বেংকৰ চাকৰি বাদ দি সমাজ সেৱা আৰম্ভ কৰিছিল পি আৰ বিকাশে
Saturday December 31, 2016,
1 min Read
পি আৰ বিকাশৰ বাবে কৰ্পৰেট কেৰিয়াৰতকৈ সমাজ সেৱা আছিল অধিক গুৰুত্বপূৰ্ণ । তামিল নাডুৰ কোডমবক্কমৰ বেংক বিষয়াজনে বেংকৰ চাকৰি এৰি আৰম্ভ কৰিছিল সমাজ সেৱা । তেওঁৰ প্ৰথম কামটো আছিল এটা থেলছেমিয়াত আক্ৰান্ত শিশুৰ বাবে ধন আহৰণ কৰা । তেওঁ এইদৰে ২.৫ লাখ টাক আহৰম কৰিবলৈ সক্ষম হৈছিল ।
ইয়াৰ উপৰিও বান সাহাৰ্য, ৰক্তদান আদি বিভিন্ন বিষয়ত তেওঁ কাম কৰি গৈছে । আৰ টি আই আইন সম্পৰ্কে সজাগতা আনিবলৈও তেওঁ অভিযান অব্যাহত ৰাখিছে । এই কাম আৰম্ভ হৈছিল তেওঁৰ চুবুৰীটোত আসোঁৱাহযুক্ত গেছৰ চিলিণ্ডাৰ যোগানক লৈ । তেওঁ এই বিষয়ে কেন্দ্ৰীয় মন্ত্ৰীলৈ চিঠি পৰ্যন্ত লিখিছিল ।
"অৱশ্যে এন জি অ' স্থাপনত বিশ্বাসী নহয় বিকাশ ।" তেওঁৰ মতে ই অপ্ৰয়োজনীয় খৰচৰ বাট মুকলি কৰে । বিভিন্ন সামজিক বিষয়ৰ সন্দৰ্ভত সজাগতা আনিবলৈ তেওঁ এটা ব্লগো চলায় ।
এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক
আপুনি ভাল পাব পৰা অন্যান্য কাহিনী
২০১৭ চনত অসমৰ ঔদ্যোগিক জগতত ব্যাপক উত্থানৰ অশা উদ্যোগ মন্ত্ৰীৰ
উত্তৰ পূবৰ হস্ত শিল্পক বিশ্বৰ বজাৰ দিছে ইমপালছে
বহু হাজাৰ লোকৰ পানীৰ অভাৱ দূৰ কৰিছে অয়াপ্পাই
সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা