‘স্ত্ৰীশক্তি’: হিমালয়ৰ পাদদেশত নাৰী সবলীকৰণ

মূল- অৰ্চনা সুধীন্দ্ৰনাথ

‘স্ত্ৰীশক্তি’: হিমালয়ৰ পাদদেশত নাৰী সবলীকৰণ

Thursday October 20, 2016,

3 min Read

এটা কথা প্ৰচলিত আছে যে পৰিৱৰ্তন ঘৰৰ পৰাই আৰম্ভ হয়। চিন্নি স্বামীৰ ক্ষেত্ৰত সঁচাকৈয়ে সেয়াই হৈছিল, যেতিয়া উত্তৰাঞ্চলৰ নিজ গাঁও পুৰকালত এগৰাকী মহিলাৰে তেওঁ আৰম্ভ কৰিছিল ‘স্ত্ৰী শক্তি’।

চিন্নি স্বামী

চিন্নি স্বামী


সেয়া ২০০১ চনৰ কথা, যেতিয়া চিন্নি আৰু তেওঁৰ পতি স্বামীয়ে ‘হিমালয়ৰ পাদদেশৰ কোনো এখন ঠাইলৈ স্থানান্তৰিত হোৱাৰ কথা ভাবিছিল। তেনেকুৱা এখন ঠাইৰ কথা ক’লে সকলোৱে মনোমোহা নগৰ ডেৰাডুন বা ছবিৰ দৰে মনোৰম পাহাৰীয়া নগৰ মুছৌৰীৰ কথাই মনলৈ আনিব। কিন্তু স্বামী পৰিয়ালে বাচি লৈছিল এখন ক্ষুদ্ৰ গাঁও, পুৰকাল, ডেৰাডুন আৰু মুছৌৰীৰ মাজৰ কোনোবাখিনিত যাৰ অৱস্থিতি।

সেইখন গাঁৱত বসবাস কৰিবলৈ লৈয়ে কাষৰীয়া গাঁওবোৰৰ ল’ৰা-ছোৱালীৰ বাবে স্বামীয়ে আৰম্ভ কৰিলে এখন বিদ্যালয় আৰু চিন্নিয়ে সেই গাঁওবোৰৰ মহিলাবোৰক লেপ-তুলি নিৰ্মাণৰ হস্তশিল্পৰ সৈতে পৰিচয় কৰাই দিয়াৰ কথা ভাবিলে। লাহে লাহে কেইটামান বছৰৰ মূৰকত চিন্নিয়ে সেই লেপ-তুলিবোৰক নিজৰ উদ্যোগিক প্ৰচেষ্টা ‘স্ত্ৰী শক্তি’ৰ মাধ্যমেৰে বিশ্বৰ সন্মুখত তুলি ধৰিলে।

চিন্নি স্বামীৰ সৈতে আমাৰ এই কথোপকথন তেওঁৰ এই অসামান্য যাত্ৰাৰ বিষয়ে।

image


মাত্ৰ এগৰাকী মহিলাৰে আৰম্ভণি

সেই বিনম্ৰ আৰম্ভণিৰ বিষয়ে চিন্নিয়ে কৈছিল, ‘‘মই আমাৰ গাঁৱৰ এগৰাকী দুখীয়া মহিলাক সহায় কৰিব বিচাৰিছিলো। জোৰা-তাপলি মৰা চিলাই শিল্পৰ ক্ষেত্ৰত মই নিজে বৰ আগ্ৰহী আছিলো আৰু আমি দুইজনীয়ে মিলি দুখন লেপ বনালো। যেতিয়া সকলোৱে সেই দুখন ভাল হোৱা বুলি ক’লে তেতিয়া মই ভাবিলো যে গ্ৰাম্য মহিলাসকলৰ বাবে ইয়াক দেখোন এক প্ৰকল্পলৈ ৰূপান্তৰিত কৰিব পাৰি।’’

স্ত্ৰীশক্তি এতিয়া এক লাভবিহীন সংস্থাৰূপে পঞ্জীয়ন কৰা এনে এক উদ্যোগ যি লেপ-তুলি, কুছন কভাৰ, বেগ, ষ্ট'ল আৰু অন্যান্য সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে মহিলাসকলৰ উদ্যমিতাৰ বিকাশ সাধন কৰে। ‘আমাৰ বিশেষত্ব হ’ল সুন্দৰ চিলাই শিল্প আৰু বিশেষভাৱে নিৰ্মিত লেপ’, গৌৰৱেৰে ক’লে চিন্নিয়ে।

যাৰ আৰম্ভণি হৈছিল মাত্ৰ এগৰাকী মহিলাৰে এতিয়া সেই উদ্যোগটো আজি ১৩০ গৰাকী মহিলাৰে গঠিত এটা দললৈ বিকশিত হ’ল। ইয়াত আছে সামগ্ৰীসমূহ প্ৰস্তুত কৰাসকল, ডিজাইনাৰ, হিচাপৰক্ষক, ক্ৰয়-বিক্ৰয় প্ৰবন্ধক, ষ্ট’ৰ মেনেজাৰ, কাৰ্যালয় সহায়ক, অধীক্ষক, মান নিয়ন্ত্ৰক আৰু প্ৰশিক্ষক।

তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ পুৰকালত থকা মহিলা কেন্দ্ৰস্থিত বিপণীত খুচুৰা বিক্ৰীৰ বাবে উপলব্ধ। দেশজুৰি অনলাইন ষ্টৰ আৰু প্ৰদৰ্শনী মেলা আদিত পোৱা যায় স্ত্ৰীশক্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ। আমেৰিকা আৰু ইংলেণ্ডতো তেওঁলোকৰ খুচুৰা বিক্ৰীৰ সহযোগী প্ৰতিষ্ঠান আছে।

উদ্যমিতা আৰু প্ৰত্যাহ্বান হাতে হাত ধৰি আহে

লাহে লাহে বিক্ৰী বাঢ়ি অহাৰ লগে লগে উৎপাদন আৰু ঋতুকালীন বজাৰৰ চাহিদা পূৰণৰ ক্ষেত্ৰত প্ৰকল্পটো প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। ‘‘আমি বছৰৰ এছোৱা সময় উৎপাদিত সামগ্ৰীসমূহ মজুত কৰি ৰাখিব লাগে আৰু বহু সময়ত ৪ মাহলৈ মজুত সামগ্ৰীবোৰ গুদামতে থাকি যায়। ফলত আমাৰ কাৰ্যকৰী মূলধন আবদ্ধ হৈ পৰো’’ - চিন্নিয়ে ক’লে।

আন এক প্ৰত্যাহ্বান হ’ল ধনৰ নাটনি। চিন্নিৰ মতে ব্যৱসায় বৃদ্ধিৰ পৰিৱৰ্তে কল্যাণকামী আঁচনিত তেওঁলোকে অধিক ব্যয় কৰে। ‘‘কল্যাণমূলক আঁচনি এই প্ৰকল্পটোৰ এক গুৰুত্বপূৰ্ণ অংশ। বহু মহিলাৰে কেঁচুৱা আছে যিবিলাক শিশু স্কুল যাব পৰা হোৱাগৈ নাই। আমি তেনে শিশুবোৰৰ চোৱা-চিতাৰ ব্যৱস্থা কৰো যাতে তেনে মহিলাবিলাকে শান্তিৰে কামত মনোনিৱেশ কৰিব পাৰে।"- চিন্নিয়ে ক’লে। তদুপৰি ‘স্ত্ৰী শক্তি’য়ে নিয়মিতভাৱে মহিলাসকলৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰে আৰু চিকিৎসাত সহযোগ আগবঢ়ায়। তেওঁলোকে গাঁৱৰ পৰা কৰ্মস্থলীলৈ মহিলাসকলৰ অহা-যোৱাৰ বাবে পৰিবহণৰ সুবিধাও দিয়ে।

image


কিছুমান যাত্ৰা সঁচাকৈয়ে বহুমূলীয়া

বৰ্তমান পুৰকালৰ ওচৰে-পাজৰে থকা ১৫ খন গাঁৱৰ মহিলাক ‘স্ত্ৰী শক্তি’য়ে নিয়োগ কৰে। তাৰ প্ৰভাৱৰ বিষয়ে চিন্নিয়ে ক’লে, ‘‘প্ৰতিমাহে যিহেতু মহিলাসকলে উপাৰ্জিত ধন ঘৰলৈ লৈ যায় সেয়ে তেওঁলোকে পৰিয়ালত অধিক সন্মান পায়। যিটোৱে তেওঁলোকৰ আত্মবিশ্বাসৰ মাত্ৰাৰ ইতিবাচকভাৱে বৃদ্ধি কৰিছে।’’ মহিলাৰ আৰ্থিক স্থিৰতা আৰু সমাজত মৰ্যাদা বৃদ্ধিৰ বাবে চিন্নিয়ে এই লৈ সন্তুষ্ট যে তেওঁ এনে এক স্ত্ৰী সম্প্ৰদায় গঢ়ি তুলিব পাৰিছে য’ত মহিলাসকলে নৈতিক সাহস লাভ কৰিছে আৰু পৰস্পৰে পৰস্পৰৰ প্ৰতি আত্মীয়তা অনুভৱ কৰিব পাৰিছে।

প্ৰথমবাৰ পুৰকাললৈ যাত্ৰা কৰোতে সেয়া হয়তো আটাইতকৈ দীঘলীয়া যাত্ৰা যেন লাগিব। পিছে গাঁওবোৰৰ মহিলাসকলৰ ওপৰত পৰা প্ৰভাৱ , শিক্ষাকেন্দ্ৰৰ আনন্দমুখৰ শিশুবোৰ আৰু তেওঁলোকৰ বাৰেবৰণীয়া সামগ্ৰীবোৰ দেখিলে ভাৱ হ'ব যে কিছুমান যাত্ৰা সঁচাকৈয়ে বহুমূলীয়া।