প্ৰতিভাক স্বাৱলম্বীতাৰ পথ হিচাপে গ্ৰহণ কৰি সুপ্ৰতিষ্ঠিত হোৱা ৰম্যা শ্ৰীৰাম

মূল- তন্বী ডুবে

প্ৰতিভাক স্বাৱলম্বীতাৰ পথ হিচাপে গ্ৰহণ কৰি সুপ্ৰতিষ্ঠিত হোৱা ৰম্যা শ্ৰীৰাম

Thursday October 20, 2016,

4 min Read

অসমীয়াত এষাৰ কথা আছে - ডালিম পকিলে ফুটিবই।থিক সেইদৰে প্ৰতিভা থাকিলে ই এদিন বিকশিত হবই। প্ৰতিভাক কোনেও ধৰি ৰাখিব নোৱাৰে।হাজাৰ বাধা নেওচি প্ৰতিভাই বিকাশৰ পথ বিচাৰি লয়। নিজ প্ৰতিভা আৰু সুকীয়া চিন্তাৰে স্বাৱলম্বী হোৱা এগৰাকী যুৱতী ৰম্যা শ্ৰীৰাম।

হাইদৰাবাদত জন্ম গ্ৰহণ কৰা উদ্যমী কিশোৰী ৰম্যা শ্ৰীৰাম সৰুৰে পৰাই আছিল খেয়ালী মনৰ।ৰম্যাৰ নিজৰ ভাষাৰে-"সৰুতে মই অবান্তৰ চিন্তা কৰি ভাল পাইছিলো।আৰু মোৰ চিন্তাবোৰ খুব সোনকালে সলনি হৈছিল। মই যদি কিছুসময়ৰ বাবে জু কীপাৰ হোৱাৰ কথা ভাবিছিলো, অলপ সময়ৰ পিছতে সিদ্ধান্ত সলনি কৰি কাগজ ৰিচাইকল কৰাৰ কথা ভাবিছিলো।কিন্তু মোৰ এই আকাংক্ষা বোৰত যথেষ্ঠ নিষ্ঠা আছিল।সেয়ে বেলেগ ধৰণেৰে হলেও মই সেইবোৰক ৰূপ দিব পাৰিছিলো।"

বিদ্যালয়ত পঢ়ি থাকোতে ৰম্যাই পাঠ্যক্ৰমৰ উপৰি পি.টি. ক্লাছৰ পৰা আৰম্ভ কৰি চবি, হস্তকলা, গান, নাচ, পিয়ান' ক্লাছ আদি পাঠ্যক্ৰম বহিৰ্ভূত কাৰ্যকলাপত যোগদান কৰিছিল।স্কুলীয়া শিক্ষাৰ পিছত তেওঁ ভেলোৰ ইনষ্টিটিউট অব টেকনলজীৰ পৰা ইঞ্জীনিয়াৰিঙ শিক্ষা লাভ কৰিছিল।সৰুৰে পৰা ছবি আকি ভালপোৱা ৰম্যাই কাৰ্টুন আঁকি ভাল পাইছিল। নিজৰ কাল্পনিক আৰু বিশৃংখল চিন্তাবোৰক কৌতুক ৰুপ দি ভালপাইছিল।আৰু এই আগ্ৰহকে কেৰিয়াৰৰ ৰূপ দিবলৈ ৰম্যাই আৰম্ভ কৰিলে 'দ্য টেপ' নামৰ অনলাইল কমিক নিউজ লেটাৰ তথা অনলাইন ষ্ট'ৰ ।'দ্য টেপ'ৰ বিষয়ে ৰম্যাই মন্তব্য কৰে "মোৰ অসলগ্ন চিন্তাবোৰক পেঞ্চিলেৰে ৰূপ দিয়া চিত্ৰৰ ষ্ট'ৰ হাউচেই হল দ্য টেপ ।জীৱনটোক সহজভাৱে কৌতুকৰ সহায়ত উপস্থাপন কৰা মাধ্যমটোৱে হল 'দ্য টেপ'।ভাষাৰ পৰিধি ভাঙি কথা কোৱা ছবিৰ সমাহাৰেই হল 'দ্য টেপ'।''

image



দ্য টেপৰ জন্মৰ আঁৰৰ কথা

ব্যংগ চিত্ৰ আকি ভালপোৱা ৰম্যাই তেওঁৰ চখ হিচাপে ফেচবুকত বন্ধুমহলৰ ছবি আঁকি পষ্ট কৰিছিল।সেই ছবিসমূহৰ দ্বাৰা প্ৰভাবিত হৈ তেওঁৰ এজন বন্ধুৱে ৰম্যাক তেওঁৰ দ্বাৰা সম্পাদিত আলোচনী এখনত ব্যংগ চিত্ৰ অঁকাৰ প্ৰস্তাৱ দিলে।এই সন্দৰ্ভত ৰম্যাই কয় "এই প্ৰস্তাৱটো গ্ৰহণ কৰি মোৰ ভাৱ হৈছিল যে মোৰ হবিক কেৰিয়াৰ লৈ ৰূপান্তৰিত কৰাৰ এয়া এক সুযোগ।মই মোৰ কামটো নিষ্ঠাৰে কৰিবলৈ চেষ্টা কৰিলো।বিভিন্ন ফৰমেট প্ৰয়োগেৰে বিভিন্ন ঘটনা বিভিন্ন ধৰণেৰে প্ৰকাশ কৰাৰ কথা ভাবিলোঁ।আৰু এই কাম কৰি মই অতি আনন্দিত হৈছিলো।"

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ৰম্যাই এটা প্ৰকাশন সংস্থাত সম্পাদক হিচাপে পাঁচ বছৰ কাম কৰিছিল।এই কামৰ অভিজ্ঞতাৰ বিষয়ে ৰম্যাই কয় "মই কিতাপ সম্পাদনা কৰাৰ লগতে শৈক্ষিক বিষয়ৰ কিতাপ সমূহৰ আৰ্হি চাইছিলো।কামৰ পাছত ঘৰলৈ গৈ মই কমিক আঁকিছিলো আৰু ভ্ৰমণ বিষয়ক প্ৰবন্ধ লিখিছিলো।আৰু তেতিয়া মই বুজি পাইছিলো যে ছবি অঁকা আৰু লিখা মোৰ অন্তৰঙ্গ বন্ধু। এই দুই কামৰ মাজত মই নিজক বিচাৰি পাওঁ।"

এই কথা উপলব্ধি কৰাৰ পিছত নিজে অঁকা ছবিসমূহ, লেখনী সমূহ অনলাইল আৰ্কাইভৰ বাবে ৰম্যাই 'দ্য টেপ' ৰ কথা চিন্তা কৰিলে।পৰৱৰ্তী সময়ত 'দ্য টেপ' ৰম্যাৰ স্বাৱলম্বনৰ পথ হৈ পৰিল।এই ক্ষেত্ৰত ৰম্যাই তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গৰ সহযোগিতাৰ বাবে নিজক কৃতজ্ঞ বুলি ভাৱে "মোৰ পৰিয়াল আৰু বন্ধুবৰ্গই মোক যথেষ্ট সহযোগ আৰু উৎসাহ দিছিল। বন্ধুসকলে নি:স্বাৰ্থ ভাৱে মোৰ কামক সমালোচনা কৰাৰ উপৰি মোৰ ছবি আদি অনলাইন ক্ৰয় কৰিছিল।"

প্ৰতিঘাত নেওচি সফলতাৰ যাত্ৰা

image


কিন্তু স্বাৱলম্বিতাৰ এই পথত ৰম্যাই প্ৰতিঘাতৰো সন্মুখীন হৈছিল।"মই কাকো না ক'ব নোৱাৰিছিলো যাৰবাবে বহুতে মোৰ সৰলতাৰ সুযোগ লৈছিল।অতি কম মূল্যৰ বিনিময়ত মই যথেষ্ঠ শক্তি আৰু সময় ব্যয় কৰিছিলো।কিন্তু পিছলৈ মই বুজি পাইছিলো কিমান মূল্যৰ বাবে কিমান সময় দিয়া উচিত।"

অতি নম্ৰ আৰু সৰলতা গুণৰ কাৰণে ৰম্যাই ব্যৱসায়ৰ কৌশল সমূহ প্ৰয়োগ কৰিব পৰা নাছিল। সেয়ে পিছত তেওঁ উদ্যোগশীলতাৰ এটা পাঠ্যক্ৰম লৈ নিজৰ ব্যৱসায় কৌশল উন্নত কৰিব পাৰিছিল।"এই পাঠ্যক্ৰমৰ পৰা মই এই কথা শিকিছিলো যে যেতিয়া এটা সিদ্ধান্ত লব লগা হয় মই নিজকে সোধা প্ৰথম প্ৰশ্নটো হ'ল মই কি হেৰুৱাম।আৰু এই প্ৰশ্নৰ উত্তৰে মোক সিদ্ধান্তটো লোৱা বা নোলোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল।"

ৰুটিনৰ সীমাবদ্ধতাৰ পৰা আঁতৰি ৰম্যাই নিজৰ কল্পনা আৰু প্ৰতিভা বিকাশত সহায় হোৱা বিভিন্ন প্ৰকল্পৰ কাম কৰি ভাল পায়।অৱশ্যে সহকৰ্মীৰ সৈতে অফিচ ব্ৰেকত আড্ডা মৰা বা ব্যস্ত ৰুটিনৰ পৰা অব্যাহতি লৈ প্ৰকৃতিৰ মাজলৈ ফুৰিবলৈ যোৱাৰ আনন্দৰ অভাৱ মাজে মাজে তেওঁ অনুভৱ কৰা বুলি মন্তব্য কৰে।

স্বাৱলম্বী ব্যক্তি হিচাপে ৰম্যাই অনুভৱ কৰে যে ব্যৱসায়ৰ ক্ষেত্ৰত অতি উচ্চাকাংক্ষী লোকৰ লগত কাম কৰাৰ সলনি চিন্তা ধাৰা আৰু কৌশলেৰে আগবাঢ়িব খোজা ব্যক্তিৰ লগত কাম কৰাৰ সুবিধা বেছি।"ব্যৱসায় ক্ষেত্ৰখনত নামি মই এই কথা বুজি পাইছিলো যে এটা কাম সঠিক বুলি নভবালৈকে বিভিন্ন কামক লৈ পৰীক্ষা কৰাটো ডাঙৰ কথা নহয়। কিন্তু কোনো ব্যক্তিয়ে যদি মই তেওঁৰ বাবে সঠিক বিবেচিত হোৱালৈ মোৰ দক্ষতাৰ পৰীক্ষা কৰিব বিচাৰে, সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়।"

image


ভৱিষ্যত পৰিকল্পনা হিচাপে ৰম্যাই আৰু বেছি প্ৰকল্প, প্ৰত্যাহ্বান, ছবি আৰু লেখা কাৰ্যক আগবঢ়াই নিয়াৰ লগতে 'দ্য টেপ' অনলাইন ষ্টৰত অধিক সামগ্ৰী অন্তৰ্ভুক্ত কৰাৰ কথাত গুৰুত্ব আৰূপ কৰিব বুলি মন্তব্য কৰে।