“বট ষ্ট’ৰ” বিলাকেই নতুন যুগৰ “এপ ষ্ট’ৰ” হ’বগৈ নেকি?

মূল- হৰ্ষিত মাল্যা

“বট ষ্ট’ৰ” বিলাকেই নতুন যুগৰ “এপ ষ্ট’ৰ” হ’বগৈ নেকি?

Thursday October 20, 2016,

3 min Read

অনেক নতুন আৰু প্ৰতিষ্ঠিত কোম্পানীয়ে আজিকালি নিজা ম'বাইল এপ ভিত্তিক কৌশলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে। তাৰে ভিতৰতে অনেকে প্ৰথমে মোবাইল আৰু কিছুমানে কেৱল এপ-ৰ যোগেদি ব্যৱসায় কৰিবলৈ লৈছে।মোবাইলে পৃথিৱীখন গ্ৰাস কৰি আনিছে আৰু ম'বাইল এপবিলাকেই হৈ পৰিছে বেছিভাগ ব্যৱসায় আৰু গ্ৰাহকৰ মাজৰ যোগাযোগৰ বিন্দু। অনেক নতুন আৰু প্ৰতিষ্ঠিত কোম্পানীয়ে আজিকালি নিজা মোবাইল এপ ভিত্তিক কৌশলৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ লৈছে। তাৰে ভিতৰতে অনেকে প্ৰথমে ম'বাইল আৰু কিছুমানে কেৱল এপ-ৰ যোগেদি ব্যৱসায় কৰিবলৈ লৈছে।

টীমচ্যাট (Teamchat) হৈছে এক এন্টাৰপ্ৰাইজ মেছেজিং আৰু বিজনেছ চ্যাট এপ্লিকেশ্যন যিয়ে টীমবিলাকক তেওঁলোকৰ প্ৰতিষ্ঠানৰ সতে অধিক ভালকৈ যোগাযোগ কৰিবলৈ সহায় কৰে। YourStory ৰ টেকস্পাৰ্ক 2015 ত টীমচ্যাটৰ ইঞ্জিনীয়াৰিং ডিভিজনৰ ভাইচ-প্ৰেছিডেন্ট কুণাল পাটকেই কি দৰে মেছেজিং আজিৰ দিনৰ নতুন “User Interface (UI)” হৈ পৰিছে- সেইবিষয়ে বক্তৃতা প্ৰদান কৰে। সেই বক্তৃতাৰ কিছু অংশ ইয়াত উদ্ধৃত কৰি দিয়া হৈছে:

image


এপ ষ্ট’ৰবিলাকত মেছেজিং এপবিলাকৰে ৰাজত্ব চলিছে

কুণালে এনেদৰে আৰম্ভ কৰে- “প্লে-ষ্ট’ৰবিলাকত (Android and iOS) আটাইতকৈ জনপ্ৰিয় এপসমূহ হৈছে মেছেজিং এপসমূহ। প্লে-ষ্ট’ৰৰ প্ৰতি দহটা এপৰ ভিতৰতে ছটাই হয় সম্পূৰ্ণ মেছেজিং এপ নাইবা তাত মেছেজিঙৰ কিছু উপাদান পোৱা যায়।”

মেছেজিং এপসমূহে ব্যৱহাৰকাৰীৰ মানসিক শক্তিৰ এক বৃহত্‍ অংশ নিত্য ব্যৱহাৰ নাইবা প্ৰতিবাৰতে খৰচ কৰা সময়ৰ ৰূপত কাঢ়ি লয়। কম্যুনিকেশ্যনৰ ক্ষেত্ৰত অন্য এক লক্ষণীয় পৰিবৰ্তন এই যে গাঁঠনিৰ ধৰণ সলনি হৈছে। মেইনফ্ৰেম আৰু মিনি কম্পিউটাৰৰ পৰা পি.চি. আৰু লেপটপলৈ, আৰু বৰ্তমান স্মাৰ্টফোনলৈ পৃথিৱীখন আগবাঢ়ি গৈছে। ব্যৱহাৰকৰ্তা সকলো কালক্ৰমত পৰিবৰ্তন হৈছে। আগতে কেৱল হাই-টেক ব্যৱহাৰকাৰীৰ তুলনাত আজি প্ৰযুক্তিৰ বিষয়ে জনা আৰু নজনা উভয় ধৰণৰ লোকেই এই গেজেটবোৰ ব্যৱহাৰ কৰে।

প্ৰতিমান বিস্থাপন (Paradigm Shift)

কোম্পানীবিলাকে গ্ৰাহকৰ এন্ট্ৰি পইন্টত নিয়ন্ত্ৰণ লাভ কৰিবলৈ হেতা-ওপৰা লগাইছে। বৰ্তমান সময়ত আমি এনে ৰূপান্তৰৰ মাজেদি যাত্ৰা কৰিছোঁ, য’ত অপাৰেটিং চিষ্টেমৰ পৰা Search Engine, আৰু তাৰ পৰা এপ ষ্ট’ৰবিলাকলৈ ক্ৰমান্বয়ে নিয়ন্ত্ৰণৰ শক্তি গুচি যাবলৈ ধৰিছে। ই নতুন প্ৰত্যাহবান কিছুমানৰ সৃষ্টি কৰে; তাৰে আটাইতকৈ ডাঙৰটো হৈছে “App overload”. কোনো ব্যক্তিয়েই নিজৰ ফোনত অত্যধিক এপ ৰাখিব নোখোজে- বিশেষকৈ যেতিয়া সেই এপবিলাক দৈনন্দিন ব্যৱহাৰ কৰা নহয়।

এই সমস্যাৰ সমাধান কৰিবলৈ অনেক জনপ্ৰিয় মেছেজিং এপসমূহে আজিকালি “এপৰ ভিতৰতে এপ” (app within an app) পন্থা অৱলম্বন কৰিবলৈ লৈছে যাতে ব্যৱহাৰকাৰী সকলক অধিক স্বজ্ঞালব্ধ সমাধান প্ৰদান কৰিব পাৰে। কাকাওট’ক, উইচ্যাট আৰু লাইন হৈছে এই দৰ্শনৰ উত্তম উদাহৰণ। এইবিলাকে নিজকে কেৱল মেছেজিঙতে সীমাবদ্ধ কৰি নাৰাখি পে’মেন্ট, কমাৰ্ছ, কেব বুকিং আদি সুবিধাও প্ৰদান কৰিবলৈ লৈছে।

বট ষ্ট’ৰসমূহ- নতুন এপ ষ্ট’ৰ নেকি?

টীমচ্যাটে বিশ্বাস কৰে যে “বট ষ্ট’ৰ”বিলাকেই (Bot Stores) হৈছে ভৱিষ্যত্‍- য’ত ব্যৱহাৰকাৰীয়ে কোনো নিজৰ স্মাৰ্টফোনবিলাকত ডাউনলোডিং অথবা এপ ইনষ্টলিঙৰ বিষয়ে কোনো চিন্তা কৰিবইে নালাগে। বৰঞ্চ এইবিলাকে গ্ৰাহকৰ প্ৰয়োজন পূৰ্ণ কৰিবৰ বাবে বিশেষ কিছুমান বট যেনে “ৱৰ্ল্ড নিউজ বট”. “Weather Bot”, “EMI গণনাকাৰী বট” আদিতহে অধিক নিৰ্ভৰশীল হ’ব। এই ঊদ্দেশ্য সাধনৰ বাবে এওঁলোকে বৰ্তমান “Bot SDKs” ৰ অধিগম্যতা থকা ডেভেল’পাৰ প্ৰদান কৰে।

টীমচ্যাট বৰ্তমান পৃথিৱী জুৰি 2000তকৈও অধিক সংস্থাই ব্যৱহাৰ কৰে। টীমচ্যাটে বিশ্বাস কৰে যে স্মাৰ্ট মেছেজিঙে সাধাৰণ মেছেজিং ব্যৱস্থাকেই সলনি কৰি পেলাব- কিয়নো ইয়াত অনেক সুবিধা আছে। তেওঁলোকৰ প্লেটফৰ্মৰ যোগেদি তেওঁলোকে পুঁজিকৃত কৰি বিশৃংখলা হ্ৰাস কৰিব খোজে আৰু মেছেজিঙৰ পৰিবেশ অধিক সুবিধাময়্ তথা সহজ কৰি তুলিব খোজে। ছিলিকন ভেলীত মূখ্য কাৰ্যালয় থকা টীমচ্যাটৰ পিতৃসদৃশ কোম্পানী হৈছে- WEBAROO. GupShup বুলি অন্য এক প্ৰডাক্টৰ যোগেদি এন্টাৰপ্ৰাইজসমূহে নিজৰ গ্ৰাহকসকলক SMS, Voice অথবা Data Channelৰ যোগেদি বাৰ্তা প্ৰেৰণ কৰিব পাৰে।

ৱেবচাইট: Teamchat

টেকস্পাৰ্ক ২০১৫ ৰ স্পনছ’ৰ বিলাকৰ বাবে এজাউৰি হাতচাপৰি- ছেকীয়া কেপিটেল, আই চি আই চি আই বেংক, মানি অন মবাইল, মাইক্ৰচফট, ছিগনেল হিল, আই বি এম ব্লুমিক্স, পি ডব্লিউ চি, এটম টেক, টীমচেট, কৰ্ণাটক চৰকাৰ, ইনটেল, ৰেবলাৰ, ডেইলীহান্ট, ৰেভেৰি, লজিনেক্স্ট আৰু পেইুবিজ; পাৰ্টনাৰসকল- ডাফ এণ্ড ফেল্পছ, টেক্সমন্ত্ৰা, ডাইনআউট, এক্স’টেল, ৩৬০ৰাইড, য়োগা বাৰ, চয় পইণ্ট, জি ডব্লিউচি আৰু মীডিয়া পাৰ্টনাৰসকল- টিভি নাইন, ফৰচুন ইন্ডিয়া, ৰেড এফ এম আৰু ডেক্কান হেৰল্ড।