কেৰিয়াৰৰ উত্থান-পতন নিৰ্ভৰ কৰে এজন ব্যক্তিৰ আনৰ সৈতে কাম কৰাৰ দক্ষতাৰ ওপৰতঃ দৰ্শনা পাই

মূল- বৰ্ষা আডুছুমিল্লি

কেৰিয়াৰৰ উত্থান-পতন নিৰ্ভৰ কৰে এজন ব্যক্তিৰ আনৰ সৈতে কাম কৰাৰ দক্ষতাৰ ওপৰতঃ দৰ্শনা পাই

Thursday October 20, 2016,

5 min Read

তথ্য-প্ৰযুক্তিৰ সেৱা আগবঢ়োৱা এক জনাজাত প্ৰতিষ্ঠান ভাৰ্চুচাৰ হায়দৰাবাদস্থিত ডেলিভাৰী গোটৰ নেতৃত্ব লোৱাৰ লগতে কোম্পানীটোৰ ভাইচ-প্ৰেচিডেন্ট পদবীত থকা এগৰাকী মহিলা হৈছে দৰ্শনা পাই। কোম্পানীৰ গুৰু দায়িত্ব বহন কৰি থকা এই মহিলাগৰাকীৰ নেতৃত্বত থকা দলটোৱে আমেৰিকা যুক্তৰাষ্ট্ৰ, গ্ৰেট বৃটেইন, ইউৰ’পীয়ান ইউনিয়ন, মধ্য এছিয়া তথা এছিয়াৰ গ্ৰাহকসকলৰ বাবে তথ্য-প্ৰযুক্তিৰ সমাধানসূত্ৰ আগবঢ়াই আহিছে।

image


বিগত ২০ বছৰত দৰ্শনা পাইয়ে উইপ্ৰো, কেপজেমিনী আৰু পাটনী কম্পিউটাৰছৰ দৰে তথ্য-প্ৰযুক্তিৰ বিখ্যাত কোম্পানীত কাম কৰা অভিজ্ঞতা অৰ্জন কৰিছে। ইউৰ’প, আমেৰিকা, অষ্ট্ৰেলিয়া, ছিংগাপ’ৰ আৰু জাপানৰ গ্ৰাহকসকলৰ বাবে দৰ্শনা পাইৰ নেতৃত্বত থকা গোট সমূহে ৰিটেইল-চিপিজি, অৰ্থনৈতিক, শক্তি ক্ষেত্ৰ, ভ্ৰমণ আৰু বিনোদনৰ, সৰবৰাহ খন্ডৰ লগতে চৰকাৰৰ বাবে কাম কৰে।

অলপতে ইণ্ড’-এমেৰিকান চেম্বাৰ অৱ ক’মাৰ্ছে দৰ্শনা পাইক শ্ৰেষ্ঠ মহিলা কৰ্প’ৰেট লীডাৰ সন্মানৰে সন্মানিত কৰিছে। দৰ্শনা পাইৰ অভিজ্ঞতাৰ বলত তেওঁ আগবঢ়োৱা ব্যৱসায়িক তথা কাৰিকৰী সমাধানসূত্ৰসমূহৰ বাবেই তেওঁক এই বঁটা আগবঢ়োৱা হয়। মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰা দৰ্শনাই আই-আই-টি মুম্বাইৰ পৰা প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ ডিগ্ৰী লৈছে।

ইয়ৰ ষ্টোৰীক দৰ্শনা পাইয়ে ব্যক্ত কৰিছিল কিদৰে তেওঁ জটিলতা অতিক্ৰম কৰি নিজৰ কেৰিয়াৰ গঢ় দিছিলঃ

শিশুকাল আৰু পৰিয়াল

মই এটা মধ্যবিত্ত পৰিয়ালত জন্মগ্ৰহণ কৰি ডাঙৰ হোৱা ছোৱালী। সৰুৰে পৰা আমাৰ ঘৰত এনে এক শিক্ষা প্ৰদান কৰা হৈছিল যাৰ জৰিয়তে মই আজি নিজৰ ভৰিত থিয় হ’বলৈ সক্ষম হৈছো। মই ঘৰত লাভ কৰা শিক্ষাৰ বাবেই আজি নিজৰ সিদ্ধান্ত সঠিকভাৱে লব পাৰোঁ। মোৰ স্বামী ভাৰতীয় নৌ বাহিনীত কৰ্মৰত। মোৰ স্বামী, মা-দেউতা তথা মোৰ সন্তানৰ সহায় সহযোগিতাই মোক এগৰাকী সফল মহিলা হোৱাত সহায় কৰিছে।

পাটনী, কেপজেমিনী আৰু উইপ্ৰ’ৰ অভিজ্ঞতাই মোক কিদৰে সহায় কৰিছিলঃ

আই-আই-টি মুম্বাইৰ পৰা স্নাতোকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পাছত মই পাটনী কম্পিউটাৰছত ছ’ফটৱেৰ ইঞ্জিনিয়াৰ হিচাপে যোগদান কৰো। কলেজৰ পৰা ক’ৰ্প’ৰেট জগতলৈ মোৰ এই যাত্ৰাই মোক বহু অভিজ্ঞতা দিয়ে। আমেৰিকাৰ কেড ছ’ফটৱেৰ ডিজাইন কোম্পানী এটাৰ অংশ হৈ মই ডাঙৰ গোটত কিদৰে কাম কৰা হয় তাৰ বিষয়ে জ্ঞান অৰ্জন কৰোঁ। পাটনী কম্পিউটাৰছৰ সৈতে ৮ বছৰ কাম কৰি মোৰ কাৰিকৰী তথা দল ব্যৱস্থাপনাৰ সম্পৰ্কত যথেষ্ট অভিজ্ঞতা হয় । ১৯৯৯ চনত পাটনী এৰাৰ সময়ত মই তাত প্ৰজেক্ট মেনেজাৰ হিচাপে কাম কৰি আছিলো।

মোক কৰ্মজীৱনৰ আৰম্ভনিৰ সময়ত মোৰ লক্ষ্য আছিল এটাই আৰু সেয়া আছিল তথ্য-প্ৰযুক্তিৰ ন-ন উদ্ভাৱনৰ সৈতে নিজক আগবঢ়াই লৈ যোৱা আৰু ব্যৱসায়িক ক্ষেত্ৰৰ নতুন কথাবোৰ শিকি লোৱা। ইয়াৰ ফলতেই মই ক’ৰ্প’ৰেট জগতখনত সহজেই আগবাঢ়ি যাবলৈ সক্ষম হৈছো।

কামৰ ক্ষেত্ৰত মোৰ দৰ্শন এটাই। নিজৰ আৱেগক লৈ কাম কৰা আৰু নিজৰ সক্ষমতা বৃদ্ধি কৰা। দ’ল এটাৰ সফলতা নিশ্চিত হয় যেতিয়া সেই দলটোৰ প্ৰতিগৰাকী সদস্যই নিজৰ ভালপোৱা কামটোৰ সৈতে জড়িত হ’ব পাৰে। গ্ৰাহকৰ সৈতে ব্যৱসায়িক সম্পৰ্ক স্থাপন কৰা কামটো মই অব্যাহত ৰখাৰ ফলতেই সহকৰ্মী তথা গ্ৰাহকৰ মনস্তত্ত মই বুজি পোৱা হৈছো আৰু ই মোৰ কৰ্মজীৱনত যথেষ্ট সহায়ক হৈছে।

কাৰিকৰী আৰু ব্যৱস্থাপনাত ১২ বছৰৰ অভিজ্ঞতাৰ পাছত মই ব্যস্ত আছিলো মুম্বাইত কেপজেমিনীৰ কামত। তেতিয়া মই গ্ৰেট বৃটেইনৰ গ্ৰাহকসকলৰ সৈতে কাৰিকৰী সমাধানসূত্ৰ প্ৰদান কৰাৰ কামত ব্যস্ত আছিলো। উইপ্ৰ’ত কাম কৰি থকাৰ সময়ত মই ট্ৰান্সপ’ৰ্টেছন, লজিস্টিকছ তথা গ’ৱৰ্ণমেন্ট ভাৰটিকেলচলৰ বিতৰণৰ ব্যৱস্থাপনাত ব্যস্ত আছিলো।

ভাৰ্ছুছাৰ সৈতে জড়িত হৈ মই যথেষ্ট উৎসাহী। সৃষ্টিশীলতা আৰু সফলতাৰ আন এটা পৰ্যায়লৈ ভাৰ্ছুছাক লৈ যোৱাৰ লগতে নিজৰ বাবে এক স্থান নিশ্চিত কৰিবলৈ পাই মই যথেষ্ট সুখী।

জটিলতাৰ সৈতে মুখামুখী হোৱা কিয়নো জটিলতাই তোমাক আগবঢ়াই লৈ যাব

মোৰ স্বামী ভাৰতীয় নৌ সেনাৰ সৈতে জড়িত আৰু তাৰ বাবেই তেওঁ চাকৰিৰ কৰ্মস্থান প্ৰতি ৫ বছৰৰ মূৰকত সলনি হৈ থাকে। মই আৰু মোৰ স্বামীয়ে যৌথভাৱে লোৱা কঠিনতম সিদ্ধান্তটো আছিল এয়াই যে মই মোৰ চাকৰি কৰি যাম। ৫ বছৰ সময় এটা তথ্য-প্ৰযুক্তিৰ প্ৰতিস্থানত কাম কৰাৰ বাবেই উপযুক্ত। আজি উভতি চাই মই দেখো যে মোৰ নেতৃত্বসূলভ গুণৰ আৰম্ভনি হৈছিল মই মোৰ জীৱনকলৈ কৰা সিদ্ধান্তটোৰ লগত আৰু ইয়েই মোক কৰ্মজীৱনৰ আন সিদ্ধান্তবোৰ সঠিকভাৱে লবলৈ সাহস দিছে। আৰু ইয়াৰ বাবেই মই মোৰ পৰিয়ালৰ প্ৰতি কৃতজ্ঞ।

সফলতাৰ বাবে মোৰ ব্যক্তিগত পৰামৰ্শ

জীৱনত সফল হ’বলৈ নিজৰ মনৰ কথা শুনা আৰু নিজে ভাল পোৱা কাম কৰা। জীৱনৰ প্ৰতি ধনাত্মক দৃষ্টি, ধৈৰ্য আৰু কামৰ প্ৰতি আৱেগেই হৈছে জীৱনত সফলতা লাভ কৰাৰ আমোঘ মন্ত্ৰ।

ক’ৰপ’ৰেট জগতত সফল হ’বলৈ শাৰীৰিক পৰিচৰ্যা কৰাও যথেষ্ঠ প্ৰয়োজনীয়। পৰিয়াল আৰু কৰ্মজীৱন সমানুপাতিক কৰি ৰাখিবলৈ শৰীৰ আৰু মন সুস্থ থকাতো যথেষ্ঠ প্ৰয়োজনীয। মই নিজেকে প্ৰতি মুহুৰ্তত সজীৱ কৰি ৰাখিবলৈ প্ৰচুৰ পৰিমাণে শৰীৰ চৰ্চা আৰু খোৱা লোৱাত মনোযোগ দিওঁ।

নিজক সজীৱ কৰি ৰাখিৱলৈ তুমি বিভিন্ন পন্থা অৱলম্বন কৰিব পাৰা। সংগীত, ভ্ৰমণ, ক্ৰীড়া, উদ্যানচৰ্চা, ধ্যান বা মেডিটেছন কৰা ইত্যাদি হৈছে নিজক সজীৱ কৰি ৰাখিৱলৈ কৰা একো একোটা পন্থা। সদায় ধনাত্মক ব্যক্তিৰ সৈতে থাকিবলৈ চেষ্টা কৰিবা যাতে জটিল সময়ত এনে ব্যক্তিসককলে তোমাক উদ্যমশীল কৰি ৰাখে।

অৱশ্যে সদায় নিজৰ লগত এনে কিছুমান লোক ৰাখি থ’বা যিসকলে তুমি এটা কাম বা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে সহায় কৰিব পাৰে। মহিলা হিচাপে মই এই কথাটো বাৰুকৈয়ে অনুভৱ কৰো।

নেতৃত্বৰ মন্ত্ৰ

নিজৰ লক্ষ্য আৰু সফলতাৰ খতিয়ান নিজে ল’বা। সফলতাৰ বাবে নিজৰ এটা দল গঠন কৰা। এই দলটো জীৱনৰ আৰম্ভনিতেই গঠন কৰিবলৈ চেষ্টা কৰিবা। এই দলটোত তোমাৰ পৰিয়াল, বন্ধু-বান্ধৱ(যিসকল কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ পৰা আহিব) আৰু শিক্ষাগুৰু বা মেন্টৰছক ৰাখিবা। আৰু এই সকলেই তোমাৰ জীৱনৰ উত্থান আৰু পতনত সদায় লগত থাকিব।

সদায় নিজৰ এটা দৃষ্টিভংগী থকাটো জৰুৰী। সদায় সফল হ’বলৈ চেষ্টা অব্যাহত ৰাখিব লাগে। যি কামেই নকৰা কিয় সেই কামটোত নিজৰ সৰ্বস্ব উজাৰি নিজৰ শ্ৰেষ্ঠখিনি দিয়াৰ চেষ্টা কৰিব লাগে।

সফলতা সদায় উপভোগ কৰিবা। সৰু বা ডাঙৰ যিয়েই সফলতা নহওক কিয়, উপভোগ কৰিবলৈ শিকিব লাগে। বিশেষকৈ আনক উপযুক্ত কামৰ বাবে প্ৰশংসা কৰিবা। উপযুক্ত সময়ত নিজৰ বাবে কৰিবলগীয়া পৰিবৰ্তন কৰি লব লাগে। আইন ব্যক্তিয়ে আঙুলিয়াই দিয়ালৈ ৰৈ থকাতকৈ সময়ত নিজৰ বাবে প্ৰয়োজনীয় পৰিবৰ্তন নিজেই আনি ল’ব লাগে।

জীৱনৰ আদবয়সতে বিভিন্ন ব্যক্তিৰ সৈতে কথোপকথনৰ শৈলী শিকি ল’ব লাগে। সকলো বিষয়ত গুৰুত্ব ৰাখি নিজকে আকৰ্ষণীয় ব্যক্তি হিচাপে প্ৰতিপন্ন কৰিবা। সফলতা আৰু বিফলতাক কিদৰে গ্ৰহণ কৰিব লাগে সেয়া বুজি পোৱা সফল হোৱাৰ প্ৰধান মাপকাঠী।

নিজক সমালোচনা কৰিব পৰা গুণ আয়ত্ব কৰি এক সংহত জীৱন ধাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে।

সুখী গ্ৰাহক, সুখী কৰ্মচাৰী আৰু সুখী পৰিয়াল

মই মোৰ কৰ্মচাৰীসকলৰ মাজৰ উচিত আৰু যোগ্যজনক কিদৰে উচিত মুল্যায়ন কৰি আগবঢ়াই নিব লাগে সেয়া ভালদৰে বুজি পাওঁ। ইয়ে মোৰ কাম কৰা গোটটোৰ মাজৰ কামৰ প্ৰতি স্পৃহা বৃদ্ধি কৰে আৰু এক সুষ্ঠ পৰিৱেশ সৃষ্টি কৰে। ইয়াৰ ফলত মোৰ লগত কাম কৰা কৰ্মচাৰীসকল সদায় সুখী।

মোৰ কোম্পানীৰ হৈ মই ব্যৱস্থাপনা কৰিবলগীয়া হোৱা গ্ৰাহকসকলৰ ক্ষেত্ৰতো মই একে পন্থা অৱলম্বন কৰো। গ্ৰাহকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰা আৰু মোৰ নেতৃত্বত কাম কৰা দলটোৰ জৰিয়তে সেই প্ৰয়োজনীয়তা সম্পূৰ্ণ কৰা কাৰ্যই সকলোকে সুখী কৰি তোলে।

হিন্দুস্থানী শাস্ত্ৰীয় সংগীত শুনা, শৰীৰ চৰ্চাৰ প্ৰতি মনোযোগ, আৰু সন্তানৰ সৈতে সময় অতিবাহিত কৰা - এইকেইটাই মোৰ চালিকা শক্তি।