কিৰণ মজুমদাৰ শ্বক উবেৰ চালক ভাৰতীৰ চমক

মূল- আলোক ছোনী

কিৰণ মজুমদাৰ শ্বক উবেৰ চালক ভাৰতীৰ চমক

Thursday October 20, 2016,

3 min Read

কিছুদিন আগত Bioconগ্ৰুপৰ মুৰব্বী কিৰণ মজুমদাৰ শ্বয়ে কৰ্মস্থলীলৈ যাবলৈ এখন কেব মতাই পঠাইছিল।কিন্তু কিৰণ মজুমদাৰ শ্বক আচৰিত কৰি তেওঁৰ সন্মুখত উপস্থিত হোৱা কেবৰ চালকৰ আসনত আছিল এগৰাকী মহিলা। এই সমগ্ৰ যাত্ৰা আছিল তেওঁৰ বাবে অবিস্মৰণীয় আৰু চালক ভাৰতীৰ বাবে এক গৰ্ব কৰিৱলগীয়া এক ঘটনা।

image


ভাৰতী হৈছে বাংগালুৰুৰ ‘Uber’ ৰ প্ৰথমগৰাকী মহিলা চালক। অতি কম সময়ৰ ভিতৰতে তেওঁ এখ নতুন বাহন ক্ৰয় কৰি ‘Uber’ৰ এগৰাকী অংশীদাৰ হৈ পৰে। এই পদক্ষেপে স্বাভিমানী ভাৰতীৰ আত্মবিশ্বাস দুগুণে বৃদ্ধি কৰাৰ লগতে তেওঁ গাড়ী চলাই পেটৰ ভাত মোকলাব খোজা আন আন মহিলাসকলক প্ৰশিক্ষণ দিয়া আৰম্ভ কৰে। ইয়াৰ জৰিয়তে ভাৰতীৰ বাবে তেওঁৰ ফৰ্ড ফিয়েষ্টা বাহনৰ মাহেকীয়া ঋণ পৰিশোধ কৰাটো সহজসাধ্য হৈ পৰিছিল। ভাৰতীৰ পৰিকল্পনা অতি সোনকালে তেওঁ এখন মাৰ্চিডীজ কাৰ ক্ৰয় কৰিব।আমি জানিবলৈ চেষ্টা কৰোঁ আহক ভাৰতীৰ এই অসাধাৰণ যাত্ৰাৰ আঁৰৰ ব্যতিক্ৰমী পটভূমি।

অন্ধ্ৰপ্ৰদেশৰ গাভৰু ভাৰতীয়ে নিজৰ ভাতৃৰ সৈতে একেলগে বাস কৰিবলৈ ২০০৫ চনত বাংগালুৰুলৈ আহে।মাত্ৰ দশম শ্ৰেণীলৈকে পঢ়া-শুনা কৰা ভাৰতীয়ে প্ৰথমে চিলাইৰ কাম কৰিবলৈ লয়। কিন্তু কম সময়ৰ ভিতৰত এই কামে তেওঁক আমুৱায় আৰু ভাৰতীয়ে অন্য বৃত্তিৰ সন্ধান কৰিবলৈ ধৰে। এনে সময়তে তেওঁ মহিলা বাহন চালকৰ সন্ধান বিচাৰি থকা এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সংস্পৰ্শলৈ আহে। এই সিদ্ধান্ত আছিল ভাৰতীৰ বাবে দুই নাওত দুই ভৰিৰ দৰে কাৰণ বাহন চালনা শিকিবলৈ হ’লে তেওঁ আগৰ কাম বাদ দিব লাগিব। পুৰুষে দমন কৰা এই বৃত্তিত মহিলাৰ সংখ্যা আঙুলিৰ মুৰত গণিব পৰা হোৱাৰ বাবে ভাৰতীৰ মনতো সন্দেহৰ ভাৱ উদ্ৰেক হৈছিল।

যথেষ্ট ভবা-গুণা কৰাৰ পাছত ভাৰতীয়ে চিলাইৰ কাম এৰি গাড়ী চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ২০০৯ চনত দেশৰ ৰাজধানী দিল্লীত মহিলাসকলক বাহন চলাবলৈ উৎসাহ প্ৰদান কৰাৰ সময়তে ভাৰতীয়েও এটা হালধীয়া বেজ লাভ কৰে। লগতে ভাৰতীক মাহে ১৫০০০ হাজাৰ টকা দৰমহাত গাড়ী চালকৰ এটা চাকৰিও যচা হৈছিল। ভাৰতীৰ মনত আশাৰ সঞ্চাৰ হোৱাৰ লগতে আত্মবিশ্বাস পূৰ্বতকৈ বৃদ্ধি পাইছিল। ভাৰতীয়ে চাকৰিটো গ্ৰহণ নকৰিলে কাৰণ বাংগালুৰুতে কাম কৰিবলৈ তেওঁ আগ্ৰহী আছিল সেই উদ্দেশ্যৰে কেইবাটাও ট্ৰেভেল আৰু টুৰ অপাৰেটৰ কাষ চাপি চাকৰিৰ বাবে চেষ্টা চলায়। এই সময়তে ভাৰতীয়ে বাংগালুৰুৰ প্ৰথম মহিলা চালকেৰে পৰিচালিত টেক্সী সেৱা এঞ্জেল কেবছৰ বিষয়ে জানিবলৈ সক্ষম হয়। ইয়াত যোগদান কৰি পৰৱতীৰ্ সময়ত ভাৰতীয়ে ২০১৩ চনৰ অক্টোবৰত ‘Uber’ত মহিলা চালকৰূপে কাম কৰিবলৈ লয়। চাৰি মাহৰ ভিতৰত নিজাববীয়াকৈ এখন বাহন ক্ৰয় কৰাৰ সিদ্ধান্ত লৈ ভাৰতীয়ে ২০১৪ চনৰ ফেব্ৰুৱাৰীত এখন ফৰ্ড ফিয়েষ্টা বাহন বুক কৰে। ভাৰতীৰ বাবে এয়া আছিল সফলতাৰ আকাশত মুক্ত উৰণৰ মুকলি প্ৰতিশ্ৰুতি।

image


ভাৰতীৰ মতে মহিলাসকলে এই বৃত্তি গ্ৰহণ নকৰাৰ কাৰণ-

ক) আন মহিলাসকলৰ মাজত মহিলা চালকক গ্ৰহণ কৰাৰ নেতিবাচক মানসিকতা।

খ) ব্যতিক্ৰমী পথেৰে জীৱিকা অৰ্জনৰ প্ৰত্যাহ্বান।

গ) ঘৰুৱা কাম-কাজত ব্যস্ত হৈ থকা মহিলাসকলে বাহিৰৰ বহল পৃথিৱীৰ সৈতে মত বিনিময় কৰিবলৈ ভালদৰে নিশিকে।

নাৰী অধিকাৰৰ বাবেও ভাৰতীয়ে মাত মাতি আহিছে। মহিলা সৱলীকৰণৰ এক উদাহৰণ তুলি ধৰিবলৈ বিচৰা ভাৰতীয়ে অধিকসংখ্যক মহিলাক গাড়ী চলাবলৈ শিকাব বিচাৰে।

‘Uber’ বাংগালুৰুৰ জেনেৰেল মেনেজাৰ ভাবিক ৰাথোড়ৰ মতে, “ভাৰতীয়ে যেতিয়া নিজে এখন বাহন ক্ৰয় কৰাৰ সিদ্ধান্ত লয় তেতিয়া আমি অত্যন্ত সুখী হৈছিলো। তেওঁ স্বাধীনচেতিয়াভাৱে আত্মবিশ্বাসেৰে কাম কৰি যোৱা দেখিলে মনটো ভৰি উঠে। এই উদ্যোগৰ সৈতে জড়িত অপ্ৰয়োজনীয় মানসিকতা তেওঁ সলনি কৰিব পাৰিব বুলি আমি বিশ্বাসী।”