৰ কলিনছ, ট্ৰেভেলাৰ কিডছ, ফ্ৰেংক টয়ছ আদি কোম্পানীৰ পৰাও আংশিক স্পনছৰ হিচাপে আমি অনুদান পাওঁ। শিশুৰ বাবে প্ৰয়োজনী গ্ৰন্থ আৰু আন আন সামগ্ৰী তেওঁলোকে আমাক প্ৰদান কৰে। লাভৰ বাবে আৰম্ভ কৰা ব্যৱসায় হিচাপে আমি এইপৰ্যন্ত চৰকাৰী অনুদান বিচৰা নাই।

আমি আন ঠাইলৈও সম্প্ৰসাৰিত হ’ব বিচাৰোঁ। বৰ্তমান আমি দিল্লীত আন এক এনেধৰনৰ যাদুঘৰ স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰিছো। ফ্ৰেনচাইজিৰ জৰিয়তে ভাৰতৰ আন আন চহৰসমূহতো আমি এই আৰ্হি নিব বিচাৰোঁ। অৱশ্যে এইক্ষেত্ৰত আমি কেতবোৰ নিৰ্বাচিত চহৰকহে প্ৰাধান্য দিছো। এই ব্যৱসায় গ্ৰহণ কৰিব বিচৰা ব্যক্তিৰ আমাৰ দৰে একে মানসিকতা থকাটো কাম্য। যাদুঘৰটো মুকলি কৰাৰ অতি কম সময়হে পাৰ হোৱাৰ বাবে এতিয়াই সম্প্ৰসাৰণৰ দিশটো কিছু চালুকীয়া অৱস্থাত আছে।

YS-সময় আৰু ফীজৰ প্ৰকৃতি ইয়াত কেনেকুৱা?

অঞ্জনা-সপ্তাহৰ আটাইকেইটা দিনতে এই যাদুঘৰ পুৱা ১০বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকে। আমাৰ সদস্যভৰ্তিৰ ব্যৱস্থা আছে য’ত সদস্যসকলে কিছু ৰেহাই লাভ কৰিব পাৰে। আমাৰ বৰ্তমান সদস্যৰ সংখ্যা ১৪০ জন। আমি স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে বিশেষ দৰ্শনীৰ ব্যৱস্থাও কৰিছো আৰু ইয়াৰ সময় হৈছে দুঘণ্টা।

সাধাৰণভাৱে যাদুঘৰটোত প্ৰৱেশ কৰিবলৈ প্ৰতি ৩০ মিনিটত ২০০ টকা নিৰিখ আৰু যাদুঘৰটোত থকা সময়ৰ ওপৰত নিৰ্ভৰ কৰি মুঠ দাম গ্ৰহণ কৰা হয়। বিশেষ বুধবাৰসমূহৰ লগতে জন্মদিন আৰু বিশেষ উপলক্ষ্যত ফীজৰ ক্ষেত্ৰত ৰেহাই দিয়াৰ ব্যৱস্থা আছে।

YS-কিহে আপোনাক অনুপ্ৰাণিত কৰিছে আৰু পৰিয়াল আৰু কামৰ মাজত ভাৰসাম্য কেনেদৰে ৰক্ষা কৰিছে?

অঞ্জনা-মোৰ আগ্ৰহেই হৈছে মোৰ অনুপ্ৰেৰণা। এগৰাকী অভিভাৱিকা হিচাপে মই এনেধৰণৰ এক যাদুঘৰৰ অভাৱ ইয়াত অনুভৱ কৰিছিলো। প্ৰযুক্তিৰ ধামখুমীয়াৰ পৰা আমি ইচ্ছাকৃতভাৱে এই যাদুঘৰক পৃথক কৰি ৰাখিছো।প্ৰতিটো বিষয়ে পৰীক্ষামূলক শিক্ষণৰ ওপৰত নিৰ্ভৰশীল আৰু সেইবাবে ইয়াত পুৰণিকলীয়া পদ্ধতিক অগ্ৰাধিকাৰ দিয়া হৈছে। মই কেৱল ব্যৱসায়ৰ লক্ষ্যৰে এই যাদুঘৰটো মুকলি কৰা নাই।ইয়াক আৰু ডাঙৰ কৰি তোলাটো মোৰ স্বপ্ন। এনেধৰণৰ আৰু অধিক যাদুঘৰ মুকলি হোৱাটো মোৰ সপোন যাতে ইয়াত শিশুৱে খেল-ধেমালিৰ মাধ্যমত নিজৰ পৃথিৱীখনৰ বিষয়ে জ্ঞান আহৰণ কৰিব পাৰে।

মই দৈনিক নয়দাৰ পৰা গুৰগাঁৱলৈ যাওঁ। মই বিশ্বাস কৰো যে যদিহে কোনো ব্যক্তিয়ে নিজে কৰা কামটো ভালপায় তেনেহ’লে সকলো বাধা অতিক্ৰম কৰাটো সহজ হৈ পৰে। মোৰ স্বামীৰ পৰিয়ালৰ পৰা মই যথেষ্ট সঁহাৰি লাভ কৰিছো আৰু মোৰ স্বামী অক্ষয়ে যাদুঘৰটোৰ সকলো বিত্তীয় দিশ পৰিচালনা কৰে।

YS-আন মহিলা বিশেষকৈ উদ্যোগশীলতাৰ বাট গ্ৰহণ কৰিব খোজাসকলক কি উপদেশ দিব?

অঞ্জনা-মই জীৱনত প্ৰত্যাহ্বান গ্ৰহণ কৰি ভালপাওঁ আৰু সৌভাগ্যক্ৰমে মোৰ স্বামী অক্ষয়ো মোৰ দৰেই।যদিহে কোনো দিশত আপোনাৰ আত্মবিশ্বাস দৃঢ় আৰু আপুনি আৰম্ভ কৰিব বিচাৰে মোৰ মতে আপুনি সেই কামত জঁপিয়াই পৰা উচিত। পৰৱৰ্তী সকলো দিশ নিজে আগবাঢ়িব।এক বৃহৎ পৰিসৰত যিকোনো কাম আৰম্ভ কৰাটো আপোনাৰ স্বপ্ন হ’ব নালাগে বৰং এই কাম আপোনাৰ প্ৰিয় হোৱাটোহে বাঞ্ছনীয়।ব্যৱসায়ৰ আকাৰ ডাঙৰ কথা নহয়।এয়া হৈছে এটি শিশুৰ দৰে, যিমানেই ভালকৈ আপুনি ইয়াক লালন-পালন কৰিব সিমান ভালদৰে ইয়াৰ বৃদ্ধি হ’ব। ভাৰতত নতুন কাম আৰম্ভ কৰাৰ বহুতো অৱকাশ আছে।মানুহে আজিকালি নতুন ধাৰণা আগ্ৰহেৰে আদৰি লয়।যদি আপোনাৰ কোনো ভাল ধাৰণা আছে তেনেহ’লে আপুনি নিশ্চিত হৈ থাকক মানুহে ইয়াক গ্ৰহণ কৰিবই।প্ৰথম আৰম্ভ কৰাটোহে কঠিন পৰৱৰ্তী সময়ত আপোনাৰ সাফল্যৰ কোনো সীমা নাথাকে।