নাৰীয়ে কেৰিয়াৰত উধাব নোৱাৰিলে সমাজেও চাপ নিদিয়েঃ
মহিলা সৱলীকৰণৰ কথা সততে কোৱা হয় যদিও মহিলাসকলক কেৰিয়াৰত উধাই যাবলৈ সমাজে কিমান অনুপ্ৰেৰণা যোগায় ? অথবা মহিলাসকল নিজে কিমান উচ্চাকংক্ষী ? এনে বহু বিষয়ত মন্তব্য ৰাখিছে মুছিগামাৰ অম্বিগা ধিৰাজে ।
এই ভিডিঅ’টোত মুছিগামাৰ অম্বিগা ধিৰাজ কৰ্প’ৰেট জগতৰ শীৰ্ষ স্তৰত নাৰীৰ ক্ৰমহ্ৰাসমান সংখ্যা, সমাজিক আকাংক্ষাৰ প্ৰৰিপ্ৰেক্ষিতত উচ্ছাকাংক্ষাৰ ব্যৱধান আৰু মুছিগামাক লৈ তেওঁৰ উদ্দেশ্যৰ বিষয়ে কৈছে। ভিডিঅ’টোৰ লিখিত ৰূপ তলত আগবঢ়োৱা হ’ল।
নাৰী অভিযন্তাঃ
জেষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ নাৰী অভিযন্তাক গঢ় দিয়াটো সহজনে? বৰ্তমান সময়ত Entry Level Position ৰ বাবে নাৰী অভিযন্তা বা পৰিসংখ্যাবিদ বিচাৰি উলিওৱাটো সহজ, কিন্তু বয়স বঢ়াৰ লগে লগে তেওঁলোকে ব্যক্তিগত বাধ্যবাধকতাৰ তাৰণাত স্বেচ্ছাই পিছৰ আসন গ্ৰহণ কৰা/পিছ পৰি ৰোৱা দেখা যায়। আমি এনে এটা পৰিবেশ গঢ়াৰ চেষ্টা কৰিছো যত তেওঁলোকে কাম কৰি যাব পাৰে। কাম আৰু জীৱনৰ মাজত সমন্বয় সৃষ্টি কৰাৰ লক্ষেৰে আমি অবিৰত চেষ্টা চলাই আছো। কিন্তু কৰ্প’ৰেট জগতত ওপৰৰ পিনে নাৰীৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে।
ব্যক্তিগত পছন্দ-অপছন্দ/প্ৰয়োজনে অগ্ৰাধিকাৰ লাভ কৰা আৰু দ্বিতীয়তে কেৰিয়াৰ গঢ়াৰ উচ্চাকাংক্ষা নথকা বাবে এনে হ’ব পাৰে। সমাজেও আপোনাক বৰ বেছি চাপ নিদিয়ে। পুৰুষে কেৰিয়াৰ গঢ়িব নোৱাৰিলে তেওঁ চতুৰ্দ্দিশৰ পৰা সামাজিক চাপৰ সন্মুখিন হয়, কিন্তু নাৰীৰ কেৰিয়াৰ বিকাশ নহ’লে কোনোৱে একো নাভাৱে।
এয়া সঁচাই বেয়া কথানে? মই নাজানো। পৰিয়ালৰ যত্ন লোৱাটোতো অপৰিসীম তৃপ্তি আছে। কেৰিয়াৰেই সকলো বুলি মই নাভাবো। আমাৰ পৰৱৰ্ত্তী প্ৰজন্ম মহান মূল্যবোধৰ শিক্ষাৰে ডাঙৰ হোৱাটো নিশ্চিত কৰাটোও এক মহামূল্যবান কাম। কিন্তু কেৰিয়াৰ গঢ়াৰ বাবে কাৰোবাৰ তীব্ৰ আগ্ৰহ আৰু তাড়না থাকিলে তেওঁৰ পথত কোনো অন্তৰায় থাকিব নালাগে।
মু ছিগমাৰ বাবে উচ্চাকাংক্ষাঃ
আমি সিদ্ধান্ত বিজ্ঞানৰ বৃহত্তম কোম্পানী হ’ব বিচাৰো। আমি আমাৰ প্ৰতিগৰাকী গ্ৰাহকৰ মাজত মু ছিগমাৰ দৰ্শন সঞ্চাৰিত হোৱাত সহায় কৰিব বিচাৰো যাতে তেওঁলোকে সমস্যা সমাধানৰ উন্নত কলা উদ্ভাৱন কৰিব পাৰে। ভাৰতত উদ্ভাৱনৰ ক্ষেত্ৰত জোৱাৰ সৃষ্টি কৰাটো আমাৰ অন্যতম উদ্দেশ্য। ভাৰত অভিনৱত্বৰ ক্ষেত্ৰ হওঁক, খৰছৰ নহয়।
স্বামী-স্ত্ৰীৰ টীমঃ
মোৰ বাবে আচৰণ নহয়, অভিপ্ৰায়হে অধিক গুৰুত্ব পূৰ্ণ। আমি বিভিন্ন বিষয়ক লৈ কাজিয়া কৰো কিন্তু আমাৰ মাজত এই বিশ্বাসটো আছে যে আমি, এখন খেলৰেই খেলুৱৈ আৰু আমাৰ চৰম লক্ষ্যও একেই।
উপদেশঃ
জীৱনে তোমাৰ হাতত নেমু এটা তুলি দিলে তাৰে লেম’নেড বনাবা। যেতিয়াই মোক কোনো সমস্যাই খুন্দিয়াই তেতিয়া মই নিজকে কওঁ যে ইয়াক মই এটা সুযোগ বুলি ভাবিব লাগিব।
জুইকুৰা জ্বলাই ৰাখিবা। নাৰী বাবেই মই সংখ্যালঘু-এইজাতীয় চিন্তাত আমি আবদ্ধ হৈ পৰিব নালাগে। ইতিবাচক চিন্তা আমাৰ মাজত সজীৱ কৰি ৰাখিব লাগে।
পৰৱৰ্ত্তী ৫ বছৰঃ
আমি অধিক গ্ৰাহক, আকৰ্ষণীয় সামগ্ৰী বজাৰত মুকলি কৰা আদিত অধিক মনোনিবেশ কৰিছো।যাতে আমেৰিকাৰ বাহিৰে আন মহাদেশতো আমাৰ বিকাশ নিশ্চিত কৰিব পাৰোঁ। আমি কিছু কিছু সাফল্যও অৰ্জন কৰিছো। আমাৰ গ্ৰাহকসকলৰ মাজলৈ আমি অধিক অভিনৱত্বৰ আমদানি ঘটাইছো।
আই.পি.অ. (I.P.O.):
অচিৰেই আহি আছে কিন্তু এই মুহুৰ্ত্তত ই মনোযোগ ব্যাহত কৰিব পাৰে। মোৰ মতে আমি ভাল কাম কৰি যাব লাগে মোৰ বাবে সেইয়াই গুৰুত্বপূৰ্ণ।
(image credit: Shutterstock)