বাধাৰ প্ৰাচীৰ ভাঙি আইনী বৃত্তিত সুপ্ৰতিষ্ঠিত জিয়া মোদী

মূল- বৰ্ষা আডুছুমিল্লি

বাধাৰ প্ৰাচীৰ ভাঙি আইনী বৃত্তিত সুপ্ৰতিষ্ঠিত জিয়া মোদী

Thursday October 20, 2016,

3 min Read

অপ্ৰতিৰোধ্য জিয়া মোদী।ভাৰতবৰ্ষৰ আইন ক্ষেত্ৰখনত এটা সুপৰিচিত নাম । তেওঁৰ AZB & Partners দেশৰ আগশাৰীৰ আইনী ফাৰ্ম বোৰৰ অন্যতম। প্ৰখ্যাত প্ৰাক্তন এটৰ্নী জেনেৰেল Soli Sorabjee ৰ কন্যা জিয়া মোদীয়ে নিজে স্বীকাৰ কৰিছে যে আইন ক্ষেত্ৰখনত তেওঁৰ গুৰু হ'ল তেওঁৰ পিতৃ।খোৱা টেবুলৰ পৰা আইনৰ পাঠ আৰম্ভ হোৱা জিয়াৰ মনত সৰুৰে পৰাই এগৰাকী সফল আইনজ্ঞ হোৱাৰ বীজ অংকুৰিত হৈছিল।এগৰাকী সফল আইনজ্ঞ হিচাপে প্ৰতিষ্ঠিত হোৱা জিয়াৰ এই যাত্ৰা সুগম একেবাৰে নাছিল।বাটত আছিল অজস্ৰ ঘাত-প্ৰতিঘাত। কিন্তু এই বাধা অতিক্ৰম কৰি সফল হৈছিল অদম্য ইচ্ছা শক্তিৰ অধিকাৰী জিয়া মোদী।দুই দশকজোৰা পৰিশ্ৰম, ধৈৰ্যৰ পিছত জিয়াই নিজকে দেশৰ আগশাৰীৰ আইনজ্ঞ সকলৰ অন্যতম হিচাপে নিজক পৰিচিত কৰাবলৈ সক্ষম হৈছে।

আইনৰ প্ৰতি থকা এই ধাউতি জন্মগত

মুম্বাইত স্কুলীয়া শিক্ষা শেষ কৰি আইন ক্ষেত্ৰখনত নিজৰ কেৰিয়াৰ গঢ়াৰ সংকল্প লৈছিল জিয়া মোদীয়ে।শৈশৱৰে পৰা প্ৰতিষ্ঠিত আইনী বিষয়া দেউতাকৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিল জিয়াই।জিয়াৰ মতে-শৈশৱৰ পৰাই মোৰ মনত আইন বিষয়ৰ প্ৰতি আগ্ৰহ জন্মিছিল।' ১৯৭৫ চনত আইন পঢ়িবলৈ জিয়া কেমব্ৰিজ বিশ্ববিদালয়লৈ যায়।বিদেশত শিক্ষা লাভৰ ক্ষেত্ৰত জিয়াক অনুপ্ৰেৰণা যোগাইছিল তেওঁৰ মাতৃয়ে।জীয়েকৰ আইন শিক্ষাৰ প্ৰতি ধাউতি দেখি জিয়াৰ মাতৃয়ে বিদেশত উচ্চ শিক্ষা লাভ কৰিবলৈ তেওঁক অনুপ্ৰাণিত কৰিছিল।উল্লেখ্য যে Harvard Law School ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত জিয়া বিবাহ পাশত আবদ্ধ হয়। উচ্চ শিক্ষা শেষ কৰি মুম্বাইলৈ ঘূৰি অহাৰ সময়ত ভাৰতবৰ্ষত আইন ক্ষেত্ৰখনত Professional Career গঢ়িব পৰা সুবিধা একেবাৰে সীমিত আছিল।বিশেষকৈ মিহিলাৰ ক্ষেত্ৰত এই সুবিধা একেবাৰে নাছিল।সেয়ে মুম্বাইলৈ আহি জিয়াই প্ৰথমে জুনিয়ৰ বেৰিষ্টাৰ হিচাপে বোম্বে হাই কৰ্টত কেৰিয়াৰ আৰম্ভ কৰে।সেয়া আছিল এক জটিল সময়। আইন ক্ষেত্ৰখনত কেৰিয়াৰ গঢ়িবলৈ তেতিয়া কোনো মহিলা আগবাঢ়ি অহা নাছিল। জিয়া আছিল ব্যতিক্ৰম। আনহাতে ক্লায়েন্ট সকলেও মহিলা কাৰণে জিয়াক বিশ্বাসত লব পৰা নাছিল। কিন্তু নিজৰ দুৰ্ব্বাৰ আত্মপ্ৰত্যয়েৰে জিয়াই নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ সক্ষম হৈছিল। এইক্ষেত্ৰত জিয়াক সময়ৰ প্ৰয়োজন হৈছিল সঁচা। কিন্তু জটিলতা নেওচি জয়ী হৈছিল জিয়া।নিজৰ উচ্চাকাংক্ষাৰ ক্ষেত্ৰত জিয়াই মন্তব্য কৰে-জীৱনত সফল হবলৈ মই সদায় চেষ্টা কৰিছো আৰু সফলতাৰ উচ্চ শিখৰ চুমিবলৈ আগ্ৰহ কৰোঁ। কোনোবাই যদি ইয়াক উচ্চাকাংক্ষা বুলি কব খোজে, তেন্তে হয় মই উচ্চাকাংক্ষী।

image


সফলতাৰ আৰু এক খোজ

১৯৯৫ চনত জিয়াই নিজা প্ৰচেষ্টাৰে AZB Partners আৰম্ভ কৰে।এই পদক্ষেপেৰে জিয়া আইন ক্ষেত্ৰখনত স্বাৱলম্বী হ'ব পাৰিছিল।নব্বৈ দশকৰ সময়চোৱাত দেশৰ আইন ক্ষেত্ৰখনৰ বৃত্তিগত দিশত যথেষ্ট সম্ভাৱনা আহি পৰিছিল।বহু বিদেশী কোম্পানীয়ে ভাৰতবৰ্ষত ব্যৱসায় আৰম্ভ কৰিছিল।ব্যক্তিগত ফাৰ্ম খোলাৰ পাছত জিয়াৰ আগশাৰীৰ ক্লায়েন্টেবোৰ আছিল বিদেশী কম্পেনীৰ স্বতাধিকাৰী আৰু জীয়াই বিদেশত লগ পোৱা সহকৰ্মী সকল।স্বাৱলম্বী হোৱাৰ পথত অশেষ কষ্ট, ত্যাগ আৰু সাহসৰ প্ৰয়োজনীয়তা জিয়াই স্বীকাৰ কৰে।জিয়াই এই কথাও স্বীকাৰ কৰে যে যিকোনো বিষয়ত আগবাঢ়ি যাবলৈ হলে বিষয়টোত দক্ষতা লাভ কৰিবলৈ অধ্যয়নৰ খুব প্ৰয়োজন। জিয়াৰ সফলতাৰ আঁৰৰ ইও এক কাৰণ বুলি তেওঁ নিজে স্বীকাৰ কৰে।আইনক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰিবলৈ আগবাঢ়ি অহা নতুন প্ৰজন্মক জিয়াই কব খোজে যে কষ্ট কৰাৰ মানসিকতা থাকিলে যিকোনো ক্ষেত্ৰত আগবাঢ়ি যাব পাৰি।জিয়াই আত্মপ্ৰত্যয়েৰে কব খোজে যে সফলতাৰ গুপুত মন্ত্ৰ হল সততা।'You are only as good as your last email.'

সফলতাৰ বাটত অনুপ্ৰেৰণা

জিয়াৰ সাফল্যৰ ক্ষেত্ৰত তেওঁৰ স্বামীৰ অনুপ্ৰেৰণা থকাৰ কথাও স্বীকাৰ কৰে তেওঁ। মহিলা এগৰাকী স্বাৱলম্বনৰ দিশত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত স্বামীৰ সহযোগ অতি আৱশ্যক ।কৰ্মব্যস্ততাৰ বাবে জিয়াই সন্তানক সময় দিব নোৱাৰা সময়ত স্বামীৰ যথেষ্ঠ সহযোগিতা লাভ কৰাৰ কথা জিয়াই স্বীকাৰ কৰে।

আন ক্ষেত্ৰৰ তুলনাত আইন ক্ষেত্ৰখনত মহিলা এতিয়াও আগবাঢ়ি অহা নাই যদিও অনাগত দিনত এই ফলাফল ধনাত্মক হব বুলি জিয়াই আশা কৰে।

প্ৰাচীৰ ভাঙি চিনাকী বাটত জিয়া মোদী

আইন ক্ষেত্ৰখনত মহিলাৰ দিশত থকা প্ৰচীৰ ভাঙি আগবাঢ়ি যাবলৈ সক্ষম হৈছে জিয়া। বৰ্তমান AZB & Partners দেশৰ আগশাৰীৰ আইনী প্ৰতিষ্ঠান যত ২৫০ জন আইন বিষয়াই একেলগে কাম কৰে। কিন্তু জিয়াৰ মতে এই যাত্ৰা সুগম নাছিল। বহু বিফলতা,পৰিশ্ৰম আৰু বাধা নেওচি আগবাঢ়িবলগীয়া হৈছে জিয়া। এই যাত্ৰা পথ সংঘাতময় হলেও জিয়াৰ মতে শ্ৰদ্ধা আৰু নিষ্ঠাৰে যিকোনো কৰ্ম কৰিলে সফলতা অনিবাৰ্য।