ভাৰতৰ আটাইতকৈ ক্ষমতাশালী বেংকাৰ সকল:

ভাৰতৰ আটাইতকৈ ক্ষমতাশালী বেংকাৰ সকল:

Monday November 09, 2015,

6 min Read

নাৰীসকলে ভাৰতীয় বেংকিং খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। সঁচা কথা কবলৈ গ’লে বৃহৎ সংখ্যক মহিলা বেংকিং খণ্ডৰ গুৰুত্বপূৰ্ণ পদবীত আছে আৰু বহুত নাৰীয়ে মুখ্য কাৰ্যবাহী বিষয়াৰ আসনো অলংকৃত কৰিছে।ভাৰতৰ বৃহত্তম বেংকটো (সম্পত্তিৰ জোখেৰে) এগৰাকী নাৰীয়ে পৰিচালনা কৰে। ইয়াত আমি ভাৰতৰ আটাইতকৈ ক্ষমতাবান মহিলা বেংকাৰ সকলৰ তালিকা দিছো। যিসকলে দেশৰ বেংকিং খণ্ডৰ নীতি নিৰ্ধাৰণ কৰাৰ উপৰিও ভাৰতৰ ভৱিষ্যত নিৰ্মাণত গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।

অৰুন্ধতী ভট্টাচাৰ্য্য, অধ্যক্ষা, ষ্টেট বেংক অব ইণ্ডিয়া:

image


অৰুন্ধতী ভট্টাচাৰ্য্য সম্পদৰ দিশৰ পৰা দেশৰ সৰ্ববৃহৎ বেংকটোৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা। ১৯৭৭ চনত অৰুন্ধতীয়ে এগৰাকী প্ৰবেশ্যনেৰী বিষয়া ৰূপে ষ্টেট বেংক অব ইণ্ডিয়াত যোগদান কৰিছিল। ৩৬ বছৰীয়া কেৰিয়াৰত তেওঁ বেংকটোৰ মাৰ্চেন্ট বেংকিং গোট এছ. বি. আই. কেপিটেল মাৰ্কেটজৰ মুখ্য কাৰ্যবাহীৰ দৰে বহু গুৰুত্বপূৰ্ণ দায়িত্বৰ উপৰি বহু নতুন প্ৰকল্পৰ মুখ্য মহা প্ৰৱন্ধকৰ দায়িত্ব পালন কৰিছে। তেওঁ ষ্টেট বেংকৰ নিউয়ৰ্ক শাখাতো সেৱা আগবঢ়াইছে। ষ্টেট বেংকে আৰম্ভ কৰা কেইবাটাও নতুন ব্যৱসায় যেনে- এছ. বি. আই. জেনেৰেল ইঞ্চুৰেন্স, এছ. বি. আই. কাষ্ট’ডিয়েল ছাৰ্ভিছেজ আৰু এছ. বি. আই. মেককুৱেৰী ইনফ্ৰাষ্ট্ৰাকচাৰ খণ্ডৰ সৈতে তেওঁ সক্ৰিয় ভাৱে জড়িত আছিল। অধ্যক্ষা হোৱাৰ পূৰ্বে তেওঁ বেংকটোৰ পৰিচালন সঞ্চালক আৰু মুখ্য বিত্ত বিষয়াৰ দায়িত্বত আছিল।

চন্দা কোচ্চাৰ, পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহী বিষয়া, আই.চি.আই.চি.আই. বেংক লিমিটেড:

image


দেশৰ দ্বিতীয় বৃহত্তম আৰু ব্যক্তিগত খণ্ডৰ বৃহত্তম বেংকৰ মুৰব্বী চন্দা কোচ্চাৰ ভাৰতৰ ৰিটেল বেংকিং খণ্ডক গঢ় দিয়াত গ্ৰহণ কৰা ভূমিকা আৰু ICICI গ্ৰুপক প্ৰদান কৰা নেতৃত্বৰ উপৰিও বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফ'ৰামলৈ আগবঢ়োৱা বৰঙণিৰ বাবে সৰ্বজনস্বীকৃত।

চন্দা কোচ্চাৰে ১৯৯৪ চনত পূৰ্বৰ ICICI লিমিটেডৰ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু ২০০১ চনত তেওঁ ICICI বেঙ্কৰ সঞ্চালক মণ্ডলীৰ সদস্য ৰূপে নিৰ্বাচিত হয়। ১৯৯০ৰ দশকত ICICI বেঙ্ক প্ৰতিষ্ঠানত তেওঁ অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আৰু ICICI লিমিটেডৰ আন্তঃগাঠনি বিনিয়োগ আৰু কৰ্প’ৰেট বেংকিং ব্যৱসায়ৰ নেতৃত্ব দিছিল। ২০০০ চনত তেওঁ দেশত চালুকিয়া ৰিটেল (খুছুৰা) বেংকিং খণ্ড নিৰ্মাণৰ প্ৰত্যাহ্বান গ্ৰহণ কৰে। ইয়াৰ বাবে তেওঁ প্ৰযুক্তি, উদ্ভাৱন, প্ৰচেছ ৰিইঞ্চিনীয়াৰিং আৰু বিতৰণ তথা বিস্তাৰৰ বিশালতাৰ ওপৰত বিশেষ ভাৱে মনোনিবেশ কৰে। শীঘ্ৰেই বেংকটোৱে এইক্ষেত্ৰত নেতৃত্বৰ স্থান অৰ্জন কৰিবলৈ সক্ষম হয়।

২০০৬-০৭ চনৰ সময়ছোৱাত ভাৰতীয় কোম্পানীসমূহৰ কাম-কাজ তুংগত উঠাৰ লগতে বিশ্বজোৰা সম্প্ৰসাৰণৰ, কালচোৱাত তেওঁ বেংকটোৰ কৰ্প’ৰেট আৰু আন্তঃৰ্জাতিক বেংকিং ব্যৱসায়ক সফলতাৰে নেতৃত্ব দিছিল। ২০০৭ চনৰ পৰা ২০০৯ চনলৈ, বিশ্বজোৰা বিত্তীয় প্ৰেক্ষাপটৰ ব্যপক পৰিৱৰ্ত্তন হোৱাৰ এক জটিল সময়ত তেওঁ বেংকটোৰ যুটীয়া পৰিচালন সঞ্চালক আৰু মুখ্য বিত্ত বিষয়াৰ দায়িত্ব পালন কৰিছিল। ২০০৯ চনত তেওঁক ICICI বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক ৰূপে পদোন্নতি দিয়া হয় আৰু দেশ তথা বিদেশত বেংকৰ বিভিন্ন কামকাজৰ তত্বাৱধানৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত কৰা হয়। বেংকে অৰ্থ সাহাৰ্য্য আগবঢ়োৱা মুখ্য সংস্থা সমূহৰ ব’ৰ্ডতো, যাৰ ভিতৰত ভাৰতৰ ব্যক্তিগত খণ্ডৰ বৃহত্তম জীৱন আৰু সাধাৰণ বীমা কোম্পানীও আছে, তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰে।

ICICI বেংকত তেওঁৰ দায়িত্বৰ ওপৰি, চন্দা কোচ্চাৰ প্ৰধান মন্ত্ৰী উদ্যোগ আৰু বানিজ্য পৰিষদ, বানিজ্য ব’ৰ্ড, আন্তঃগাঠনি বিনিয়োগৰ উচ্চ পৰ্য্যায়ৰ সমিতি, ভাৰত-আমেৰিকা CEO ফৰাম আৰু ভাৰত-ব্ৰিটেইন CEO ফ’ৰামৰো সদস্যা। তেওঁ ইণ্ডিয়ান কাউন্সিল ফৰ ৰিছাৰ্ছ অন ইন্টাৰনেচনেল ইক’নমিক ৰিলেচনছ, নেচনেল ইষ্টিটিউট অৱ ছিকিউৰিটীজ মাৰ্কেটজ, ইনষ্টিটীউট অৱ ইন্টাৰনেচনেল ফাইনেন্স আৰু ইন্টাৰনেচনেল মানিটেৰী কনফাৰেন্স ব’ৰ্ডৰ সদস্য। ২০১১ চনত তেওঁ বিশ্ব বানিজ্যিক ফৰামৰ বাৰ্ষিক সভাৰ সহ-অধ্যক্ষতাও কৰিছিল। ২০১১ চনত তেওঁক দেশৰ অন্যতম সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম ভূষনেৰে সন্মানিত কৰা হয়।

নেইনালাল কিডৱাই, গ্ৰুপ জেনেৰেল মেনেজাৰ, কান্ট্ৰী হেড, HSBC ইণ্ডিয়া:

image


নেইনালাল কিডৱাই HSBC বেংকৰ কান্ট্ৰীহেড আৰু ব’ৰ্ডৰ কাৰ্যবাহী সঞ্চালক।হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ MBA নেইনাই তেওঁৰ নেতৃত্ব আৰু ব্যৱসায়িক দক্ষতাৰ বাবে বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানীত হৈছে। ফৰুচন আলোচনীৰ ব্যৱসায়ৰ ক্ষেত্ৰত শীৰ্ষস্থানীয় নাৰীৰ বিশ্বজোৰা তালিকা, বাল ষ্ট্ৰীট্ জাৰ্নেল আৰু ফাইনেন্সিয়েল টাইমচৰ লক্ষ্য ৰাখিবলগীয়া নাৰীৰ বিশ্বজোৰা তালিকাত উপৰ্যুপৰি স্থান লাভ কৰাৰ উপৰি নেইনাই ২০০২ চনত টাইম আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বক প্ৰভাৱান্বিত কৰা ১৫ গৰাকী ব্যক্তিৰ তালিকাতো স্থান লাভ কৰিছে।

উদ্যোগ আৰু বাণিজ্যৰ ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে নেইনাক ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটাৰে সন্মানীত কৰিছে। আন্তৰ্জাতিক ক্ষেত্ৰত তেওঁৰ কাম-কাজৰ ভিতৰত আছে- নেছলে দক্ষিণ আফ্ৰিকাৰ ব’ৰ্ডৰ অনা কাৰ্যবাহী সঞ্চালক, লণ্ডনত ভাৰত উপদেষ্টা পৰিষদৰ অধ্যক্ষ, হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ গ্ল’ৱেল উপদেষ্টা আৰু ভাৰতীয় উপদেষ্টা পৰিষদৰ অধ্যক্ষ। নেইনাক আকৰ্ষণ কৰা বিষয়সমূহ হ’ল- ক্ষুদ্ৰ ঋণ, পাৰিপাৰ্শ্বিকতা আৰু গ্ৰামাঞ্চলৰ মহিলাৰ বাবে জীৱিকাৰ সৃষ্টি কৰা। তেওঁ FICCI ৰ অধ্যক্ষৰ দায়িত্বতো আছে।

ৰেণু ছুড কাৰ্ণাড, পৰিচালন সঞ্চালক HDFC (গৃহ উন্নয়ন বিত্ত নিগম):

image


ৰেণু ছুড কাৰ্ণাড গৃহ উন্নয়ন বিত্ত নিগমৰ পৰিচালন সঞ্চালক। দিল্লী বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতকোত্তৰ ৰেণুৱে মুম্বাই বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰিছে। তেওঁ আমেৰিকাৰ পৰা প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ উড্ৰ উইলছন স্কুল অৱ ইন্টাৰনেচনেল এফেয়াৰ্ছৰ কৰ্মৰত পাৰৱিন ফেল’। ১৯৭৮ চনৰ পৰা নিগমত কৰ্মৰত কাৰ্নাডক ২০০০ চনত নিগমৰ কাৰ্য্যবাহী সঞ্চালক ৰূপে নিযোক্ত কৰা হয় আৰু ২০০৭ চনৰ অক্টোবৰত যুটীয়া পৰিচালন সঞ্চালকৰ পদবীত অধিষ্ঠিত কৰা হয়। ২০১০ চনৰ ০১ জানুৱাৰীৰ পৰা প্ৰযোজ্য হোৱাকৈ পাঁচ বছৰৰ বাবে তেওঁক পৰিচালন সঞ্চালকৰ পদবীত নিযুক্ত কৰা হয়। তেওঁৰ নিগমৰ অভিযান, মানৱ সম্পদ আৰু যোগাযোগৰ দায়িত্বত আছে। ৱাল স্ট্ৰীট জাৰ্ণেলে যুগুত কৰা এছিয়াৰ দৃষ্টি ৰাখিবলগীয়া দহ গৰাকী নাৰীৰ তালিকাত ৰেণুক স্থান দিয়া হৈছে।

শিখা শৰ্মা, পৰিচালন সঞ্চালক ও মুখ্য কাৰ্যবাহী, এক্সিছ বেংকঃ

image


২০০৯ চনৰ পৰা শিখা শৰ্মাই এক্সিছ বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু পৰিচালন সঞ্চালক ৰূপে কাৰ্য্য নিৰ্বাহ কৰি আছে। ICICI বেংকত কেৰিয়াৰ আৰম্ভ কৰা শিখাই প্ৰকল্পলৈ বিত্ত যোগান, ৰিটেল বেংকিং আৰু ইনভেষ্টমেন বেংকিঙৰ দৰে বিভিন্ন ক্ষেত্ৰত কাম কৰিছে।এক্সিছ বেংকলৈ অহাৰ পূৰ্বে তেওঁ দেশৰ ভিতৰতে আগশাৰীৰ ব্যক্তিগত খণ্ডৰ জীৱন বীমা কোম্পানী ICICI প্ৰুডেন্সিয়েল লাইফ ইন্সউৰেন্স কোম্পানীৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্য্যবাহীৰ দায়িত্বত আছিল। তেওঁৰ কৃতিত্বৰ বাবে শিখাই অসংখ্য স্বীকৃতি লাভ কৰিছে। ব্যৱসায়িক ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে তেওঁ লাভ কৰা বঁটাসমূহৰ ভিতৰত আছে ২০১২ চনৰ AIMAৰ মেনেজিং ইণ্ডিয়া এৱাৰ্ডছৰ ‘ট্ৰেন্সফৰ্মেচনেল বিজনেছ লিভাৰ অৱ দ্যা ইয়েৰ’ বঁটা, ২০১২ ব্লুমবাৰ্গ ইউ টিভি বিত্তীয় নেতৃত্ব বঁটা। বছৰটোৰ নাৰী নেত্ৰী সন্মান আৰু ২০১৫ চনৰ ‘বিজনেছ ৱৰ্ল্ড’ৰ বেংকাৰ অৱ দ্যা ইয়েৰ বঁটা। ফ’বৰ্ছ আলোচনীয়ে ২০১২ চনত যুগুত কৰা এছিয়াৰ ৫০ গৰাকী শক্তিশালী নাৰী ব্যৱসায়ী, ২০১২ চনত ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ আটাইতকৈ ক্ষমতাবান ভাৰতী আৰু একেটা বছৰৰে ২৫ গৰাকী আটাইতকৈ ক্ষমতাবান নাৰীৰ তালিকাত শিখাই স্থান লাভ কৰিছে।

শুভলক্ষ্মী পানছে, অধ্যক্ষা ও পৰিচালন সঞ্চালক, এলাহাবাদ বেংকঃ

image


২০১২ চনৰ জানুৱাৰীত শুভলক্ষ্মী পানছেই এলাহাবাদ বেংকৰ মুখ্য পৰিচালন সঞ্চালকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ২০০৯ চনৰ নৱেম্বৰ মাহৰ পৰা তেওঁ বিজয়া বেংকৰ কাৰ্যবাহী সঞ্চালকৰ দায়িত্বত আছিল। তেওঁ বেংকটোৰ প’ৰ্টফলিঅ’ মেনেজমেন্টৰ উপৰি প্ৰশাসনিক আৰু ব্যৱসায়িক উন্নয়নৰ কাম-কাজ চোৱাচিতা কৰিছিল।পানছেই ১৯৭৬ চনত বেংক অৱ মহাৰাষ্ট্ৰত প্ৰবেশ্যনেৰী বিষয়া ৰূপে কৰ্মজীৱন আৰম্ভ কৰে। তাত কাম কৰি থাকোতেই তেওঁ বিভিন্ন পৰ্য্যায়ত আৰু বিভিন্ন স্থানত ঋণ মেনেজমেন্ট, পাওনা আদায়, কোষাগাৰ আৰু তথ্য প্ৰযুক্তি আদি বিভিন্ন ক্ষেত্ৰত কামকাজৰ সৈতে চিনাকী হোৱাৰ ওপৰিও বিশেষ দক্ষতা অৰ্জন কৰে। তেওঁ কৰ্নাটক, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰেলা, গোৱা আৰু পন্ডুচেৰীকলৈ গঠিত দক্ষিণ চক্ৰৰ মুৰব্বীৰ দায়িত্বতো আছিল। পানছেই পুনেৰ NIBM, হায়দাৰাবাদৰ ASCII আৰু JNIDBI, গুৰগাঁৱৰ MDI, মুম্বাইৰ BTCআৰু ৰিজাৰ্ভ বেংক, লণ্ডন আৰু পেৰিছৰ ইউৰ’পিয়ান স্কুল অৱ মেনেজমেন্ট, চুইজাৰলেণ্ডৰ বেছলেৰ বেংক অৱ ইন্টাৰনেচনেল ছেটলমেন্ট আৰু বাহৰেইনৰ MEFTEC আদি সন্মানীয় প্ৰতিষ্ঠানত বহু প্ৰশিক্ষণ আৰু পাঠ্যক্ৰমত অংশগ্ৰহণ কৰে।

বেংকিং খণ্ডলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ২০০০ চনত পুনে পৌৰ নিগমে তেওঁক সম্বৰ্দ্ধনা জনায়। তেওঁ লাভ কৰা বিভিন্ন সন্মানৰ ভিতৰত আছে। বিছিটেক্স ফাউণ্ডেচনৰ বছৰটোৰ বেংকাৰ বঁটা (২০০৫), বেংকিং খণ্ডত তথ্য প্ৰযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণিৰ বাবে উৰিশ্যাৰ ৰাজীৱ গান্ধী ফাউণ্ডেছনৰ ৰাজীৱ গান্ধী সম্ভাৱনা বঁটা (মে, ২০০৮), বেংকিং খণ্ডৰ তথ্য প্ৰযুক্তিৰ ব্যৱহাৰত আগবঢ়োৱা বৰঙণিৰ বাবে পুণেৰ MES ছ’চাইটিৰ নাৰী চেতনা বঁটা (জুন, ২০০৮) আৰু বেংকিং আৰু বিত্তীয় ক্ষেত্ৰত দেখুওৱা উৎকৰ্ষতাৰ বাবে সূৰ্য দত্ত ৰাষ্ট্ৰীয় বঁটা (২০১১)। পানছে এগৰাকী শক্তিশালী প্ৰশাসনীয় আৰু নেতৃত্বৰ দক্ষতাসম্পন্ন, নিজৰ দলক উদ্দিপ্ত কৰিব পৰাকৈ সমৰ্থ তথা বজাৰৰ প্ৰতি সংবেদনশীল বেংকাৰ।